ETV Bharat / entertainment

Ranbir kapoor আলিয়াক লৈ কৰা কৌতুকৰ বাবে ক্ষমা খুজিলে ৰণবীৰ কাপুৰে

author img

By

Published : Aug 24, 2022, 6:32 PM IST

শেহতীয়াকৈ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক একেলগে দেখা গৈছিল ব্ৰহ্মাস্ত্ৰ ছবিখনৰ প্ৰচাৰৰ বাবে, য’ত ৰণবীৰে অন্তসত্বা পত্নী আলিয়াৰ বাঢ়ি অহা পেটটোৰ কথাত ধেমালিৰে কিবা এটা কৈছিল । পিছে আলিয়া ভাটৰ অনুৰাগীসকলৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিলে ৰণবীৰে (Ranbir kapoor apology to alia fans) ।

Ranbir kapoor
আলিয়াক লৈ কৰা কৌতুকৰ বাবে ক্ষমা খুজিলে ৰণবীৰ কাপুৰে

চিটাৰা ডেস্ক, 24 আগষ্ট : সোনকালেই অভিভাৱক হ’ব বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট । অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দুয়োৱে সন্তান আগমনৰ বাবে ৷ কিন্তু সন্তান আগমনৰ সমান্তৰালকৈ ৰণবীৰ আৰু আলিয়াৰ জীৱনত আছে আৰু এক উৎকণ্ঠা ৷

ৰণবীৰ আৰু আলিয়াৰ প্ৰথমখন ছবি ‘ব্ৰহ্মাস্ত্ৰ’ ৰ বাবে অপেক্ষা কৰিছে দুই তাৰকাৰ লগতে তেওঁলোকৰ অনুৰাগীসকলে ৷ শেহতীয়াকৈ ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল অনুষ্ঠান এটাত ৷ অনুষ্ঠানটোত ৰনবীৰে গৰ্ভধাৰণ কৰা পত্নী আলিয়াৰ পেটটো বাঢ়ি অহাৰ কথা কৈ ধেমালি কৰিছিল । তাতেই বিপদত পৰিল ৰণবীৰ ৷ ক্ষোভিত ফাটি আলিয়াৰ অনুৰাগী ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে ৰণবীৰে (Ranbir kapoor apology to alia fans) ৷

দৰাচলতে ৰণবীৰে ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰৰ সময়ত আলিয়া ভাটৰ সৈতে ধেমালি কৰিছিল ৷ যিটো ধেমালি কৰোতে আলিয়াইয়ো হাঁহিছিল ৷ কিন্তু আলিয়াৰ অনুৰাগী সকলে এই কথা সহজে ল’ব নোৱাৰিলে ৷ এতিয়া ৰণবীৰে ষ্পষ্টীকৰণ দিছে যে এই সন্দৰ্ভত তেওঁ কাৰোবাক মানসিক আঘাত দিছিল বুলি তেওঁ ভবাই নাছিল ৷ সকলো অনুৰাগীৰ ওচৰত ক্ষমা খুজি কৈছে যে এই ধেমালিত কোনোবাই আঘাত পাব বুলি তেওঁৰ কোনো ধাৰণা নাছিল আৰু তেওঁ কেৱল ধেমালি হিচাপেহে লৈছিল (Ranbir kapoor apologises) ।

শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘শ্বমছেৰা’ বক্স অফিচত বেয়াকৈ ফ্লপ হোৱাৰ পিছত ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনক লৈ বহুত আশা কৰিছে দুই পতি-পত্নীয়ে (Ranbir kapoor Alia Bhatt movie) । ছবিখনৰ প্ৰচাৰৰ বাবে সাজু হৈছে তেওঁলোক । ৰণবীৰ কাপুৰ প্ৰথমে চেন্নাই ভ্ৰমণ কৰে । চেন্নাইত তেওঁ দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ শক্তিশালী পৰিচালক এছ এছ ৰাজামৌলী আৰু দক্ষিণ চুপাৰষ্টাৰ নাগাৰ্জুনৰ সৈতে উপস্থিত হৈছে ।

ৰণবীৰে ক্ষমা খোজাৰ বহুত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ব্ৰহ্মাস্ত্ৰ ছবিখনে ৷ ছবিখনৰ পৰিচালনা কৰিছে ৰণবীৰ কাপুৰৰ বন্ধু অয়ন মুকেৰ্জীয়ে । ইয়াৰ পূৰ্বে এই যুটিয়ে একেলগে কাম কৰিছিল ‘Yeh Jawaani Hai Deewani’ ছবিখনত । ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিছিল । এতিয়া সকলোৰে আশা ব্ৰহ্মাস্ত্ৰক লৈ ৷

লগতে পঢ়ক : Swara Bhasker on boycott trend সুশান্ত সিং ৰাজপুতৰ ৰহস্যময় মৃত্যুৰ পিছত অমানিশা নামিছে বলীউডলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.