ETV Bharat / entertainment

Shah Rukh Khan reacts on Pathaan: পাঠান হৈছে ডুবাইৰ বুৰ্জ খালিফা বুলেভাৰ্ড বন্ধ কৰা প্ৰথমখন চলচ্চিত্ৰ

author img

By

Published : Feb 9, 2023, 5:39 PM IST

বলীউড তাৰকা শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত ছবি 'পাঠান' ক লৈ শ্বাহৰুখে এক্সন দৃশ্য এটাৰ বিষয়ে ডাঙৰ তথ্য প্ৰকাশ কৰিছে (Pathaan scene in dubai)। শ্বাহৰুখ খানে কৈছে যে বুৰ্জ খালিফা বুলেভাৰ্ড বন্ধ কৰা 'পাঠান' হৈছে প্ৰথমখন ছবি ।

Pathaan
বুৰ্জ খালিফাৰ গোটেই পথটো পাঠানৰ বাবে বন্ধ কৰা হৈছিল

চিটাৰা ডেস্ক, 9 ফেব্ৰুৱাৰী : শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত ছবি ‘পাঠান’ হৈ পৰিছে এক ঐতিহাসিক ব্লকবাষ্টাৰ ছবি । এক্সন দৃশ্য চাই ভাল পোৱাসকলে এই ছবিখনৰ এক্সন ছিকুৱেন্সসমূহ খুব পছন্দ কৰিছে (Pathaan Action scene) । পাঠানৰ বিষয়ে আলোচনা হৈ থকাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ ৷ জানিব পৰা গৈছে যে ডুবাইস্থিত বুৰ্জ খালিফাৰ গোটেই পথটো পাঠানত থকা শ্বাহৰুখ খান (পাঠান) আৰু জন আব্ৰাহাম (এণ্টি-হিৰো জিম)ৰ এক্সন দৃশ্যৰ বাবে বন্ধ কৰা হৈছিল ৷ পৃথিৱীত এয়া প্ৰথমবাৰৰ বাবে হৈছে য’ত বুৰ্জ খালিফাৰ গোটেই পথটো এখন চলচ্চিত্ৰৰ বাবে বন্ধ কৰা হৈছিল (Dubai boulevard shut down for pathaan) ।

পৰিচালক সিদ্ধাৰ্থ আনন্দে প্ৰকাশ কৰে, "পাঠানৰ এনে বহুতো কঠিন এক্সন দৃশ্য আছিল যিবোৰ কাৰ্যকৰী কৰাটো অতি কঠিন আছিল, যেনে চলন্ত ৰে’লৰ ওপৰৰ দৃশ্য, এখন বিমান আৰু বতাহৰ মাজৰ দৃশ্য, ডুবাইত এটা দৃশ্য যি বুৰ্জ খালিফাৰ চাৰিওফালে বুলেভাৰ্ডত সংঘটিত হয়, যিটো কোনো হলীউড ছবিয়েও আজিলৈকে কৰিব পৰা নাই । ডুবাইত এই ক্ৰমটোৰ দৃশ্যগ্ৰহণ কৰাটো অসম্ভৱ যেন লাগিছিল (Pathaan scene in dubai)। কিন্তু ডুবাই আৰক্ষী আৰু কৰ্তৃপক্ষই আমাৰ বাবে এইটো সম্ভৱ কৰি তুলিছিল ৷"

"বুলেভাৰ্ডত বাস কৰা মোৰ বন্ধুসকল মোৰ ওচৰলৈ আহিছিল । তেওঁলোকে মোক কৈছিল যে তেওঁলোকে আজিৰ দিনটোৰ বাবে বিজ্ঞপ্তি পাইছে যে আপুনি এই সময়ৰ মাজভাগত বুলেভাৰ্ডত উপস্থিত হ'ব নোৱাৰিব, গতিকে সেই অনুসৰি দিনটোৰ পৰিকল্পনা কৰক । এই ঘটনা মোৰ চলচ্চিত্ৰৰ বাবে বুলি শুনি তেওঁলোক যথেষ্ট আচৰিত হৈছিল", সিদ্ধাৰ্থই কয় । এয়া সম্ভৱ হৈ নুঠিলেহেঁতেন যদি তেওঁলোকে আমাৰ দৃষ্টিভংগীৰ সৈতে একমত প্ৰকাশ নকৰিলেহেঁতেন আৰু আমাক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন নকৰিলেহেঁতেন । গতিকে মই ডুবাই আৰক্ষী আৰু ডুবাইৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছো ৷"

চলচ্চিত্ৰ জগতৰ দৃষ্টিকোণৰ পৰা ডুবাই হৈছে আটাইতকৈ শ্ৰেষ্ঠ দেশ ৷ এই সন্দৰ্ভত শ্বাহৰুখ খানেও নিজৰ মতামত ব্যক্ত কৰে । তেওঁ কয়, ‘ডুবাই মোৰ প্ৰতি আৰু ভাৰতীয় চিনেমাৰ সৈতে জড়িত সকলো মানুহৰ প্ৰতি অতি দয়ালু । এইয়া এক যথেষ্ট ট্ৰেফিক হোৱা ঠাই গতিকে প্ৰযোজনা দলটোৱে ফোন কৰিছিল আৰু কৈছিল যে আমি শ্বাহৰুখৰ সৈতে এটা ছিকুৱেন্সৰ দৃশ্যগ্ৰহণ কৰি আছো । তেতিয়া তেওঁলোকে কৈছিল "তেওঁ আমাৰ ব্ৰেণ্ড এম্বেচেডৰ, অনুগ্ৰহ কৰি অনুমতি লওক । আৰু ইয়াক যিমান সম্ভৱ সোনকালে শেষ কৰক । আমি আপোনাক তাত দৃশ্যগ্ৰহণ কৰিবলৈ অনুমতি দিম ৷" মই ভাবো চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰত ডুবাই হৈছে আটাইতকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰযোজক ৰাষ্ট্ৰ । আপোনাৰ ওচৰত সৰ্বশ্ৰেষ্ঠ সঁজুলি, সুবিধা, স্থান পৰিচালক আছে । গতিকে ডুবাইত শ্বুটিং কৰাটো সদায়েই এক উত্তম অভিজ্ঞতা" ৷

সিদ্ধাৰ্থ আনন্দৰ ছবি পাঠানত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামে । ছবিখনত ডিম্পল কাপাদিয়া আৰু আশুতোষ ৰানাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । চলিত বৰ্ষৰ চনৰ 25 জানুৱাৰীত ছবিগৃহত মুক্তি পোৱা ছবিখনে বক্স অফিচৰ বহু ৰেকৰ্ড ভংগ কৰিছে ।

লগতে পঢ়ক : SRK news: এক্সন ষ্টাৰ হিচাপে শ্বাহৰুখৰ আৰম্ভণিহে মাথোন এয়া: সিদ্ধাৰ্থ আনন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.