ETV Bharat / entertainment

বক্স অফিচত কমি আহিছে টাইগাৰ ৩ৰ সংগ্ৰহ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:10 PM IST

ঘৰুৱা বক্স অফিচত ২ দিনত ১০০ কোটি টকা উপাৰ্জন কৰিছিল ‘টাইগাৰ ৩’ য়ে । কিন্তু এতিয়া ছবিখনৰ সংকলন লাহে লাহে কমি আহিছে ৷ এই পৰ্যন্ত ছবিখনে কিমান উপাৰ্জন কৰিছে জানি লওক ৷

Salman khans Tiger 3 Box Office Collection Day 5
টাইগাৰ ৩ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: ছলমান খান আৰু কেটৰিণা কাইফ অভিনীত ছবি ‘টাইগাৰ ৩’য়ে বক্স অফিচত বৃহৎ ধনৰে অপেনিং কৰিছিল । ১২ নৱেম্বৰত ছবিগৃহত মুক্তি পোৱা ছবিখন প্ৰথম চাৰিদিন বক্স অফিচত ভাল ধন সংগ্ৰহ কৰে যদিও পঞ্চম দিনলৈকে ইয়াৰ সংগ্ৰহ বেয়ালৈ গতি কৰে । ক’বলৈ গ’লে প্ৰথম দুদিনৰ পিচত ছবিখনৰ উপাৰ্জন প্ৰতিদিনে বহুগুণে কমি আহিছে ।

ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি পঞ্চম দিনা ‘টাইগাৰ ৩’ৰ উপাৰ্জন মাত্ৰ ৬.৯৪ কোটি টকা হ’ব । মুক্তিৰ প্ৰথম দিনাই ছবিখনে ৪৪.৫ কোটি টকাৰে বক্স অফিচত খাটা খুলিছিল । দ্বিতীয় দিনা ছবিখনে গতি লাভ কৰে আৰু সংগ্ৰহৰ মূল্য ৫৯ কোটি টকালৈ বৃদ্ধি পায় । কিন্তু তৃতীয় দিনা ছবিখনৰ উপাৰ্জন কিছু হ্ৰাস পায় আৰু ৪৪.৩ কোটি টকা উপাৰ্জন কৰে । চতুৰ্থ দিনা সংগ্ৰহ কেৱল ২১.১ কোটি টকাত সীমাবদ্ধ হৈ থাকে । ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ হ’বগৈ ১৭৬.০৯ কোটি টকা ৷

‘জৱান’ আৰু ‘গদৰ ২’ৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে টাইগাৰ 3 য়ে

ছলমান-কেটৰিণাৰ ছবিখনে মাত্ৰ দুদিনতে ঘৰুৱা বক্স অফিচত ১০০ কোটি টকা উপাৰ্জন কৰিছিল । কিন্তু লাহে লাহে ছবিখনৰ সংকলন হ্ৰাস পাবলৈ ধৰিছে আৰু ইয়াৰ পৰা ক’ব পাৰি যে ছবিখনে ‘জৱান’ বা ‘গদৰ ২’ৰ দৰে ছবিৰ অভিলেখ ভংগ কৰাত হয়তো ব্যৰ্থ হ’ব । উল্লেখ্য যে শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ মুক্তিৰ পঞ্চম দিনা ৩৯.১ কোটি টকাৰ ব্যৱসায় কৰিছিল । ছানী দেওলৰ ‘গদৰ ২’ ছবিখনেও ৫৫.৪ কোটি টকা উপাৰ্জন কৰিছিল ।

'টাইগাৰ ৩' ৰ বিষয়ে

যশ ৰাজ স্পাই ইউনিভাৰ্ছৰ বেনাৰত আৰু মনীষ শৰ্মাৰ পৰিচালনাত নিৰ্মিত চোৰাংচোৱা থ্ৰিলাৰ ছবি ‘টাইগাৰ ৩’ হৈছে টাইগাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছিকুৱেল । ইয়াৰ পূৰ্বে এক থা টাইগাৰ আৰু টাইগাৰ জিন্দা হে মুক্তি পাইছিল । ছলমান আৰু কেটৰিণাক একেলগে দেখা গৈছে তিনিওটা ছিকুৱেলতে । 'টাইগাৰ ৩'ত ইমৰাণ হাছমীক খলনায়কৰ চৰিত্ৰত দেখা পোৱা গৈছে ।

লগতে পঢ়ক: Merry Christmas New Release Date: কাক লৈ ভয় কৰিছে কেটৰিণাই ? আকৌ সলনি ‘মেৰী খ্ৰীষ্টমাছ’ৰ মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.