ETV Bharat / entertainment

Kangana Ranaut: মুখ্যমন্ত্ৰী যোগীয়ে চাব কংগনা ৰানাৱটৰ তেজস, ক’ত আৰু কেতিয়া চাব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:58 AM IST

প্ৰতিৰক্ষা মন্ত্ৰী তথা বায়ুসেনা বিষয়াৰ পিচত এতিয়া ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও চাব কংগনা ৰানাৱটৰ ছবি ‘তেজস’ । লক্ষ্ণৌত কংগনাৰ চিনেমাখনৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে ।

Uttar Pradesh CM Yogi Adityanath to watch Kangana Ranaut Tejas
যোগী আদিত্যনাথ চাব তেজস

চিটাৰা ডেস্ক, 31 অক্টোবৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছে বলীউডৰ কুইন কংগনা ৰানাৱটৰ ছবি ‘তেজস’ ৷ কিন্তু ছবিখন মুক্তিৰ চাৰিদিনতে বক্স অফিচত ধৰাশায়ী হৈছে ৷ এক প্ৰকাৰে যেন ছবিখন ছবিগৃহত চোৱাৰ পৰা নাকচ কৰিছে দৰ্শকে ৷ যাৰ বাবে ছবিখন ছবিগৃহত চাবলৈ শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰি আহ্বান জনাইছিল অভিনেত্ৰীগৰাকীয়ে ৷ কিন্তু অভিনেত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদিলে দৰ্শকে ৷ এতিয়া ইয়াৰ মাজতে তেজস ছবিখন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীয়ে চাব বুলি খবৰ পোৱা গৈছে ৷

দৰাচলতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে কংগনা ৰানাৱটৰ ছবি ‘তেজস’ৰ বিশেষ দৰ্শনীত অংশগ্ৰহণ কৰিব । লক্ষ্ণৌৰ লোক ভৱন প্ৰেক্ষাগৃহত আয়োজন কৰা হ’ব কংগনাৰ ছবিখনৰ বিশেষ প্ৰদৰ্শনী । এই বিশেষ প্ৰদৰ্শনীত উপস্থিত থাকিব কংগনা ৰানাৱট ।

যোগী আদিত্যনাথে চাব তেজস

এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখন মুক্তি পোৱাৰ পূৰ্বে কংগনাই দিল্লীৰ ভাৰতীয় বায়ুসেনাৰ প্ৰেক্ষাগৃহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বায়ুসেনাৰ বিষয়াসকলৰ বাবে ছবিখনৰ বিশেষ প্ৰদৰ্শন আয়োজন কৰিছিল । এতিয়া লক্ষ্ণৌৰ লোক ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ছবিখনৰ বিশেষ প্ৰদৰ্শনী । য’ত ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব আৰু চাব কংগনা ৰানাৱটৰ ছবি তেজস ।

ছবিখনৰ বিষয়ে

এই ছবিখন বায়ুসেনাৰ পাইলট তেজস গিলৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে, এই ছবিখনৰ উদ্দেশ্য হৈছে প্ৰতিগৰাকী দেশবাসীক অনুপ্ৰাণিত কৰা । ভাৰতীয় বায়ুসেনাৰ পাইলটসকলে দেশখনৰ সুৰক্ষাৰ বাবে কেনেদৰে কঠোৰ পৰিশ্ৰম কৰে আৰু বহু ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় সেয়া ছবিখনত দেখুওৱা হৈছে । সৰ্বেশ মেৱাদাৰৰ লেখা আৰু পৰিচালনাত আৰু ৰনি স্ক্ৰুভালাৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন ২০২৩ চনৰ ২৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিছে ।

লগতে পঢ়ক: Tejas Box Office Collection: বক্স অফিচত সামান্য টকাও উপাৰ্জন কৰিব নোৱাৰিলে কংগনাৰ তেজস ছবিখনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.