ETV Bharat / entertainment

Diwali 2023: প্ৰিয়ংকাৰ কন্যা মালতীয়ে দীপাৱলীত এনেদৰে বনালে ৰংগোলী, চাওক ফটো

author img

By ANI

Published : Nov 12, 2023, 3:46 PM IST

Priyanka Chopra flaunts her daughter Malti Marie's rangoli on Diwali
দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰিয়ংকাই

বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বিদেশতো ধুমধামেৰে উদযাপন কৰিছে দীপাৱলী । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ কন্যাৰ প্ৰথমখন ৰংগোলীৰ ফটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: বলীউডৰ দেশী গাৰ্ল অৰ্থাৎ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা বৰ্তমান বিদেশত থিতাপি লৈছে, কিন্তু তাতেই অভিনেত্ৰীগৰাকীয়ে প্ৰতিটো উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰে । বৰ্তমান দীপাৱলী উদযাপনত ব্যস্ত অভিনেত্ৰীগৰাকী । শেহতীয়াকৈ প্ৰিয়ংকাই ইয়াৰ কিছুমান ছবি ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে । এই ছবিবোৰত প্ৰিয়ংকাই মালতী মেৰীয়ে বনোৱা প্ৰথম ৰংগোলীৰ ফটো শ্বেয়াৰ কৰিছে ।

Priyanka Chopra flaunts her daughter Malti Marie's rangoli on Diwali
প্ৰিয়ংকাৰ কন্যা মালতীয়ে দীপাৱলীত এনেদৰে বনালে ৰংগোলী

প্ৰিয়ংকাৰ কন্যাই দীপাৱলীত বনালে প্ৰথমটো ৰংগোলী

প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত এই ছবিসমূহ শ্বেয়াৰ কৰিছে । য’ত অভিনেত্ৰীগৰাকীয়ে মালতীয়ে বনোৱা প্ৰথম ৰংগোলীৰ ফটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ৷ এই ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে – ‘প্ৰথম ৰংগোলী’ । ছবিখনত দেখা গৈছে মালতীয়ে বনোৱা এটা মৰমলগা বগা আৰু বেঙুনীয়া ৰঙৰ ৰংগোলী । যাৰ ভিতৰত এটা চাকি ৰখা হৈছে ।

Priyanka Chopra flaunts her daughter Malti Marie's rangoli on Diwali
দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰিয়ংকাই

প্ৰিয়ংকাই নিজৰ অনুৰাগীক এনেদৰে জনালে দীপাৱলীৰ শুভেচ্ছা

মালতীৰ ৰংগোলীৰ ফটোৰ লগতে প্ৰিয়ংকাই আন এখন ফটো শ্বেয়াৰ কৰিছে ৷ জ্বলি থকা চাকিৰ এখন ছবি শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাই লিখিছে - ‘‘আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ, ইয়াত সদায় পোহৰ হৈ থাকক ৷’’ প্ৰিয়ংকাৰ এই পোষ্টটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যিটো তেওঁৰ অনুৰাগীয়ে অতিশয় ভাল পাইছে ।

অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ‘চিটাডেল ২’ত

উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰাই শেষবাৰৰ বাবে MAMI চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ মুম্বাইত উপস্থিত হৈছিল । ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ‘চিটাডেল ২’ত । এতিয়া অতি সোনকালে অভিনেত্ৰীগৰাকীক বহু ডাঙৰ ডাঙৰ প্ৰজেক্টত দেখা যাব ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰিয়ংকা চোপ্ৰাৰ বিবাহ হলিউডৰ গায়ক নিক জ’নাছৰ সৈতে হৈছে । বিয়াৰ পিচত এতিয়া প্ৰিয়ংকা-নিক কন্যা মালতী মেৰীৰ পিতৃ-মাতৃ । যাৰ ছবি প্ৰিয়ংকাই প্ৰায়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ।

লগতে পঢ়ক: Kareena Kapoor Diwali Bash: কৰীণাৰ পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে আলিয়া-ৰণবীৰে, পাৰ্টিত দেখা গ’ল এইসকল তাৰকাকো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.