ETV Bharat / entertainment

MAMI FILM Festival : ২০২৩ চনৰ এম এ এম আইত দেখুওৱা হ’ব তনিষ্ঠা চেটাৰ্জীৰ Yellow Bus

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:47 PM IST

Tannishtha Chatterjee's Yellow Bus to be screened at MAMI 2023
‘Yellow Bus’ প্ৰদৰ্শিত হ’ব এম এ এম আই ২০২৩ ত

২৭ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’ব Jio MAMI FILM Festival ৷ তনিষ্ঠা চেটাৰ্জীৰ ‘Yellow Bus’ প্ৰদৰ্শিত হ’ব এম এ এম আই ২০২৩ ত ।

চিটাৰা ডেস্ক, ২৭ অক্টোবৰ : ২০২৩ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱাৰ পিচত এতিয়া জিঅ’ এম এ এম আই মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব তনিষ্ঠা চেটাৰ্জীৰ ছবি ‘Yellow Bus’ । ‘মধ্যপ্ৰাচ্যৰ বালিৰে ভৰা এখন চহৰৰ পটভূমিৰ আধাৰত নিৰ্মিত ‘Yellow Bus’ ছবিখনত দেখুওৱা হৈছে এগৰাকী মাতৃৰ আশাৰ কাহিনী ।

তনিষ্ঠাই লিখা Yellow Bus ছবিখনৰ কাহিনীত এটা কৰুণ ঘটনা সংঘটিত হয়, যাৰ বাবে মাতৃগৰাকী ভাঙি পৰে ৷ অৱশ্যে পিচত পূৰ্ণ উদ্যমেৰে আকৌ থিয় হয় । ২৭ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া Jio MAMI FILM Festival ত দেখুওৱা হ’ব এই ছবিখন ৷

‘Yellow Bus’ৰ কাহিনীটো হৈছে মানৱীয় অভিজ্ঞতা আৰু এগৰাকী মাতৃৰ আটাইতকৈ বেয়া দুঃস্বপ্নৰ উপলব্ধি, য’ত তেওঁ নিজৰ সন্তানক হেৰুৱালগীয়া হয় । সুখ প্ৰকাশ কৰি সহ-প্ৰযোজক গুনীত মংগা কাপুৰে কয়, ‘‘মোৰ প্ৰযোজক নাদিয়া এলিভেট আৰু তনিষ্ঠা চেটাৰ্জীয়ে Yellow Bus ক শক্তিশালী কৰাৰ বাবে মই অত্যন্ত কৃতজ্ঞ । ছবিখনত মাতৃৰ যন্ত্ৰণাক শালীনতা আৰু সংবেদনশীলতাৰে চিত্ৰিত কৰা হৈছে । আমি MAMI 2023 ত দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰি এগৰাকী মাতৃৰ এই শক্তিশালী যাত্ৰা দেখুৱাবলৈ উৎসাহিত হৈ আছো’’ ।

সহ-প্ৰযোজক গুনীত মংগা কাপুৰে লগতে কয়, ‘‘আমি এনে এক সুন্দৰ অভিনেতা-অভিনেত্ৰীৰ সৈতে জড়িত হৈ গৌৰৱান্বিত । মুখ্য প্ৰযোজক নাদিয়া এলিৱাট আৰু অভিষেক পৰিচালক ৱেণ্ডী বেডনাৰ্জৰ দৰে আন্তঃৰাষ্ট্ৰীয় গল্পকাৰৰ সৈতে কাম কৰাটো এক সৌভাগ্যৰ কথা । আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘Yellow Bus’ ৰ বিশ্ব প্ৰিমিয়াৰ লাভ কৰি আমি আশা কৰিছো যে এই কাহিনীয়ে ২০২৩ চনৰ এম এ এম আইত দৰ্শকৰ মাজত অনুৰণন ঘটাব’’ ।

লগতে পঢ়ক: MAMI Film Festival : ভাৰত পালেহি প্ৰিয়ংকা চোপ্ৰা; ডিঙিত পিন্ধিলে এটা বিশেষ নামৰ নেকলেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.