ETV Bharat / entertainment

Ram Gopal Varma news:অভিনেত্ৰীৰ ভৰিত চুমা খাই ফটো-ভিডিঅ’ টুইট কৰিলে ৰাম গোপাল বাৰ্মাই!

author img

By

Published : Dec 8, 2022, 1:18 PM IST

ram gopal varma
অভিনেত্ৰীৰ ভৰিত চুমা খাই ফটো-ভিডিঅ’ টুইট কৰিলে ৰাম গোপাল বাৰ্মাই!

নিজেই নিজকে বিতৰ্কৰ মাজলৈ ঠেলি ভাল পাই এইজন চিত্ৰ নিৰ্মাতাই ৷ প্ৰায়ে যিকোনো ধৰণৰ বিতৰ্কৰ মাজত সোমাই থকা ৰাম গোপাল বাৰ্মাই শেহতীয়াকৈ শ্বেয়াৰ কৰিছে এগৰাকী অভিনেত্ৰীৰ ভৰিত চুমা খাই থকা ফটো আৰু ভিডিঅ’ (Ram Gopal Varma twitter) ৷ টুইটাৰত এতিয়া এইয়া লৈ সৰৱ চৰ্চা-

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ : বলীউডৰ প্ৰবীণ ছবি পৰিচালক ৰাম গোপাল বাৰ্মা এতিয়া তেলুগু ছবি জগতৰ লগত জড়িত হৈ পৰিছে । ৰাম গোপাল বাৰ্মা এনে এজন পৰিচালক যি নিজৰ চিনেমা হিট কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে । এনে কাৰ্যৰ বাবে তেওঁ বহুবাৰ বিতৰ্কৰ বলি হ’বলগীয়া হৈছে । শেহতীয়াকৈ আকৌ এবাৰ তেওঁ টুইটাৰত এনে এখন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক এগৰাকী অভিনেত্ৰীৰ ভৰিত চুমা খাই থকা দেখিবলৈ পোৱা গৈছে ।

ram gopal varma
অভিনেত্ৰীৰ ভৰিত চুমা খাই ফটো-ভিডিঅ’ টুইট কৰিলে ৰাম গোপাল বাৰ্মাই!

দৰাচলতে ৰাম গোপাল বাৰ্মাৰ আগন্তুক ছবি ‘Dangerous’ ৰ প্ৰচাৰৰ বাবে এই কাম কৰিছে পৰিচালকজনে ৷ ছবি প্ৰচাৰৰ এই পদক্ষেপ দেখি সকলো আচৰিত হৈ পৰিছে । যাৰ ভৰিত ৰাম গোপালে চুমা খাই থকা দেখা গৈছে তেওঁৱেই হৈছে ছবিখনৰ অভিনেত্ৰী । তেওঁৰ লগত ৰাম গোপাল বাৰ্মাৰ অদ্ভুত ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত এতিয়া ভাইৰেল হৈ পৰিছে । জানিব পৰা মতে ‘Dangerous’ চিনেমাখনৰ প্ৰচাৰৰ বাবে ৰাম গোপালে এনে ফটো টুইট কৰিছে ।

ফটোখন শ্বেয়াৰ কৰাৰ পিছত তেওঁ এটা ভিডিঅ’ও টুইট কৰে । ভিডিঅ’টোত ‘Dangerous’ত ছবিখনৰ অভিনেত্ৰী আশু ৰেড্ডীক চোফাত আৰু ৰাম গোপালক পকাত বহি কথোপকথন কৰি থকা দেখা গৈছে ৷ এই ফটো আৰু ভিডিঅ’ বোৰত নেটিজেনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ছবি এখনৰ প্ৰচাৰৰ বাবে লোৱা এই পদক্ষেপৰ বাবে ৰাম গোপাল বাৰ্মাক ট্ৰ’ল কৰা হৈছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে - ‘ৰাম ছাৰক দেখি মোৰ বেয়া লাগে । এসময়ত তেওঁ ভাৰতীয় চিনেমাৰ জ্যেষ্ঠ পৰিচালক আছিল । সকলো ডাঙৰ ডাঙৰ শিল্পীয়ে তেওঁৰ লগত কাম কৰিব বিচাৰিছিল’ । আন এজন ব্যৱহাৰকাৰীয়ে ক'লে - ‘ৰাম এইটো কি? ক'ত হেৰুৱালে পদ? এইবোৰৰ পৰা উঠি কিছুমান সঁচা কোম্পানী ক্লাছিক নিৰ্মাণ কৰক’ ।

ৰাম গোপাল বাৰ্মাৰ ছবি ‘Dangerous’ৰ কথা ক’বলৈ গ’লে লেচবিয়ানৰ ওপৰত আধাৰিত এই কাহিনী । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অপ্সৰা ৰাণী আৰু নীনা গাংগুলীয়ে । অহা 9 ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন ।

লগতে পঢ়ক : Hina Khan breakup news: হিনা খানৰ সৈতে ব্ৰেকআপৰ বাতৰি উফৰাই পেলালে ৰকি জয়ছৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.