ETV Bharat / entertainment

মুক্তিৰ ১২ দিনত দংগল, গদৰ ২ৰ অভিলেখ ভংগ কৰিলে এনিমেলে

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 12:08 PM IST

Animal Box Office Collection Day 12: বক্স অফিচত ঢৌ তুলিছে ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’এ । এই ছবিখনে এতিয়া মুক্তিৰ ১২ দিনত ৪৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।

Ranbir kapoors film Animal Box Office Collection Day 12
এনিমেল বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ: ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ ছবিগৃহত মুক্তি পোৱাৰ ১২ দিন হ’ল ৷ কিন্তু ছবিখনে বক্স অফিচত এতিয়াও অব্যাহত ৰাখিছে বাম্পাৰ উপাৰ্জন । অৱশ্যে দ্বিতীয় সোমবাৰৰ পৰা ছবিখনৰ উপাৰ্জন কিছু হ্ৰাস পাইছে । ইয়াৰ পিচতো কিন্তু বক্স অফিচত নিজৰ দৃঢ় দখল অক্ষুণ্ণ ৰাখিছে এনিমেলে । জানো আহক ৰণবীৰ কাপুৰৰ ছবিখনে মুক্তিৰ ১২ দিনলৈ কিমান কোটি টকা সংগ্ৰহ কৰিছে ৷

মুক্তিৰ ১২ দিনত ভাৰতত কিমান কোটি টকা আয় কৰিলে এনিমেলে ?

এনিমেলে বক্স অফিচত এক প্ৰকাৰে গৰ্জনৰ সৃষ্টি কৰিছে আৰু এতিয়াও ছবিখনৰ উন্মাদনা দৰ্শকৰ মাজত দেখা গৈছে । ইয়াৰ লগতে মুক্তিৰ ১২ দিনৰ পাচতো ছবিগৃহত এনিমেল চাবলৈ বিপুল জনসমাগম দেখা গৈছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ ১১ দিনত অৰ্থাৎ দ্বিতীয় সোমবাৰে ‘এনিমেল’এ ১৩.৮৫ কোটি টকা আয় কৰিছিল ।

এতিয়া ছবিখন মুক্তিৰ ১২ দিনৰ অৰ্থাৎ দ্বিতীয় মঙলবাৰৰ উপাৰ্জনৰ তথ্যও পোহৰলৈ আহিছে । Sacknilk ৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ ১২ দিনত ‘এনিমেল’এ ১৩ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ লগে লগে ১২ দিনত ‘এনিমেল’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৪৫৮.১২ কোটি টকা ।

এনিমেলে বিশ্বজুৰি কিমান কোটি টকা উপাৰ্জন কৰিছে ?

কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে এনিমেলে ঢৌ তুলিছে । ছবিখনৰ বিশ্বব্যাপী উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘এনিমেল’এ ১১ দিনত ৭৩৭.৯৮ কোটি টকা উপাৰ্জন কৰিছে । ৰণবীৰ কাপুৰৰ ছবিখনে মুক্তিৰ ১২ দিনত বিশ্বজুৰি ৭৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । অৱশ্যে ইয়াৰ প্ৰাৰম্ভিক তথ্য এতিয়াও পোহৰলৈ অহা নাই ৷

১২ দিনত আমিৰ-ছানীৰ ছবিৰ অভিলেখ ভংগ কৰিলে এনিমেলে

এনিমেলে বক্স অফিচত ঢৌ তুলাৰ লগতে বহু ছবিৰ অভিলেখো ভংগ কৰিছে । এতিয়া এই ছবিখনে মুক্তিৰ ১২ দিনত ১৩ কোটি টকা উপাৰ্জন কৰি ছানী দেওলৰ ‘গদৰ ২’ৰ পৰা আমিৰ খানৰ ‘দংগল’লৈকে অভিলেখ ভংগ কৰিছে ।

১২ দিনৰ এই ছবিবোৰৰ উপাৰ্জন এনেকুৱা আছিল

দ্বাদশ দিনত ‘এনিমেল’এ ১৩ কোটি টকা উপাৰ্জন কৰিছে

গদৰ ২ য়ে ১২ দিনত ১২.১ কোটি টকা উপাৰ্জন কৰিছিল

দ্বাদশ দিনত দংগলে উপাৰ্জন কৰিছিল ৯.৮১ কোটি

সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে অভিনেতা ৰণবীৰ কাপুৰ, ৰশ্মিকা মন্দন্না, ববি দেওল আৰু অনিল কাপুৰকে ধৰি বহু অভিনেতাই । এই ছবিখন ১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাইছিল ।

লগতে পঢ়ক: বক্স অফিচত অব্যাহত এনিমেলৰ দখল, মুক্তিৰ ১১ দিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.