ETV Bharat / entertainment

'আমাৰ ওপৰত ধৰ্ষণ বন্ধ কৰক': কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত অৰ্ধ-উলংগ মহিলাৰ প্ৰতিবাদ

author img

By

Published : May 21, 2022, 7:59 PM IST

কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত এগৰাকী মহিলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গ’ল ৷ ধৰ্ষণৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিলে মহিলাগৰাকীয়ে (Protest at cannes 2022) ৷ ইউক্ৰেইনৰ পতাকা গাত আঁকি আমাৰ ওপৰত ধৰ্ষণ বন্ধ কৰক বুলি এটা বাৰ্তা তেওঁ লিখি আনিছিল ।

violence in Ukraine
কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত অৰ্ধ-উলংগ মহিলাৰ প্ৰতিবাদ

চিটাৰা ডেস্ক, 21মে’: ইউক্ৰেইনত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিৰোধিতাৰে শুকুৰবাৰে এগৰাকী অৰ্ধ-উলংগ মহিলা প্ৰতিবাদকাৰীক কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটৰ পৰা আঁতৰ কৰিবলগীয়া এক পৰিস্থিতিক সৃষ্টি হয় ৷

৭৫ তম কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত এক অদ্ভুত দৃশ্য দেখা গ’ল । ইউক্ৰেইনত মহিলাৰ ওপৰত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এগৰাকী অৰ্ধ-উলংগ মহিলাই ৰেড কাৰ্পেটত চিঞৰি উঠে (Protest against rape at cannes festival) । হঠাতে সৃষ্ট পৰস্থিতিটোৱে বিবুধিত পেলাই সকলোকে ৷ নিৰাপত্তাৰক্ষীয়ে চাৰিওফালৰ পৰা আগুৰি অৱশেষত অৰ্ধ-উলংগ মহিলাগৰাকীক ৰেড কাৰ্পেটৰ পৰা আঁতৰাই লৈ যাবলৈ সক্ষম হয় ৷

দ্য হলীউড ৰিপ'ৰ্টাৰে উল্লেখ কৰা মতে - প্ৰত্যক্ষদৰ্শীৰ মতে, মহিলাগৰাকীয়ে সমবেত ফটোগ্ৰাফাৰৰ সন্মুখত আঁঠু কাঢ়ি দেহৰ পৰা নিজৰ সকলো কাপোৰ আঁতৰাই পেলাইছিল (Cannes film festival 2022 update) । নিৰাপত্তাৰক্ষীসকল তেওঁৰ ফালে দৌৰি আহিছিল আৰু তেওঁলোকে পৰিধান কৰা কোটেৰে ঢাকি ধৰিছিল । মহিলাগৰাকীয়ে শৰীৰত ইউক্ৰেইনৰ পতাকা অংকন কৰিছিল আৰু বুকু, পেটত 'আমাৰ ধৰ্ষণ বন্ধ কৰক' বাৰ্তা লিখি আনিছিল ।

আউটলেটৰ মতে, জৰ্জ মিলাৰৰ 'থ্ৰী থাউজেণ্ড ইয়েৰ্ছ অৱ লংগিং'ৰ প্ৰিমিয়াৰৰ সময়ত ৰেড কাৰ্পেটত এই ঘটনা সংঘটিত হৈছিল ৷ ছবিখনত ইড্ৰিছ এলবা আৰু টিল্ডা চুইণ্টনে অভিনয় কৰিছে । যেতিয়া ঘটনাটো সংঘটিত হৈছিল সেই সময়ত তাত পৰিচালক আৰু তাৰকাসকল উপস্থিত আছিল । দ্য হলীউড ৰিপ'ৰ্টাৰৰ মতে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ আৰম্ভণিৰ পৰাই ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ মহিলাসকলক ধৰ্ষণ কৰাৰ কেইবাটাও খবৰ পোৱা গৈছে ।

লগতে পঢ়ক:সকলো হেৰুৱাই কান চলচ্চিত্ৰ মহোৎসৱত অংশ ল’বলগীয়া হ’ল এইগৰাকী অভিনেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.