ETV Bharat / entertainment

The Kerala Story: মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিলে দ্য কেৰালা ষ্ট’ৰীৰ দলটোৱে

author img

By

Published : May 11, 2023, 2:18 PM IST

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিলে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ দলটোৱে (The Kerala Story)। সমগ্ৰ দলটোৱে লক্ষ্ণৌৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয় । ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনৰ পৰিচালক সুদীপ্ত সেনৰ সৈতে বলীউডৰ অভিনেত্ৰী আদা শৰ্মাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মুখ্যমন্ত্ৰীৰ বাসগৃহত সাক্ষাৎ কৰে ।

https://www.etvbharat.com/assamese/assam/entertainment/movie/cbfc-member-reacts-to-the-kerala-story-ban-in-west-bengal-you-cant-decide-fate-of-the-film/assam20230510132818203203480
উত্তৰ প্ৰদেশকৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে কেৰালা ষ্ট’ৰীৰ দলটোৱে

চিটাৰা ডেস্ক, 11 মে’: আদা শৰ্মাৰ অভিনীত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ক লৈ অব্য়াহত আছে বিতৰ্ক । কিন্তু ছবিখনৰ পক্ষত মাৰ বান্ধি থিয় দিছে শাসকীয় দল ৷ ইয়াৰ বিপৰীতে ছবিখনক অপপ্ৰচাৰ বুলি অভিহিত কৰিছে বিৰোধী দলে । একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই ছবিখনৰ শলাগ লৈছে (Yogi Adityanath meets team The Kerala Story)।

ছবিখনৰ দলটোৱে শেহতীয়াকৈ সাক্ষাৎ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক (Yogi Adityanath Meets The Kerala Story Team) । ইয়াৰ লগতে দলটোৱে এই বৈঠকৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । প্ৰযোজক বিপুল শ্বাহ আৰু পৰিচালক সুদীপ্ত সেন, ছবিৰ মুখ্য অভিনেত্ৰী আদা শৰ্মাই সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী যোগীক (UP CM Yogi Adityanath)। একে সময়তে মুখ্যমন্ত্ৰী যোগীয়েও টুইটাৰত দ্য কেৰালা ষ্ট’ৰীৰ দলৰ সৈতে ছবি শ্বেয়াৰ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

লগতে পঢ়ক: The Kerala Story: পশ্চিমবংগত দ্য কেৰালা ষ্ট’ৰী নিষেধাজ্ঞাক লৈ চিবিএফচিৰ প্ৰতিক্ৰিয়া

এই ছবিখন দ্য কেৰালাৰ দলৰ সৈতে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লিখিছে, ‘আজি লক্ষ্ণৌৰ চৰকাৰী বাসগৃহত দ্য কেৰালা ষ্ট’ৰী ছবিৰ দলৰ সৈতে সৌজন্যমূলক বৈঠক’। ছবিখনত আছে মুখ্যমন্ত্ৰী যোগীৰ সৈতে চলচ্চিত্ৰ পৰিচালক সুদীপ্ত সেন, চলচ্চিত্ৰ প্ৰযোজক বিপুল অমৰুতলাল শ্বাহ আৰু অভিনেত্ৰী আদা শৰ্মা (The Kerala Story Controversy)।

  • आज लखनऊ स्थित सरकारी आवास पर 'The Kerala Story' फिल्म की टीम के साथ शिष्टाचार भेंट हुई। pic.twitter.com/bfj7sswOTU

    — Yogi Adityanath (@myogiadityanath) May 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কোন কোন ৰাজ্য কৰমুক্ত কৰা হৈছে ‘দ্য কেৰালা ষ্টৰী’ ?

উল্লেখ্য যে, দ্য কেৰালা ষ্ট’ৰী প্ৰথমে মধ্যপ্ৰদেশত কৰমুক্ত হৈছিল আৰু তাৰ পিচত উত্তৰাখণ্ডতো কৰমুক্ত কৰা হৈছিল । শেহতীয়াকৈ উত্তৰ প্ৰদেশতো ছবিখন কৰমুক্তভাৱে কৰা হৈছে (The Kerala Story tax free in UP)। মন কৰিবলগীয়া যে বিজেপি নেতৃত্বাধীন চৰকাৰ থকা ৰাজ্যত ‘দ্য কেৰালা ষ্ট’ৰী’ কৰমুক্ত কৰাৰ যো-জা চলি আছে ৷ একে সময়তে বিশ্ব হিন্দু পৰিষদে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ছবিখনৰ ওপৰত কৰ আদায় দিবলৈ দাবী জনাইছে । পশ্চিমবংগ আৰু তামিলনাডুত ছবিখন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে (The Kerala Story ban in West Bengal) ।

লগতে পঢ়ক: The Kerala Story BO Day 5: বছৰৰ পঞ্চম সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ল দ্য কেৰালা ষ্টৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.