ETV Bharat / entertainment

Project K: অৱশেষত মুকলি হ’ল প্ৰজেক্ট-কেৰ পৰা দীপিকা পাডুকনৰ প্ৰথম লুক

author img

By

Published : Jul 17, 2023, 9:48 PM IST

Updated : Jul 18, 2023, 9:19 AM IST

প্ৰভাস আৰু দীপিকা পাডুকনৰ যুটি একেলগে ছবিৰ পৰ্দাত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে । তাৰ মাজতে আজি বৈজন্তী মুভিছে ছবিখনৰ দীপিকাৰ প্ৰথম লুক শ্বেয়াৰ কৰিছে ৷

The first look of Deepika Padukone has been unveiled from Project K
দীপিকা পাডুকনৰ প্ৰথম লুক

চিটাৰা ডেস্ক, 17 জুলাই: আদিপুৰুষত কৃতি ছেননৰ সৈতে অভিনয় কৰাৰ পিছত শীঘ্ৰেই প্ৰভাসে বলীউডৰ ৰাণী দীপিকা পাডুকনৰ সৈতে একেলগে অভিনয় কৰা দেখিবলৈ পোৱা যাব । প্ৰভাসৰ এই ছবিখনত কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাক দেখিবলৈ পোৱা যাব ৷ য’ত বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চন আৰু কমল হাছানেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ।

কিছুদিন পূৰ্বে এই বিজ্ঞান-কল্পকাহিনী ছবি ‘প্ৰজেক্ট-কে’ৰ ফাৰ্ষ্ট লুক মেকাৰ মুক্তি পাইছিল । শেহতীয়াকৈ ছবিখনৰ দুখনকৈ পোষ্টাৰ ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে ছবিখনৰ সৈতে বৈজন্তী মুভিছে ৷

তাৰ মাজতে আজি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা দীপিকা পাডুকণৰ প্ৰথম লুক দেখুওৱা হৈছে ৷ য’ত অভিনেত্ৰীগৰাকীক এক নতুন ৰূপত দেখিবলৈ পোৱা গৈছে ৷ ছবিখনত দীপিকাক এক যোদ্ধাৰ দৰে দেখা গৈছে ৷ দীপিকাৰ ছবিখনৰ সৈতে ইনষ্টাগ্ৰামত বৈজন্তী মুভিছে লিখে যে A hope comes to light, for a better tomorrow ৷

ছ’চিয়েল মিডিয়াতো দীপিকাৰ এই লুকক অনুৰাগীয়ে খুবেই পচন্দ কৰিছে ৷ ইয়াৰ পিছতে প্ৰভাস আৰু দীপিকাক একেলগে চাবৰ বাবে দৰ্শকৰ মাজত আগ্ৰহ অতি বৃদ্ধি পোৱা দেখা গৈছে ৷

এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰদৰ্শিত হ’ব Project Kৰ ফুটেজ

উল্লেখ্য যে, খবৰ অনুসৰি প্ৰভাস-দীপিকা আৰু অমিতাভ বচ্চনৰ বিগ বাজেটৰ ছবি ‘প্ৰজেক্ট কে’ৰ এক্সক্লুছিভ ফুটেজ কেলিফৰ্ণিয়াৰ ছান ডিয়েগোত অনুষ্ঠিত হ’বলগীয়া কমিক-কন কনভেনচন ইভেণ্টত প্ৰদৰ্শিত হ’ব । ২০ জুলাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ২৩ জুলাই দেওবাৰলৈকে চলিব । এছডিচিচিৰ অনুষ্ঠানটো আৰম্ভ কৰি ব্যয়ন্তী মুভিজে ১৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া মুকলি নিশাৰ পাৰ্টিত প্ৰভাস-দীপিকা আৰু অমিতাভ বচ্চনৰ অনুৰাগীসকলৰ আগত ছবিখনৰ এটা ডাঙৰ অংশ একচেটিয়াভাৱে প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক: Ravindra Mahajani passed away: মাৰাঠী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰবীন্দ্ৰ মহাজনীৰ দেহাৱসান

লগতে পঢ়ক: Ram Charan And Upasana: ৰাম চৰণ-উপাসনাৰ কন্যাৰ নাৰ্চাৰী চালেনে ? বিভিন্ন পুতলাৰে সজোৱা এই নাৰ্চাৰীয়ে আকৰ্ষিত কৰিছে অনুৰাগীক

লগতে পঢ়ক: Main Atal Hoon: ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটৰ এক চিনাকী মুখ, চিনি পাইছেনে কোন ?

Last Updated :Jul 18, 2023, 9:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.