Assamese New Movie: ৪ দিনতে ১ কোটি ৪০ লাখৰো অধিক উপাৰ্জন শ্ৰী ৰঘুপতিৰ

By

Published : Jun 9, 2023, 8:49 PM IST

thumbnail

নলবাৰী, ৯ জুন: চৌদিশে এতিয়া শ্ৰী ৰঘুপতিৰ জ্বৰ । প্ৰায় পাঁচ বছৰ পাছত অসমীয়া জগতলৈ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ এক অনবদ্য উপহাৰ শ্ৰী ৰঘুপতি । বহু বাধা-বিঘিনি নেওচি ছবিগৃহত সগৌৰৱেৰে চলি আছে শ্ৰী ৰঘুপতি । প্ৰতিটো দৰ্শনীতেই হাউচফুল । মাত্ৰ চাৰিটা দিনতে অভিলেখ গঢ়িছে শ্ৰী ৰঘুপতিয়ে (Ravi Sharma Sri Raghupati Release) ।  

প্ৰথম চাৰিটা দিনতে শ্ৰী ৰঘুপতিৰ বক্স অফিচৰ উপাৰ্জন ১ কোটি ৪০ লাখ টকাৰো অধিক (Sri Raghupati 4 Days Collection on Box Office)  । প্ৰথমটো দিনত, ১৭ লাখ, দ্বিতীয়টো দিনত ৩৮.৮ লাখ, তৃতীয়টো দিনত ৪১.৭ লাখ আৰু চতুৰ্থটো দিনত ৪৩ লাখৰো অধিক উপাৰ্জন শ্ৰী ৰঘুপতিৰ । অসমৰ লগতে বহিঃৰাজ্যৰ কেইবাটাও ছবিগৃহত ৰঘুপতিৰ দখল দেখিবলৈ পোৱা গৈছে (Ravi Sharma new film)।  

পিছে এতিয়াও ছবিখন উপভোগ কৰিব পৰা নাই তাৰকা অভিনেতা ৰবি শৰ্মাৰ জন্মস্থান নলবাৰীৰ ককয়া গাঁৱৰ ৰাইজে । শিপাক পাহৰি নোযোৱা ৰবি শৰ্মাই প্ৰায়ে নলবাৰীৰ ককয়াৰ আপোন ঘৰখনলৈ আহি গাঁওবাসীৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি অহাৰ কথা উল্লেখ কৰি ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি সকলোকে চাবলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতী সকলে (Sri Raghupati earned over 1 crores 40 lakh) । ককয়া যুৱ সমাজৰ উদ্যোগত ৰবি শৰ্মাক উৎসাহ যোগাবলৈ এটি বাইক সমদলো উলিয়াই যুৱক সকলে ।  

পৰিতাপৰ বিষয় এই যে, চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাৰ দৰে দুজনকৈ কেবিনেট মন্ত্ৰী থকাৰ উপৰিও অসম ৰাজ্যিক চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ গৃহ জিলা নলবাৰীত এটাও চিনেমা হল নথকাত জিলাবাসীয়ে শ্ৰী ৰঘুপতি চিনেমাখন উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে । সেয়ে, ঠায়ে ঠায়ে অস্থায়ী চিনেমা চিনেমা হ'লত শ্ৰী ৰঘুপতি প্ৰদৰ্শন কৰি ৰাইজক চিনেমা খন চোৱাৰ সুযোগ দিবলৈ ৰবি শৰ্মালৈ আহ্বান জনাই ককয়াৰ যুৱক সকলে । 

লগতে পঢ়ক: Dangerous condition of road in Guwahati: ৰজাৰ মৰণফান্দত পৰি আৰ্তনাদ প্ৰজাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.