ETV Bharat / entertainment

Rajinikanth: মুখ্যমন্ত্ৰী যোগীৰ পিচত অখিলেশ যাদৱক সাক্ষাৎ ৰজনীকান্তৰ, মায়াৱতীকো সাক্ষাৎ কৰিব নেকি ৰজনীকান্তে ?

author img

By

Published : Aug 20, 2023, 12:34 PM IST

দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত বৰ্তমান উত্তৰ প্ৰদেশত আছে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰাৰ পিচতে আজি তেওঁ সাক্ষাৎ কৰে অখিলেশ যাদৱক ৷

Rajinikanth arrives at SP Chief Akhilesh Yadavs residence in Lucknow
ৰজনীকান্ত বৰ্তমান ইউ পিত আছে

চিটাৰা ডেস্ক, ২০ আগষ্ট: এইকেইদিন ছ’চিয়েল মিডিয়াত ‘জেইলাৰ’ ছবিখনৰ বাবে যথেষ্ট চৰ্চাত আছে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত ৷ ১০ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখন । বৰ্তমান ছুপাৰষ্টাৰগৰাকী উত্তৰ প্ৰদেশত আছে । শনিবাৰে ইউপিৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক সাক্ষাৎ কৰি তেওঁৰ সৈতে জেইলাৰ ছবিখন চায় ৷

মুখ্যমন্ত্ৰী যোগীক সাক্ষাৎ কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈ থকা দেখা গৈছে ৷ অৱশ্যে এই ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত খুব চৰ্চাও হৈ থকা পৰিলক্ষিত হৈছে । ইফালে যোগীক সাক্ষাৎ কৰাৰ পিচত আজি (২০ আগষ্ট) ৰজনীকান্তে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক সাক্ষাৎ কৰে ।

অখিলেশ যাদৱক লগ পোৱাৰ পিচত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, অখিলেশ আৰু মই ৯ বছৰ পূৰ্বে লগ হৈছিলো । সেইদিনাৰ পৰা আমি বন্ধু । ফোনতো ইজনে সিজনৰ লগত কথা পাতে । ৰজনীকান্তে কয় যে পাঁচ বছৰ পূৰ্বে যেতিয়া তেওঁ উত্তৰ প্ৰদেশত শ্বুটিঙৰ বাবে আহিছিল তেতিয়া অখিলেশ যাদৱক লগ কৰিব পৰা নাছিল যদিও এতিয়া তেওঁক লগ কৰিবলৈ আহিছে ।

  • जब दिल मिलते हैं तो लोग गले मिलते हैं।

    मैसूर में इंजीनियरिंग की पढ़ाई के दौरान पर्दे पर रजनीकांत जी को देखकर जितनी ख़ुशी होती थी वो आज भी बरकरार है। हम 9 साल पहले व्यक्तिगत रूप से मिले और तब से दोस्ती है… pic.twitter.com/e9KZrc5mNH

    — Akhilesh Yadav (@yadavakhilesh) August 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মায়াৱতীৰ লগতো সাক্ষাৎ হ’বনে ৰজনীকান্তৰ ?

এই সময়ত মুখ্যমন্ত্ৰী যোগীৰ সৈতে তেওঁৰ সাক্ষাৎ ভাল বুলি কয় । এতিয়া তেওঁ অযোধ্যালৈ গৈ আছে ৰাম লালাৰ দৰ্শন কৰিব ৰজনীকান্তে । এই সময়ত যেতিয়া তেওঁক সাংবাদিকে সুধিছিল যে, তেওঁ মায়াৱতীকো লগ কৰিব নেকি ? ইয়াৰ উত্তৰত তেওঁ ‘নকৰোঁ’ বুলি কয় ৷

ৰজনীকান্তক লগ পোৱাৰ ফটো শ্বেয়াৰ কৰিছে অখিলেশে

  • #WATCH | Lucknow, UP: "I met Akhilesh Yadav 9 years ago at a function in Mumbai and we are friends since then, we talk on phone. 5 years ago when I came here for a shoot but I couldn't meet him, now he is here so I met him...": Actor Rajinikanth after meeting SP Chief Akhilesh… pic.twitter.com/QWAeG3306d

    — ANI (@ANI) August 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, অখিলেশ যাদৱে ৰজনীকান্তৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ছবি তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে । এখন ছবিত দুয়োজনে ইজনে সিজনক সাৱটি ধৰা দেখা গৈছে । দ্বিতীয়খন ফটোত দুয়োকে একেলগে বহি থকা দেখা গৈছে । তেওঁ কয় যে, যেতিয়া তেওঁ মহীশূৰত অভিযান্ত্ৰিক অধ্যয়ন কৰিছিল তেতিয়া সেই সময়ছোৱাত ৰজনীকান্তক পৰ্দাত দেখি তেওঁ অতিশয় আনন্দিত হৈছিল আৰু সুখ এতিয়াও অক্ষত আছে । ৰজনীকান্তে কোৱাৰ দৰেই দুয়োৰে বন্ধুত্ব ৯ বছৰ পুৰণি, অখিলেশ যাদৱেও তেনেকৈয়ে কৈছিল ।

লগতে পঢ়ক: Rajinikanth: যোগীৰ চৰণ চুই আশীৰ্বাদ ল’লে ছুপাৰষ্টাৰ ৰজনীকান্তে, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.