ETV Bharat / entertainment

ভাইজানৰ টাইগাৰ ৩ ছবিখনে এই পৰ্যন্ত কিমান সংগ্ৰহ কৰিলে ? জানি লওক এই প্ৰতিবেদনত

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 11:18 AM IST

Tiger 3 Box Office Collection Day 7: মুক্তি পালে ছলমান খান আৰু কেটৰিণা কাইফৰ চোৰাংচোৱা থ্ৰিলাৰ ছবি ‘টাইগাৰ ৩’ । জানি লওক টাইগাৰ ৩ ৰ এই পৰ্যন্ত সংগ্ৰহ কিমান হৈছে ?

Tiger 3 box office collection day 7: Salman Khan - Katrina Kaif starrer gains momentum on second Saturday
টাইগাৰ ৩ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 19 নৱেম্বৰ : দীপাৱলী উপলক্ষে মুক্তি লাভ কৰিছিল ছলমান খান আৰু কেটৰিণা কাইফৰ চোৰাংচোৱা থ্ৰিলাৰ ছবি ‘টাইগাৰ 3’ । মুক্তিৰ পিচৰে পৰা ছবিখনক লৈ দৰ্শকৰ মাজত ব্যাপক উন্মাদনা দেখা পোৱা গৈছে । মুক্তিৰ তৃতীয় দিনা 100 কোটি টকাৰ ক্লাৱত প্ৰৱেশ কৰিছিল টাইগাৰ 3 ছবিখন । একে সময়তে ষষ্ঠ দিনত ঘৰুৱা বক্স অফিচত 200 কোটি টকাৰ ক্লাৱত যোগদান কৰাৰ বিপৰীতে ছবিখনৰ বিশ্বব্যাপী উপাৰ্জন হয়গৈ ৩০০ কোটি টকা । এতিয়া ছবিখনৰ সপ্তম দিনৰ সংকলন প্ৰকাশ পাইছে ।

ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে ছলমান খান আৰু কেটৰিণা কাইফৰ ছবি টাইগাৰ 3 য়ে 13.44 কোটি টকাৰ ব্যৱসায় কৰে । এতিয়া ছবিখনৰ সপ্তম দিনৰ সংগ্ৰহো প্ৰকাশ পাইছে ৷ সপ্তম দিনত ছবিখনে 17 কোটি টকা সংগ্ৰহ কৰিব বুলি প্ৰকাশ পাইছে ।

এই পৰ্যন্ত ছবিখনে মুঠ কিমান সংগ্ৰহ কৰিলে ?

ষষ্ঠ দিনত ছবিখনৰ উপাৰ্জন কিছু হ্ৰাস পাইছিল যদিও সপ্তম দিনটোত ছবিখনে কিছু গতি লাভ কৰিছে । মুঠ সংগ্ৰহৰ কথা ক’বলৈ গ’লে কেৱল ভাৰততে ছবিখনে 217 কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ছবিখনৰ বিশ্বব্যাপী উপাৰ্জনৰ পৰিসংখ্যা 317 কোটি টকা হৈছেগৈ ।

300 কোটি টকাৰ ক্লাৱত যোগদান টাইগাৰ 3 ৰ

ছবিখনে 300 কোটি টকাৰ ক্লাৱত উপনীত হৈছে । এনে পৰিস্থিতিত ছবিখনত ব্যয় কৰা ধন অতি সহজতে উপাৰ্জন হৈ পৰিব । উল্লেখ্য যে ছবিখনৰ সফলতাৰ পিচত টাইগাৰ ৩ অৰ্থাৎ ছলমান খান, কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীয়ে শেহতীয়াকৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানটোত ভাইজানে জোয়া অৰ্থাৎ কেটৰিণা কাইফক তেওঁৰ টাইগাৰৰ ছিগনেছাৰ স্কাৰ্ফখন উপহাৰ দিয়ে ।

প্ৰথমবাৰৰ বাবে টাইগাৰ ফ্ৰেঞ্চাইজিত দেখা গ’ল ইমৰাণ হাছমীক

টাইগাৰ 3 ৰ কথা ক’বলৈ গ’লে এই ছবিখন টাইগাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবি আৰু YRF ৰ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি । টাইগাৰৰ দুয়োখন ছবিতে ছলমান আৰু কেটৰিণাক একেলগে দেখা গৈছিল । কিন্তু এইবাৰ ছবিখনৰ তৃতীয় পাৰ্টত ইমৰাণ হাছমীক প্ৰথমবাৰৰ বাবে খলনায়কৰ চৰিত্ৰত দেখা গৈছে ।

লগতে পঢ়ক: বক্স অফিচত কমি আহিছে টাইগাৰ ৩ৰ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.