ETV Bharat / entertainment

5th Day BOC of Sri Raghupati: পঞ্চম দিনত বক্স অফিচত অভিলেখ গঢ়িলে শ্ৰী ৰঘুপতিয়ে

author img

By

Published : Jun 11, 2023, 7:27 PM IST

ছবিগৃহত সকলো অভিলেখ ভংগ কৰিছে ৰবি শৰ্মাৰ অভিনীত শ্ৰী ৰঘুপতি ছবিখনে ৷ শনিবাৰৰ দিনটোত ছবিখনে ৰচিলে ইতিহাস ৷ জানি লওক এই পৰ্যন্ত ছবিখনৰ মুঠ সংগ্ৰহ ৷

Sri Raghupati 5th Day Collection on Box Office: Record breaking single day collection of Sri Raghupati
শ্ৰী ৰঘুপতি মুঠ সংগ্ৰহ

চিটাৰা ডেস্ক, 11 জুন: অসমৰ চৌদিশে এতিয়া চলিছে কেৱল শ্ৰী ৰঘুপতিৰ জয়গান ৷ ৰ’ব কেৱল অসমতে নহয়, বেংগালুৰু, নতুন দিল্লী, নইডা,হাইদৰাবাদ, মুম্বাই, নবী মুম্বাই, পুনে, গোৱা, চেন্নাই আদি ঠাইতো চলিছে শ্ৰী ৰঘুপতিৰ জ্বৰ ৷ কৰ্মসূত্ৰে বহিঃৰাজ্যত বসবাস কৰা সকলৰ বাবে এই ছবিখন বহিঃৰাজ্যত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷ সেয়াহে, অসমৰ লগতে বহিঃৰাজ্যৰো প্ৰায় প্ৰতিটো দৰ্শনীতেই হাউচফুল ।

উল্লেখ্য যে, প্ৰায় বহু বছৰ ধৰি এই ছবিখনৰ বিষয়ে চৰ্চা চলি আছিল ৷ সেয়াহে অনুৰাগীয়েও অধিৰ আগ্ৰহেৰে বাট চাই আছিল ছবিখনৰ বাবে ৷ কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল আইনী মেৰপেচত ৷ অৱশ্যে আইনী মেৰপেচৰ পৰা এতিয়া মুকলি হ’ল ছবিখন ৷ সম্প্ৰতি বাধা-বিঘিনি নেওচি ছবিগৃহত মুকলি হ’ল শ্ৰী ৰঘুপতি । ছবিখন মুক্তিৰ পিচৰে পৰা বক্স অফিচত ভাল ফলাফল দেখুৱাইছে ৷ কিন্তু মুক্তিৰ ষষ্ঠ দিনত বক্স অফিচত ছবিখনে গঢ়িলে অভিলেখ (Sri raghupati budget) ৷

প্ৰায় 2 কোটি টকাৰ বাজেটত নিৰ্মিত ছবিখনে 6 দিনতে সংগ্ৰহ কৰিলে এই ধনৰাশি (Ravi Sharma new film) ৷ প্ৰথমটো দিনটোৰ বক্স অফিচ সংগ্ৰহ আছিল ১৭ লাখ, দ্বিতীয় দিনত ৩৮.৮ লাখ, তৃতীয়টো দিনত ৪১.৭ লাখ, চতুৰ্থটো দিনত ৪৩ লাখ আৰু পঞ্চম দিনটোত 65 লাখ সংগ্ৰহেৰে অভিলেখ ভংগ কৰিলে ছবিখনে (Ravi Sharma new film)। ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ হয়গৈ 2.5 কোটি টকা (Sri Raghupati 5 Days Collection on Box Office) ৷

সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, অৰুণ হাজৰিকা, প্ৰিয়ম পল্লৱী, প্ৰীতি কংগনা, অৰুণ নাথ, ৰীণা বৰা, বৰ্ণালী পূজাৰী, ৰাজ শৰ্মা, সঞ্জীৱ বুঢ়াগোহাঁই, সীমা বৰুৱা, কুকিল শইকীয়া, মঞ্জিত শৰ্মা আৰু চুমকী কছাৰীয়ে (Raghupati movie cast) ৷ আনহাতে ছবিখনৰ সংলাপ হৈছে ৰবি শৰ্মাৰ (Sri raghupati collection) ৷

লগতে পঢ়ক: Assamese New Movie: ৪ দিনতে ১ কোটি ৪০ লাখৰো অধিক উপাৰ্জন শ্ৰী ৰঘুপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.