ETV Bharat / entertainment

Swara Bhaskar supports Nadav Lapid: দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা নাদাভ লাপিডলৈ সমৰ্থন স্বৰা ভাস্কৰৰ

author img

By

Published : Nov 29, 2022, 7:12 PM IST

Swara Bhaskar
নাদাভ লাপিডলৈ সমৰ্থন স্বৰা ভাস্কৰৰ

বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ এতিয়া জপিয়াই পৰিছে ‘দ্য কাশ্মীৰ ফাইলছ’ বিতৰ্কত । ছবিখনক অশ্লীল অপপ্ৰচাৰ বুলি অভিহিত কৰা আইএফএফআইৰ জুৰী মুৰব্বীজনক মুকলিকৈ সমৰ্থন জনাইছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰী গৰাকীয়ে কি ক’লে জানেনে ?

চিটাৰা ডেস্ক, 29 নৱেম্বৰ : ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী মুৰব্বী নাদাভ লাপিডে বলীউডৰ বিখ্যাত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ দিয়া বক্তব্যই লগাইছে তোলপাৰ । জুৰীৰ মুৰব্বী নাদাভ লাপিডে তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে সমালোচনা-সমৰ্থন দুয়োটাই লাভ কৰিছে । তেওঁৰ বক্তব্যত ক্ষুব্ধ হৈ পৰিছে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী । আনহাতে জুৰীৰ মুৰব্বী নাদাভৰ সমৰ্থনত ওলাই আহিছে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ । অভিনেত্ৰী গৰাকীয়ে তেওঁৰ এই বিতৰ্কিত বক্তব্যক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জানো আহক-

বলীউডত স্পষ্টবাদীতাৰ বাবে পৰিচিত অভিনেত্ৰী স্বৰা ভাস্কৰ । দেশৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত মুকলিকৈ কথা কোৱাৰ বাবে বহুবাৰ ট্ৰ’ল কৰা হৈছে অভিনেত্ৰী গৰাকীক । কিন্তু একোলৈকে ভ্ৰূক্ষেপ নকৰে অভিনেত্ৰীগৰাকীয়ে ৷ পুনৰ এবাৰ বিতৰ্কৰে আঁৱৰা ছবি দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিছে স্বৰাই ৷ দৰাচলতে স্বৰাই মুকলিকৈ সমৰ্থন কৰিছে জুৰীৰ মুৰব্বী নাদাভ লাপিডক, যিয়ে বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক ‘অশ্লীল অপপ্ৰচাৰ’ বুলি অভিহিত কৰিছে । স্বৰাই নাদাভ লাপিডৰ এখন ছবি শ্বেয়াৰ কৰি টুইট কৰিছে এইদৰে, ‘আপাত দৃষ্টিত বিশ্বৰ বাবে ই অতি স্পষ্ট’।

আপোনালোকক জনাওঁ, গোৱাত অনুষ্ঠিত 53 সংখ্যক চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত আই এফ এফ আইৰ জুৰী মুৰব্বী নাদাভ লাপিডে ‘দ্য কাশ্মীৰ ফাইলছ’ক ‘অশ্লীল অপপ্ৰচাৰ’ বুলি অভিহিত কৰে । তেওঁ কয়, ‘এনে চলচ্চিত্ৰ মহোৎসৱত এনে এখন ছবি দেখিবলৈ পাই মই আচৰিত হৈছো’ ।

ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে জুৰীৰ মুৰব্বী নাদাভৰ এই বক্তব্যক গৰিহণা দিয়ে । ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ এই বক্তব্যক ব্যক্তিগত বুলি অভিহিত কৰিছে । নাদাভ লাপিডৰ এই বক্তব্যত তেওঁ লাজ অনুভৱ কৰিছে বুলি কৈছে ।

‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ মুখ্য অভিনেতা অনুপম খেৰেও আইএফএফআইৰ জুৰীৰ বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অনুপমে লিখিছে, ‘মিছাৰ আকাৰ যিমানেই ওখ নহওক কিয়...সত্যৰ তুলনাত সদায় সৰু’।

লগতে পঢ়ক : নাদাভ লাপিডলৈ ইজৰাইলৰ দূতৰ মুকলি পত্ৰ: আপুনি লজ্জিত হোৱা উচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.