ETV Bharat / entertainment

ববি দেওল, ৰণবীৰ কাপুৰৰ এনিমেলক লৈ ছানী দেওলৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 11:21 AM IST

Sunny Deol On Animal: ৰণবীৰ কাপুৰ আৰু ববি দেওলৰ ছবি এনিমেলে ছবিগৃহত দৰ্শকৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰিছে । এতিয়া ভাতৃ ববিৰ ছবিখনক লৈ প্ৰশংসা কৰিছে ছানী দেওলে ।

Sunny Deol's reaction to Bobby Deol, Ranbir Kapoor's film Animal
এনিমেলক লৈ ছানী দেওলৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ : ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ বছৰৰ অন্যতম বৃহৎ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে । মুক্তিৰ পিচৰে পৰা এই ক্ৰাইম থ্ৰিলাৰ ছবিখনে ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰিছে আৰু বহু অভিলেখ ভংগ কৰিছে ছবিখনে । ‘এনিমেল’ ছবিখনত ৰণবীৰ কাপুৰ আৰু ববি দেওলৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে দৰ্শক তথা বলীউডৰ বহু চেলিব্ৰিটিয়ে । এতিয়া গদৰ ২ ৰ অভিনেতা ছানী দেওলে সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ভাতৃ ববি দেওলৰ ছবি ‘এনিমেল’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ছানী দেওলৰ

‘গদৰ ২’ৰ অভিনেতা ছানী দেওলে সংবাদ সংস্থা PTI ৰ সৈতে হোৱা সাক্ষাৎকাৰত ভাতৃ ববি দেওলৰ শেহতীয়া মুক্তি পোৱা ছবি ‘এনিমেল’ৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে । ছানীয়ে কয় যে তেওঁৰ ভাতৃ ববিয়ে এনিমেলত কৰা অভিনয়ৰ বাবে তেওঁ “সুখী” ।

  • VIDEO | "I am genuinely happy for Bobby. I have watched 'Animal,' and I liked it, it's a nice film. There are certain things that I did not like, which I don't like in many films including my own films. But that's as a person I have the right to like or not like but in totality… pic.twitter.com/o75mqjvHM1

    — Press Trust of India (@PTI_News) December 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে ছানীয়ে ছবিখনৰ প্ৰশংসা কৰে যদিও ছবিখনৰ কিছু দৃশ্যাংশ তেওঁ ভাল নাপালে বুলিও উল্লেখ কৰে । ছানীয়ে কয়, “ববিৰ বাবে মই সঁচাকৈয়ে সুখী । এনিমেল চাইছো আৰু ভাল লাগিল, ভাল চিনেমা । অৱশ্যে ছবিখনৰ কিছু অংশ বা কথা মই বৰ বিশেষ ভাল নাপালো, যিবোৰ মোৰ ছবি অথবা বহু ছবিতেই মই পছন্দ নকৰো’’ ।

ছানীয়ে লগতে ক’লে, ‘‘কিন্তু এজন ব্যক্তি হিচাপে এখন ছবি পছন্দ কৰা বা নকৰাৰ ক্ষেত্ৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু সামগ্ৰিকভাৱে এনিমেল এখন ভাল ছবি । ছবিখনৰ সংগীতবোৰো বৰ ভাল আৰু ই দৃশ্যবোৰৰ লগত মিল আছে । ববি সদায় ববি আছিল, কিন্তু এতিয়া তেওঁ লৰ্ড ববি’’ ।

এনিমেলৰ বক্স অফিচ সংগ্ৰহ

এনিমেলে দৰ্শকৰ পৰা অতি ইতিবাচক সঁহাৰি লাভ কৰিছে । ছবিখনে মুক্তিৰ প্ৰথম দিনাৰ পৰাই বাম্পাৰ উপাৰ্জন কৰি আহিছে আৰু মুক্তিৰ ১৪ দিনৰ পাচতো এই ধাৰা অব্যাহত আছে । এই ছবিখনে ঘৰুৱা বজাৰত ৫০০ কোটি টকাৰ সীমা স্পৰ্শ কৰিবলৈ ইঞ্চিমান দূৰত আছে । বিশ্বজুৰি ১৪ দিনত ৭৭২ কোটিতকৈ অধিক ধন উপাৰ্জন কৰি এতিয়া ৮০০ কোটি টকাৰ ক্লাবত যোগদানৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে ছবিখন ।

১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল ‘এনিমেল’ । এই ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । পিতৃ-পুত্ৰৰ বিষাক্ত সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে এনিমেল । ছবিখনত ৰণবীৰ কাপুৰ, অনিল কাপুৰ, ববি দেওল আৰু ৰশ্মিকা মন্দন্নাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : জনপ্ৰিয় ভাৰতীয় চেলিব্ৰিটিৰ তালিকাত শীৰ্ষস্থান দখল ভাবি 2 ওৰফে তৃপ্তি ডিমৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.