ETV Bharat / entertainment

Raju Srivastava অমিতাভ বচ্চনৰ কণ্ঠ শুনোৱা ৰাজু শ্ৰীবাস্তৱে ঘূৰাই পালে জ্ঞান

author img

By

Published : Aug 25, 2022, 2:17 PM IST

Raju Srivastava
অমিতাভ বচ্চনৰ কণ্ঠ শুনোৱা ৰাজু শ্ৰীবাস্তৱে ঘূৰাই পালে জ্ঞান

কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱক তেওঁৰ জ্ঞানলৈ আনিবলৈ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ শুনোৱা হৈছে । ৰাজু যোৱা 15 দিন ধৰি ক’মাত আছিল তেওঁ (Raju Srivastava news) ।

চিটাৰা ডেস্ক, 25 আগষ্ট : বিগত ১৫ দিন ধৰি দিল্লীৰ এইমছ হাস্পতালৰ আই চি ইউ ৱাৰ্ডত ভৰ্তি হৈ আছে বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ । 10 আগষ্টত ৰাজু হৃদ ৰোগত আক্ৰান্ত হৈছিল । অনুৰাগীসকলে তেওঁৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰি আছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাজু শ্ৰীবাস্তৱ ক’মাত আছিল আৰু তেওঁৰ চিকিৎসাত নিউৰ’ফিজিঅ’থেৰাপি চিকিৎসাৰ সহায় লোৱা হৈছিল । মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠ শুনাই ৰাজুৰ জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছিল ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাজু শ্ৰীবাস্তৱৰ মগজুৰ তিনিটা স্নায়ুৰ ভিতৰত এটা স্নায়ুৱে কাম কৰা নাছিল । পৰিস্থিতিৰ অৱনতি ঘটা দেখি চিকিৎসকে নিউৰ’ফিজিঅ’থেৰাপিৰ সহায় লৈছিল । পৰিয়ালৰ লোকে জনোৱা মতে, ৰাজুৰ স্বাস্থ্যৰ উন্নতি হৈছে যদিও এতিয়াও তেওঁ ভেন্টিলেটৰত আছে ।

খবৰ অনুসৰি, অমিতাভ বচ্চনেও কমেডিয়ানজনৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ তেওঁৰ ফোনত কেইবাটাও মেছেজ পঠিয়াইছিল যদিও হাস্পতালত ভৰ্তি হোৱাৰ বাবে ৰাজু শ্ৰীবাস্তৱৰ ফোনটো চুইচ অফ হৈ আছিল ৷ গতিকে অভিনেতাজনৰ পৰা অহা এই মেছেজকেইটা ৰাজুৱে ৰিচিভ কৰা নাছিল ৷

১৫ দিন ধৰি ৰাজু শ্ৰীবাস্তৱৰ অনুৰাগীসকলো তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ আছে । কিন্তু এতিয়া খবৰ আহিছে সম্পূৰ্ণ 15 দিনৰ অন্তত ৰাজুৱে জ্ঞান ঘূৰাই পাইছে (Raju Srivastava health Update) ৷ ৰাজুৰ পাৰ্চনেল চেক্ৰেটাৰীয়ে গৰ্ভিত নাৰাংগে এই কথা সদৰি কৰিছে ৷ লাহে লাহে তেওঁৰ স্বাস্থ্যৰো উন্নতি ঘটিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Ranbir kapoor আলিয়াক লৈ কৰা কৌতুকৰ বাবে ক্ষমা খুজিলে ৰণবীৰ কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.