ETV Bharat / entertainment

বৰ্তমানেও ৰাজু শ্ৰীবাস্তৱ অচেতন অৱস্থাতে থকা বুলি টুইট কৰিলে শেখৰ সুমনে

author img

By

Published : Aug 18, 2022, 6:25 PM IST

Raju Srivastava
বৰ্তমানেও অচেতন অৱস্থাত ৰাজু শ্ৰীবাস্তৱ টুইট কৰিলে শেখৰ সুমনে

Gajodhar bhaiya নামেৰে জনাজাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ হৃদ ৰোগত আক্ৰান্ত হোৱাৰ 8 দিনৰ পাছতো জ্ঞান ঘূৰি অহা নাই । অভিনেতা শেখৰ সুমনে টুইট কৰি সকলোকে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে ।

চিটাৰা ডেস্ক, 18 আগষ্ট : বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ হাৰ্ট এটেক হোৱা 8 দিন ধৰি ৰাজধানী দিল্লীৰ এইমছত ভৰ্তি হৈ আছে । কমেডিয়ান গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু এতিয়াও তেওঁ চেতনা ঘূৰাই পোৱা নাই । ১৮ আগষ্টত অহা তথ্য অনুসৰি অভিনেতাজনৰ অৱস্থা সংকটজনক ।

10 আগষ্টত হাৰ্ট এটেকত আক্ৰান্ত হোৱা ৰাজুক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইয়াত চিকিৎসকৰ এটা বিশেষ দলে তেওঁৰ চিকিৎসা চলাই আছে ।

ডাক্তৰে জনোৱা মতে, কমেডিয়ানজনৰ মগজুত আঘাতৰ চিন আহিছে আৰু তেওঁৰ হাৰ্ট ৰেট স্পন্দনেও আংশিকভাৱে কাম কৰি আছে । ১৩ আগষ্টত ৰাজুৰ এম আৰ আই কৰা হৈছিল । এম আৰ আই ৰিপৰ্টত প্ৰকাশ পাইছে মূৰত দাগ থকাৰ কথা । চিকিৎসকৰ মতে এই দাগবোৰে আঘাতক সূচাইছে ।

  • Today's update on Raju's health is that he is stable.Still unconscious but stable.Will take a week to recover.Prayers for a quick recovery🙏har har mahadev.

    — Shekhar Suman (@shekharsuman7) August 17, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বিখ্যাত অভিনেতা শেখৰ সুমনে কৈছে যে তেওঁ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে । এটা টুইট কৰি তেওঁ লিখিছে, "ৰাজুৰ স্বাস্থ্য সন্দৰ্ভত আজিৰ আপডেটটো হ’ল তেওঁ সুস্থিৰ কিন্তু এতিয়াও অচেতন । তেওঁক সুস্থ হ’বলৈ আৰু এসপ্তাহ সময় লাগিব । তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰক । হৰ হৰ মহাদেৱ" ।

শুকুৰবাৰৰ পূৰ্বে তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল আৰু লগতে কোনো ধৰণৰ উৰাবাতৰি আৰু মিছা কথা প্ৰচাৰ নকৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছিল । এতিয়া আকৌ এবাৰ কমেডিয়ান গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত দুখী হৈ পৰিছে অনুৰাগীসকল ৷

লগতে পঢ়ক : IFFM 2022ৰ মঞ্চত শ্ৰেষ্ঠ অভিনেতা বঁটাৰে সন্মানিত ৰণভীৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.