ETV Bharat / entertainment

Priyanka-Nick : ৰোমৰ ৰাজপথত প্ৰিয়ংকা-নিকৰ ৰোমাঞ্চ; চাওক দম্পতীৰ ৰোমান্টিক ভিডিঅ’

author img

By

Published : Apr 21, 2023, 12:46 PM IST

PRIYANKA CHOPRA NICK JONAS SHARE A ROMANTIC VIDEO WATCH
ৰোমান্টিক ভিডিঅ’ শ্বেয়াৰ কৰিছে নিকে

স্বামী-হলিউডৰ কণ্ঠশিল্পী নিক জ’নাছৰ সৈতে আগন্তুক ধাৰাবাহিকখনৰ প্ৰচাৰৰ বাবে ৰোমত উপস্থিত হৈছে প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)। শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা নতুন ৰোমান্টিক ভিডিঅ’ শ্বেয়াৰ কৰিছে নিকে ।

চিটাৰা ডেস্ক, 21 এপ্ৰিল: গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকাৰ কণ্ঠশিল্পী নিক জ’নাছ অন্যতম প্ৰিয় চেলিব্ৰিটি দম্পতী (Priyanka Chopra)। প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ ভাৰতত নাথাকে যদিও প্ৰায়ে ছ’চিয়েল মিডিয়াযোগে নিজৰ প্ৰত্যেকটো মুহূৰ্ত অনুৰাগীৰ বাবে শ্বেয়াৰ কৰে ৷ প্ৰায়ে ছ’চিয়েল মিডিয়াযোগে ইগৰাকীয়ে-সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰা দেখা যায় (Nick Jonas) ৷

শেহতীয়াকৈ নিক জ’নাছে ৰোমৰ পৰা এটা নতুন ৰোমান্টিক ভিডিঅ’ শ্বেয়াৰ কৰিছে (Priyanka Chopra and Nick Jonas romantic video) ৷ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে শ্বেয়াৰ কৰিছে ভিডিঅ’টো ৷ নিক জ’নাছে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা ভিডিঅ’টোত নিক আৰু প্ৰিয়ংকাক ৰোমৰ ৰাজপথত একেলগে খোজ কাঢ়ি থকা দেখা গৈছে । কলচিয়ামৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছে দুয়োকে । ইয়াৰ মাজতে ভিডিঅ’টোত নিক আৰু প্ৰিয়ংকাক চুমা খাই থকা দেখা গৈছে (Priyanka Chopra in Rome) ।

ভিডিঅ’টোত প্ৰিয়ংকাক বেইজ ব্ৰেলেট পৰিধান কৰা দেখা গৈছে, যিটো ক’লা চামৰাৰে নিৰ্মিত । মিডি স্কাৰ্টৰ সৈতে প্ৰিয়ংকাই ব্ৰেলেট পৰিধান কৰিছিল ৷ লগতে অভিনেত্ৰীগৰাকীয়ে হুপ ইয়াৰৰিং, ক’লা ছানগ্লাছ, বগা আৰু ক’লা ৰঙৰ স্নিকাৰো পৰিধান কৰা দেখা গৈছিল । ইফালে নিকক ৰঙা চাৰ্ট আৰু বেইজ পেণ্ট পৰিধান কৰা দেখা গৈছিল ।

লগতে দুয়োকে ৰোমৰ ৰাজপথত আইচক্ৰীমৰ সোৱাদো লোৱা দেখা যায় । ভিডিঅ’টো শ্বেয়াৰ কৰি নিকে কেপচন দিছিল, ‘ৰোম’। এজন অনুৰাগীয়ে মন্তব্য কৰিছে যে, ‘এনেকৈয়ে সপোন গঢ় লৈ উঠে।’ আন এজন অনুৰাগীয়ে লিখিছে, ‘মই তেওঁলোকক এখন ছবিত একেলগে চাব বিচাৰো ।’

উল্লেখ্য যে, প্ৰিয়ংকাৰ আগন্তুক ধাৰাবাহিক ‘চিটাডেল’ৰ প্ৰচাৰৰ বাবে ৰোমত উপস্থিত আছে দুয়ো স্বামী-স্ত্ৰী । ২০২৩ চনৰ ২৮ এপ্ৰিলত প্ৰাইম ভিডিঅ’ত দুটা খণ্ডৰ সৈতে চিটাডেলৰ প্ৰিমিয়াৰ হ’ব । ইয়াৰ পিচত প্ৰতি শুকুৰবাৰে সাপ্তাহিকভাৱে এটা নতুন খণ্ড মুক্তি পাব । একচনৰে ভৰপূৰ এই অনুষ্ঠানটো গ্ল’বেল চোৰাংচোৱা সংস্থা চিটাডেলৰ দুজন এজেণ্ট মেছন কেন (ৰিচাৰ্ড মেডেন) আৰু নাদিয়া সিং (প্ৰিয়ংকা)ৰ ওপৰত আধাৰিত ।

লগতে পঢ়ক: Twitter blue tick removed: শ্বাহৰুখ খানৰ পৰা যোগী আদিত্য নাথলৈ- কোনে কোনে হেৰুৱালে টুইটাৰৰ ব্লু টিক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.