ETV Bharat / entertainment

Shehnaaz Gill:শ্বেহনাজ গীলৰ শেহতীয়া ৰীলছে আৱেগিক কৰি তুলিলে সিদনাজৰ অনুৰাগীক

author img

By

Published : Sep 10, 2022, 6:16 PM IST

শ্বেহনাজ গীলৰ শেহতীয়া ৰীলছত তেওঁক সিদ্ধাৰ্থ মলহোত্ৰা আৰু ৰাকুল প্ৰীত সিং অভিনীত 2018 চনৰ ছবি Aiyaary ৰ Lae Dooba শীৰ্ষক গানটোত কণ্ঠদান কৰা দেখা গৈছে (Shehnaaz Gill instagram) । বিগবছ 13 তাৰকাগৰাকীয়ে প্ৰায়ে নিজৰ অনুৰাগীসকলক ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ট্ৰিট দি থাকে । শনিবাৰে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰে যিয়ে সিদনাজৰ অনুৰাগীসকলক আৱেগিক কৰি তোলে ।

Shehnaaz Gill
আৱেগিক কৰি তুলিলে সিদনাজৰ অনুৰাগীক

চিটাৰা ডেস্ক, 10 ছেপ্টম্বৰ : শ্বেহনাজ গীলে ছ’চিয়েল মিডিয়াত গান গাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ Lae Dooba শীৰ্ষক গানটো শ্বেহনাজৰ কণ্ঠত শুনি আপ্লুত হয় অনুৰাগী । শ্বেহনাজৰ গীতৰ নিৰ্বাচন আৰু তেওঁৰ সুমধুৰ কণ্ঠই সিদনাজৰ অনুৰাগীক আৱেগিক কৰি তুলিছে । নিজৰ মৰমলগা আৰু হৃদয়স্পৰ্শী ভংগীমাৰে অনুৰাগীক মোহাচ্ছন্ন কৰাত কেতিয়াও ব্যৰ্থ নোহোৱা গীলে এতিয়া নিজৰ গায়কী দক্ষতাৰে সকলোৰে মন মুহিছে ।

বিগবছ 13 ত অংশগ্ৰহণ কৰাৰ পিছত সকলোৰে মাজত পৰিচিত হৈ পৰা পঞ্জাৱী অভিনেত্ৰী-গায়িকাগৰাকীয়ে প্ৰায়ে নিজৰ নতুন নতুন আপডেট অনুৰাগীসকলক দি থাকে ( SidNaaz fans) । শনিবাৰে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰে যিয়ে সিদনাজৰ অনুৰাগীসকলক আৱেগিক কৰি তুলিছে (Shehnaaz Gill instagram) ।

শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টত দেখা গৈছে শ্বেহনাজে সিদ্ধাৰ্থ মলহোত্ৰা আৰু ৰাকুল প্ৰীত সিং অভিনীত 2018 চনৰ ছবি Aiyaary ৰ Lae Dooba শীৰ্ষক গানটোত কণ্ঠদান কৰিছে । ষ্ট্ৰাইপড ক্ৰপড পুলভাৰ চুৱেটাৰ আৰু ডেনিম পিন্ধা শ্বেহনাজক শেহতীয়া ভিডিঅ’টোত ধুনীয়া দেখা গৈছে ৷ তেনেই সাধাৰণ মেকআপৰ সৈতে নিজৰ প্ৰাকৃতিক ৰূপত আছিল শ্বেহনাজ ।

ভিডিঅ’টো আপলোড কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীৰ মৰমেৰে উপচি পৰে শ্বেহনাজৰ ইনষ্টাগ্ৰাম ৷ শ্বেহনাজৰ পোষ্টটোত মন্তব্য কৰি এজন অনুৰাগীয়ে লিখিছে, "কোনোবা ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে😍", আনহাতে আন এজনে আকৌ লিখিছে, "আচৰিত কণ্ঠ" ৷ অনুৰাগীসকলে শ্বেহনাজৰ কণ্ঠত এক বিষাদ অনুভৱ কৰিছে আৰু অনুমান কৰি লৈছে যে গানটো শ্বেহনাজে নিশ্চয়কৈ সিদ্ধাৰ্থক মনত পেলাই গাইছে ৷

ইফালে ছলমান খান অভিনীত কিচি কা ভাই কিচি কি জানৰ জৰিয়তে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে শ্বেহনাজ । চলিত বৰ্ষৰ শেষৰ ফালে ছবিখন মুক্তি পাব । ছবিখনৰ শিৰোনাম পূৰ্বে আছিল কভী ঈদ কভী দীৱালী যদিও নিৰ্মাতাসকলে শিৰোনাম সলনি ওপৰোক্ত নামটো বাছি লয় ।

লগতে পঢ়ক : আঙঠি পিন্ধালে নেকি কৰণে তেজস্বীক : শেহতীয়া ফটোৱে দিছে তাৰেই ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.