ETV Bharat / entertainment

Karachi To Noida teaser: সীমা হাইদৰৰ ছবি ‘কৰাচী টু নয়ডা’ৰ ট্ৰেইলাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 1:18 PM IST

Seema Haider film Karachi to Noida teaser released
কৰাচী টু নয়ডা ট্ৰেইলাৰ

সীমা হাইদৰৰ আধাৰত নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰ মুকলি ৷ এই ছবিখনৰ নাম ‘কৰচী টু নয়ডা’। ছবিখনত সীমাৰ চৰিত্ৰটোৰ নাম ৰখা হৈছে ছাইমা হাইদৰ ।

চিটাৰা ডেস্ক, 26 অক্টোবৰ: সীমা হাইদৰৰ ওপৰত নিৰ্মিত ‘কৰাচী টু নয়ডা’ ছবিখনৰ ট্ৰেইলাৰ মুকলি হৈছে । ৩ মিনিটৰ এই ট্ৰেইলাৰটোত সীমা হাইদৰৰ চৰিত্ৰৰ নাম দিয়া হৈছে ছাইমা হাইদৰ ৷ ইয়াৰ বিপৰীতে গুলাম হাইদৰৰ নাম দিয়া হৈছে এহছান খান । এই ট্ৰেইলাৰটো মুক্তিৰ লগতে ইতিমধ্যেই বহু লোকে চাইছে ৷ কেইমিনিটমানৰ এই ট্ৰেইলাৰটোত এনে কিছুমান সংলাপ কোৱা হৈছে যিবোৰে বিতৰ্কৰ সৃষ্টি কৰিব পাৰে ।

সীমাক পাকিস্তানী চোৰাংচোৱা হিচাপে দেখুওৱা হৈছে

এই ছবিখনৰ ট্ৰেইলাৰটোত সীমা হাইদৰক আই এছ আই এজেণ্ট হিচাপে নহয়, RAW ৰ এজেণ্ট হিচাপে দেখুওৱা হৈছে । পাকিস্তানে যেতিয়া এই বিষয়ে জানিবলৈ পায়, তেতিয়াই পাকিস্তানত সৃষ্টি হয় চাঞ্চল্যৰ । আনহাতে পাকিস্তানত এই কথা প্ৰকাশৰ পূৰ্বে সীমা ভাৰতলৈ পলাই গুচি যায় আৰু সাধাৰণ মানুহৰ দৰে বাস কৰিবলৈ লয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

জয়ন্ত সিনহাই পৰিচালনা কৰিছে এই ছবিখন

এই ছবিখন পৰিচালনা কৰিছে জয়ন্ত সিনহাই, আনহাতে প্ৰযোজনা কৰিছে অমিত জানি আৰু ভাৰত সিঙে । কৰাচী টু নয়ডা ছবিখনৰ ট্ৰেইলাৰত ফাৰহিন ফালেৰে সীমা হাইদৰৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আদিত্য ৰাঘৱে শচীন মীনাৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ আন অভিনেতাৰ কথা ক’বলৈ গ’লে কৰাচী আৰক্ষী আয়ুক্তৰ চৰিত্ৰত ৰোহিত চৌধুৰী আৰু পাক সেনাৰ বিষয়া হিচাপে মনোজ বাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে য়ায়া খানে ।

সীমা হাইদৰ কোন ?

সীমা হাইদৰ নেপাল হৈ ভাৰতলৈ আহিছিল । সীমাৰ মতে PUBG গেম খেলি থাকোঁতেই তেওঁ আৰু শচীনৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল । ইয়াৰ পিচত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয় । কিন্তু এই কথা-বতৰা পৰৱৰ্তী সময়ত প্ৰেমলৈ পৰিণত হয় ৷ সীমাৰ স্বামী চৌদি আৰৱত থাকে আৰু তেওঁলোকৰ ৪ টা সন্তান আছে । সন্তানক লৈ আৰু স্বামীক এৰি সীমা কাঠমাণ্ডু হৈ ভাৰতলৈ গুচি আহিছিল ।

লগতে পঢ়ক: Seema Haider : সীমা হাইদৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰথমটো গীততেই ডাঙৰ ভুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.