ETV Bharat / entertainment

Rajinikanth: যোগীৰ চৰণ চুই আশীৰ্বাদ ল’লে ছুপাৰষ্টাৰ ৰজনীকান্তে, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

author img

By

Published : Aug 20, 2023, 10:11 AM IST

ছ’চিয়েল মিডিয়াত ভাইৰেল ছুপাৰষ্টাৰ ৰজনীকান্তৰ এটা ভিডিঅ’। ভিডিঅ’টোত ছুপাৰষ্টাৰগৰাকীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা দেখা গৈছে ৷ চাও আহক ভাইৰেল ভিডিঅ’টো ৷

Rajinikanth touched the feet of CM Yogi Adityanath, WATCH VIDEO
ছ’চিয়েল মিডিয়াত ভাইৰেল মুখ্যমন্ত্ৰী যোগী আৰু ৰজনীকান্তৰ এটা ভিডিঅ’

চিটাৰা ডেস্ক, 20 আগষ্ট: শনিবাৰে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰজনীকান্তে । ইয়াৰ পূৰ্বে শুকুৰবাৰে লক্ষ্ণৌত ‘জেইলাৰ’ৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়, য’ত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য । ইফালে ছ’চিয়েল মিডিয়াত ৰজনীকান্তৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ মুখ্যমন্ত্ৰী যোগীৰ ভৰি চুই আশীৰ্বাদ লোৱা দেখা গৈছে ।

ভাইৰেল ভিডিঅ’টোত জেইলাৰৰ তাৰকা ৰজনীকান্তক বাহনৰ পৰা নামি অহা দেখা গৈছে । বাহনৰ পৰা নামি আহি সেই স্থানত উপস্থিত থকা সকলোকে ছুপাৰষ্টাৰগৰাকীয়ে সম্ভাষণ জনাই আগবাঢ়ি যায় । তৰ পাচত ছুপাৰষ্টাৰগৰাকীক আদৰিবলৈ গেটত উপস্থিত হয় মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ । সেই সময়ত ৰজনীকান্তে প্ৰণাম কৰি মুখ্যমন্ত্ৰী যোগীৰ ভৰি স্পৰ্শ কৰে । ৰজনীকান্তক ৰখাই মুখ্যমন্ত্ৰীয়ে তেওঁক ওপৰলৈ তুলি লয় । ছুপাৰষ্টাৰগৰাকীৰ এই ভিডিঅ’টোৱে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয় ।

ভিডিঅ’টোত ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া

এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, ‘‘ৰিল হিৰোৰ সৈতে বাস্তৱ নায়ক’’ । একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘ৰাজনৈতিক ছুপাৰষ্টাৰৰ সৈতে ভাৰতীয় ছুপাৰষ্টাৰ’’ । আনহাতে একাংশ ব্যৱহাৰকাৰীয়ে ৰজনীকান্ত আৰু মুখ্যমন্ত্ৰী যোগীৰ বয়স সন্দৰ্ভত আপত্তি দাঙি ধৰিছে । ছুপাৰষ্টাৰ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা বৈঠকৰ ভিডিঅ’ শ্বেয়াৰ কৰি এজন টুইটাৰ ইউজাৰে কেপচনত লিখিছে, ‘‘লক্ষ্ণৌত হোৱা বৈঠকৰ সময়ত অভিনেতা ৰজনীকান্তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি চুই আশীৰ্বাদ লয় ।’’

নেলচনৰ পৰিচালনাত নিৰ্মিত ছবি জেইলাৰে বক্স অফিচত সৃষ্টি কৰিছে ধুমুহা ৷ ছবিখনে মুক্তিৰ আঠ দিনৰ ভিতৰত মুঠ ২৩৫.৬৫ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইফালে লক্ষ্ণৌ ভ্ৰমণৰ অন্তত অযোধ্যালৈ যাত্ৰা কৰিব ৰজনীকান্তে ।

লগতে পঢ়ক: Rajinikanth Jailer: ৰজনীকান্তৰ অনুৰাগীলৈ সুখবৰ ! বিনামূলীয়াকৈ এইসকল অনুৰাগীয়ে ছবিগৃহত উপভোগ কৰিব পাৰিব জেইলাৰ

লগতে পঢ়ক: Lal Salaam : লাল চালামৰ পৰা মুক্তি ৰজনীকান্তৰ ফাৰ্ষ্ট লুক, ইয়াৰ পিচতে ব্যাপক ট্ৰ’লৰ সন্মুখীন হয় ৰজনীকান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.