ETV Bharat / entertainment

জনপ্ৰিয় ভাৰতীয় চেলিব্ৰিটিৰ তালিকাত শীৰ্ষস্থান দখল ভাবি 2 ওৰফে তৃপ্তি ডিমৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 3:50 PM IST

IMDB Most Popular Indian Celeb List : এনিমেল মুক্তিৰ পিচৰে পৰা লাইমলাইটলৈ আহে তৃপ্তি ডিমৰী । আইএমডিবিৰ মষ্ট পপুলাৰ ইণ্ডিয়ান চেলেবছৰ তালিকাত এতিয়া শীৰ্ষত আছে ৰাষ্ট্ৰীয় ছেনছেশ্যনলৈ পৰিণত হোৱা তৃপ্তি ।

Tripti Dimri tops IMDb's Popular Indian Celebrities chart, Sandeep Reddy Vanga follows
আইএমডিবিৰ মষ্ট পপুলাৰ ইণ্ডিয়ান চেলেবছৰ তালিকা প্ৰকাশ

চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ: ‘এনিমেল’ৰ সফলতাৰ পিচতে নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছে অভিনেত্ৰী তৃপ্তি ডিমৰীৰ ভাগ্য । এই ছবিখন মুক্তি পোৱাৰ পিচৰে পৰা তৃপ্তি ডিমৰী ৰাষ্ট্ৰীয় ছেনছেশ্যনলৈ পৰিণত হৈছে । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ অন্তৰংগ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ছবিখনত ৰণবীৰৰ সৈতে তেওঁৰ অন্তৰংগ দৃশ্যৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াৰ সমান্তৰালকৈ ছবিখন ছবিগৃহত মুক্তি পোৱাৰ পৰাই তৃপ্তিয়ে দখল কৰি আহিছে বাতৰিৰ শিৰোনাম । ইয়াৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এক কৃতিত্ব অৰ্জন কৰিছে । আচলতে অভিনেত্ৰীগৰাকীয়ে আটাইতকৈ "জনপ্ৰিয় ভাৰতীয় চেলিব্ৰিটি"তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ।

ভাৰতৰ আটাইতকৈ জনপ্ৰিয় চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছে তৃপ্তি ডিমৰী

বুধবাৰে আইএমডিবিয়ে "পপুলাৰ ইণ্ডিয়ান চেলিব্ৰিটিছ ফিচাৰ"ৰ সাপ্তাহিক সংস্কৰণ মুকলি কৰিছে আৰু এই তালিকাৰ শীৰ্ষত আছে তৃপ্তি ডিমৰী । তেওঁৰ পিচত সন্দীপ ৰেড্ডী ভাংগা দ্বিতীয় স্থানত আছে, তালিকাত থকা আন চেলিব্ৰিটিসকলৰ ভিতৰত আছে দ্য আৰ্চিজৰ অভিনেত্ৰী সুহানা খান আৰু খুশী কাপুৰ, তেওঁলোকে লাভ কৰিছে ৭ আৰু ৮ ৰেটিং । পৰিচালক জোয়া আখতাৰ, ডাংকিৰ পৰিচালক ৰাজকুমাৰ হিৰানী আৰু যশৰো নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।

‘এনিমেল’ মুক্তিৰ পিচতে নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে তৃপ্তি ডিমৰী

‘এনিমেল’ত জোয়াৰ চৰিত্ৰত অভিনয় কৰাৰ পাচৰে পৰা যথেষ্ট জনপ্ৰিয় হৈ পৰে তৃপ্তি । আনকি ছবিখন মুক্তিৰ পিচতে অভিনেত্ৰীগৰাকীয়ে ২০ লাখ নতুন ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ লাভ কৰিছে । এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ডিচেম্বৰ মাহত তৃপ্তিৰ ফ’ল’ৱাৰৰ সংখ্যা ৩২০ শতাংশ বৃদ্ধি পাইছে । যোৱা মাহলৈকে অভিনেত্ৰীগৰাকীৰ ফ’ল’ৱাৰ আছিল মাত্ৰ ৬ লাখ, এতিয়া অভিনেত্ৰীগৰাকীৰ ফ’ল’ৱাৰ হৈছেগৈ ২৭ লাখ । আমোদজনক কথাটো হ’ল আলিয়া ভাট, নব্যা নন্দা, কুশা কপিলাকে ধৰি আন বহু জনপ্ৰিয় তাৰকাসকলেও তৃপ্তিক ফ’ল’ কৰিছে ইনষ্টাগ্ৰামত ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: ৰণবীৰ কাপুৰৰ পিচত এইবাৰ বিকি কৌশলৰ সৈতে ৰোমান্স কৰিব তৃপ্তি ডিমৰীয়ে, ভাইৰেল ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.