ETV Bharat / entertainment

Arpita Khan's Diwali bash: টাইগাৰ-৩ৰ বাম্পাৰ অ’পেনিঙৰ মাজতে একেলগে দীপাৱলী উদযাপন কৰিলে টাইগাৰ-পাঠানে

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 1:47 PM IST

বক্স অফিচত ‘টাইগাৰ ৩’ৰ বৃহৎ মুকলিৰ পিচত অৰ্পিতা খানৰ দীপাৱলী পাৰ্টিত একেলগে দেখা গ’ল ছলমান খান আৰু শ্বাহৰুখ খানক । চাওক ভিডিঅ’ ৷

Shah Rukh Khan And Salman khan steals attention at Arpita Khan's Diwali bash
অৰ্পিতা খানৰ দীপাৱলী পাৰ্টিত ছলমান খান আৰু শ্বাহৰুখ খান

চিটাৰা ডেস্ক, ১৩ নৱেম্বৰ: প্ৰত্যেকবাৰৰ দৰে এইবাৰো বলীউডৰ তাৰকাসকলে পোহৰৰ উৎসৱ দীপাৱলী অতি আড়ম্বনৰে উদযাপন কৰে । বহু চেলিব্ৰিটিয়ে নিজৰ ঘৰতে আয়োজন কৰিছিল দীপাৱলীৰ পাৰ্টি ৷ ছলমান খানৰ ভগ্নী অৰ্পিতা খানেও ১২ নৱেম্বৰত অৰ্থাৎ দেওবাৰে দীপাৱলী পাৰ্টিৰ আয়োজন কৰে ৷ অৰ্পিতাই আয়োজন কৰা দীপাৱলী পাৰ্টিত উপস্থিত থাকে বহু জনপ্ৰিয় তাৰকা । ইফালে দেওবাৰে মুক্তি লাভ কৰে ছলমান খানৰ অভিনীত ছবি ‘টাইগাৰ ৩’ ৷ টাইগাৰ ৩ মুক্তিৰ মাজতে ভগ্নীৰ দীপাৱলী পাৰ্টিত অংশগ্ৰহণ কৰে ভাইজানে । এই পাৰ্টিত একেলগে দেখা গ’ল ভাইজান আৰু পাঠানক ৷ দেওবাৰে পৰ্দাত টাইগাৰ ৩ ছবিখনত শ্বাহৰুখ খান আৰু ছলমান খানক একেলগে দেখা পোৱাৰ পিচত দীপাৱলী পাৰ্টিতো একেলগে দেখা গ’ল দুয়োকে ।

দীপাৱলী পাৰ্টিত একেলগে ছলমান-শ্বাহৰুখ

দৰাচলতে অৰ্পিতা খানৰ পাৰ্টিত কেৱল ছলমান খানেই নহয়, বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানেও অংশ লৈছিল । পাৰ্টিৰ পৰা ওলাই অহা শ্বাহৰুখৰ এটা ভিডিঅ’ অনলাইনত ভাইৰেল হৈ পৰিছে । এই সময়চোৱাত শ্বাহৰুখে চিগনেচাৰ পনিটেইল লুকৰ সৈতে নীলা ৰঙৰ পাঠানী কুৰ্তা পৰিধান কৰিছিল । ইয়াৰ বিপৰীতে ছলমান খানে ক’লা চাৰ্টৰ সৈতে ক’লা আৰু মেৰুণ পেণ্ট পৰিধান কৰিছিল ৷

বৃহৎ সংখ্যক ধনেৰে বক্স অফিচত খাতা খোলে টাইগাৰ ৩ য়ে

এই সকলোবোৰৰ মাজতে যদি আমি ‘টাইগাৰ ৩’ৰ কথা কওঁ, তেন্তে ছলমান খানৰ এই ছবিখনে প্ৰথম দিনাই বৃহৎ সংখ্যক ধনেৰে বক্স অফিচত খাতা খোলে । ছবিখনে প্ৰথম দিনাই ৪৪ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰিছে বক্স অফিচত ৷ ইয়াৰ লগে লগে ছবিখন বছৰৰ তৃতীয় সৰ্বাধিক অ’পেনিং কৰা ছবি হিচাপে পৰিগণিত হৈছে । কেৱল ইমানেই নহয়, এই ছবিখন ছলমান খানৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে ।

উল্লেখ্য যে, ছলমান খান, কেটৰিণা কাইফ, ইমৰাণ হাছমী, ৰেৱতী, ৰিদ্ধি ডোগ্ৰাকে ধৰি বহু তাৰকাই ‘টাইগাৰ ৩’ত অভিনয় কৰিছে । এই ছবিখন পৰিচালনা কৰিছে মনীষ শৰ্মাই । ছবিখনত শ্বাহৰুখ খানে পাঠানৰ চৰিত্ৰত বিশেষ কেমিঅ’ আৰু ৱাৰৰ কবীৰ সিঙৰ চৰিত্ৰত হৃত্বিক ৰোশনে বিশেষ কেমিঅ’ কৰিছে । বিশ্বজুৰি হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি লাভ কৰিছে ‘টাইগাৰ ৩’ ।

লগতে পঢ়ক: Tiger 3 Box Office Collection Day 1: প্ৰথম দিনা টাইগাৰ 3 য়ে বক্স অফিচত কিমান সংগ্ৰহ কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.