ETV Bharat / entertainment

Raju Srivastava health update, এতিয়াও সংকটজনক অৱস্থাত ৰাজু শ্ৰীবাস্তৱ

author img

By

Published : Aug 12, 2022, 12:56 PM IST

Updated : Aug 13, 2022, 12:36 PM IST

Raju Srivastava health update
কমেডিয়ানজনৰ অৱস্থা এতিয়াও সংকটজনক

ৰাজু শ্ৰীবাস্তৱ বৰ্তমানেও সংকটজনক অৱস্থাতে আছে ৷ ভেণ্টিলেটৰতে ৰখা হৈছে অভিনেতাজনক (Raju Srivastava latest news) । বুধবাৰে হৃদ ৰোগত আক্ৰান্ত হোৱা কমেডিয়ান জনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পিছত angioplasty কৰা হয় ।

চিটাৰা ডেস্ক, 12 আগষ্ট : শুকুৰবাৰে বিশেষ সূত্ৰই জনোৱা মতে, জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ এইমছৰ ইনটেনচিভ কেয়াৰ ইউনিট (ICU)ৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত আছে । বুধবাৰে হাৰ্ট এটেকত আক্ৰান্ত হোৱা 58 বছৰীয়া ষ্টেণ্ড আপ কমেডিয়ানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

সূত্ৰটোৱে জনোৱা মতে, শ্ৰীবাস্তৱ এতিয়াও জটিল অৱস্থাত আছে আৰু আই চি ইউত ভেণ্টিলেটৰত আছে (Raju Srivastava latest news) । এইমছৰ কাৰ্ডিঅ'লজী বিভাগৰ অধ্যাপক ডাঃ নীতিশ নায়কে চিকিৎসা চলাই আছে তেওঁৰ ।

শ্ৰীবাস্তৱৰ খুলশালীয়েক অশোক শ্ৰীবাস্তৱে বুধবাৰে সন্ধিয়া কৈছিল যে ব্যায়াম কৰাৰ সময়ত তেওঁৰ হাৰ্ট এটেক আহিছিল । "তেওঁ নিজৰ দৈনিক ব্যায়াম কৰি আছিল আৰু ট্ৰেডমিলত দৌৰি থকাৰ সময়তে তেওঁ হঠাতে তললৈ পৰি যায় । হাৰ্ট এটেক অহাৰ বাবে মাটিত ঢলি পৰা ৰাজুক ততাতৈয়াকৈ দিল্লীৰ এইমছ হাস্পতাললৈ লৈ যোৱা হয়" ।

১৯৮০ চনৰ শেষৰ ফালে মনোৰঞ্জন জগতত সক্ৰিয় হৈ পৰা শ্ৰীবাস্তৱে 2005 চনত ষ্টেণ্ড আপ কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰি স্বীকৃতি লাভ কৰিছিল । বিগ বছৰ ছিজন থ্ৰীৰ প্ৰতিযোগীসকলৰ ভিতৰত তেওঁ অন্যতম আছিল ।

শ্ৰীবাস্তৱ বৰ্তমান চলচ্চিত্ৰ উন্নয়ন পৰিষদ উত্তৰ প্ৰদেশৰ অধ্যক্ষ (Chairman of the Film Development Council Uttar Pradesh) । শ্ৰীবাস্তৱৰ হাৰ্ট এটেক হোৱাৰ এদিন পিছতে বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াৰ পৰা তেওঁৰ স্বাস্থ্যৰ বুজ লয় ।

উল্লেখ্য যে ৰাজনৈতিক ক্ষেত্ৰখনতো ৰাজু শ্ৰীবাস্তৱে সময় পাৰ কৰিছে । 2014 চনত সমাজবাদী পাৰ্টীৰ সৈতে ৰাজনীতিবিদ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু এমাহৰ ভিতৰতে বিজেপিৰ সৈতে হাত মিলাইছিল তেওঁ । কমেডিয়ান গৰাকীয়ে 2014 চনত কানপুৰৰ পৰা সমাজবাদী পাৰ্টীৰ হৈ লোকসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিল যদিও বিজেপিত যোগদান কৰিবৰ বাবে টিকট ঘূৰাই দিয়াৰ পিছত তেওঁৰ মন পৰিৱৰ্তন হৈছিল ৷ সেই সময়ত ৰাজনাথ সিং আছিল দলৰ সভাপতি ।

লগতে পঢ়ক : Shivamogga Subbanna passes away: প্ৰসিদ্ধ গায়ক শিৱমোগ্গা চুব্বান্নাৰ দেহাৱসান

Last Updated :Aug 13, 2022, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.