ETV Bharat / entertainment

Urvashi Rautela: 'ধন্যবাদ উৰ্বশী ইয়াত নাই' বুলি লিখা প্লেকাৰ্ডৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ উৰ্বশী ৰৌতেলাৰ

author img

By

Published : Apr 6, 2023, 1:20 PM IST

Urvashi Rautela asks Why to Thank God Urvashi is not here placard after Rishabh Pants appearance at IPL match
উৰ্বশী ৰৌতেলাই এগৰাকী মহিলাৰ হাতত এখন প্লেকাৰ্ড লৈ থকা ফটো শ্বেয়াৰ কৰিছে

শেহতীয়াকৈ উৰ্বশী ৰৌতেলাই এগৰাকী মহিলাৰ হাতত এখন প্লেকাৰ্ড লৈ থকা ফটো শ্বেয়াৰ কৰিছে (Urvashi Rautela) ৷ পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছিল কিয় ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 6 এপ্ৰিল: বিতৰ্কৰ যেন অন্য এক নাম হৈ পৰিছে বলিউডৰ অভিনেত্ৰী তথা মডেল উৰ্ৱশী ৰৌতেলা ৷ প্ৰায়ে সামাজিক মাধ্যমত নিজৰ পোষ্টক লৈ ট্ৰ’লৰ সন্মুখীন হ’ব লগা হয় অভিনেত্ৰীগৰাকী ৷ ক্ৰিকেটাৰ ঋষভ পণ্টৰ প্ৰতি থকা প্ৰেমৰ বাবেই প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’বলগীয়া হয় ৷ কিয়নো ছ’চিয়েল মিডিয়াত উৰ্ৱশীয়ে ঋষভ পণ্টৰ নাম নোলোৱাকৈয়ে বহু পোষ্ট শ্বেয়াৰ কৰা দেখা যায় ৷ আনকি পন্টৰ প্ৰতি থকা প্ৰেমৰ বাবেই বহু সময়ত ক্ৰিকেট ষ্টেডিয়ামতো উপস্থিত হোৱা দেখা যায় উৰ্ৱশীক (Actor Urvashi Rautela) ৷

ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত থকাৰ বাবে সঘনাই ট্ৰ’লৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী ৷ সাধাৰণতে যেতিয়া ঋষভ পণ্টে ভাৰতীয় দল বা আই পি এল দলৰ হৈ খেলে তেতিয়া ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত থাকে অভিনেত্ৰীগৰাকী । কিন্তু এইবাৰ ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত নথকাৰ বাবেই ট্ৰ’লৰ সন্মুখীন হ’ল অভিনেত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ উৰ্ৱশীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট ৷ পোষ্টটোক এগৰাকী মহিলাক হাতত এখন প্লেকাৰ্ড লৈ থকা দেখা গ’ল (Urvashi Rautela reacted to placard) ৷

উৰ্বশীয়ে শেহতীয়াকৈ আই পি এলৰ এখন মেচত অংশগ্ৰহণ কৰা এগৰাকী মহিলাৰ প্লেকাৰ্ডৰ ফটো পোষ্ট কৰিছে । শেহতীয়াকৈ সংঘটিত দুৰ্ঘটনাৰ পিচত সুস্থ হৈ উঠা ক্ৰিকেটাৰগৰাকীয়ে নিজৰ দল দিল্লী কেপিটেলছক সমৰ্থন কৰিবলৈ আই পি এলৰ এখন খেলত উপস্থিত হৈছিল (Rishabh Pant at IPL match) । ক্ৰিকেট ষ্টেডিয়ামত ক্ৰিকেটাৰগৰাকীৰ এগৰাকী সমৰ্থকে হাতত এখন প্লেকাৰ্ড লৈ ৰখি আছিল ৷ প্লেকাৰ্ডখনত লিখা আছিল," ধন্যবাদ উৰ্বশী ইয়াত নাই ”। নিজৰ ইনষ্টাগ্ৰামত উৰ্বশীয়ে অনুৰাগীৰ এই প্লেকাৰ্ডখনৰ ফটো পোষ্ট কৰি কেপচনত লিখিছে, “কিয় ?”

অভিনেত্ৰীগৰাকীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কমেণ্ট ছেকচনত বিভিন্ন কমেন্ট কৰা দেখা যায় (Urvashi Rautela troll) ৷ আনকি কিছুমান ব্যৱহাৰকাৰীয়ে অভিনেত্ৰীগৰাকী মনোযোগ বিচৰা বুলি উল্লেখ কৰি উপহাস কৰিছিল । অৱশ্যে বহু অনুৰাগীয়ে উৰ্বশীৰ পক্ষ লয়, অভিনেত্ৰীগৰাকীয়ে বিভিন্ন ধৰণে দেশক প্ৰতিনিধিত্ব কৰি ভাৰতক গৌৰৱান্বিত কৰিছে বুলিও উল্লেখ কৰে । এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "এইটো ভাল নহয় যদি ঋষভ পণ্টে ভাৰত প্ৰতিনিধিত্ব কৰি আছে তেন্তে উৰ্বশীও কোনো গুণে কম নহয়, উৰ্বশীও ভাৰত প্ৰাইড, এনেই মিছ ৱল্ড এনেই হোৱা নাই ৷ "

লগতে পঢ়ক: Adipurush Poster controversy : আদিপুৰুষৰ নতুন পোষ্টাৰক লৈ ডাঙৰ বিতৰ্ক, গোচৰ ৰুজু আৰক্ষী থানাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.