ETV Bharat / entertainment

বক্স অফিচত অব্যাহত এনিমেলৰ দখল, মুক্তিৰ ১১ দিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:21 PM IST

Animal Box Office Collection Day 11: ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিখনে বক্স অফিচত নিজৰ দখল অব্যাহত ৰাখিছে ৷ মুক্তিৰ ১১ দিনত ছবিখনে কিমান উপাৰ্জন কৰিছে জানো আহক ।

Animal box office collection: Ranbir Kapoor starrer declines by over 65% in India, registers lowest haul yet
এনিমেল বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ : বক্স অফিচত গৰ্জন অব্যাহত আছে ৰণবীৰ কাপুৰৰ এনিমেলৰ । মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ঢৌ তুলি থকা এই ছবিখনে ইতিমধ্যেই বহু অভিলেখো ভংগ কৰিছে । দ্বিতীয় সপ্তাহত এই ছবিখনে ইতিহাস সৃষ্টি কৰাৰ লগতে দ্বিতীয় দেওবাৰে ‘এনিমেল’এ আনকি আমিৰ খানৰ ‘দংগল’ ছবিখনৰো অভিলেখ ভংগ কৰিছে । জানো আহক ৰণবীৰ কাপুৰৰ ছবিখনে মুক্তিৰ ১১ দিনত কিমান কোটি টকা উপাৰ্জন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুক্তিৰ ১১ দিনত কিমান উপাৰ্জন কৰিলে এনিমেলে ?

মুক্তিৰ পিচৰে পৰা বক্স অফিচত ৰণবীৰ কাপুৰৰ এনিমেলে অধিপত্য বিস্তাৰ কৰিছে আৰু এতিয়াও ছবিখনক লৈ অনুৰাগীৰ মাজত ব্যাপক উন্মাদনা দেখা পোৱা গৈছে । উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ প্ৰথম সপ্তাহতে ‘এনিমেল’এ ৩৩৭.৫৮ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় শুকুৰবাৰে ছবিখনে ২২.৯৫ কোটি টকা উপাৰ্জন কৰে । দ্বিতীয় শনিবাৰে ‘এনিমেল’এ ৩৪.৭৪ কোটি টকা আৰু দ্বিতীয় দেওবাৰে ছবিখনে ৩৬ কোটি টকা উপাৰ্জন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়া ছবিখনৰ মুক্তিৰ ১১ দিনৰ অৰ্থাৎ দ্বিতীয় সোমবাৰৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যা পোহৰলৈ আহিছে । সেকনিল্কৰ প্ৰাৰম্ভিক ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ভাৰতত ‘এনিমেল’এ মুক্তিৰ ১১ দিনত অৰ্থাৎ দ্বিতীয় সোমবাৰে ১৩ কোটি টকা উপাৰ্জন কৰিছে । এতিয়া ১১ দিনত ভাৰতত ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ৪৪৩.২৭ কোটি টকা ।

‘এনিমেল’এ বিশ্বজুৰি ৭২০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে

মুক্তিৰ ১১ দিনত ঘৰুৱা বজাৰত ৪৪০ কোটিৰো অধিক ধন উপাৰ্জন কৰা ছবিখনে এতিয়া ৪৫০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিবলৈ ইঞ্চিমান দূৰত আছে । ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহৰ কথা ক’বলৈ গ’লে মুক্তিৰ ১০ দিনত বিশ্বজুৰি ৭১৭.৪৬ কোটি টকা আয় কৰিছে । ইফালে একাদশ দিনত ছবিখনে বিশ্বজুৰি ৭৩০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছে ।

ছবিখনৰ ষ্টাৰ কাষ্টৰ কথা ক’বলৈ গ’লে ৰণবীৰ কাপুৰৰ বাহিৰেও ৰশ্মিকা মন্দান্না, ববি দেওল, অনিল কাপুৰ আৰু তৃপ্তি ডিমৰীয়ে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই ।

লগতে পঢ়ক: বক্স অফিচত কাছৰ গতিত আগবাঢ়িছে ছেম বাহাদুৰৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.