ETV Bharat / entertainment

Nora Fatehi slapped her co star: কোনজন অভিনেতাক পূৰ্ণহতীয়া চৰ শোধাইছিল নোৰাই ?

author img

By

Published : Mar 1, 2023, 10:29 PM IST

Nora recalls ugly fight with co-star after she slapped him for misbehaving
কাক চৰ শোধাইছিল অভিনেত্ৰী নোৰা ফাতেহীয়ে

কোন অভিনেতাক পূৰ্ণহতীয়া চৰ শোধাইছিল অভিনেত্ৰী নোৰা ফাতেহীয়ে ? কপিল শৰ্মা শ্ব’ত খোদ নোৰাই ক’লে এই কথা ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন (Nora Fatehi slapped her co star) ৷

চিটাৰা ডেস্ক, 1 মাৰ্চ: ছবি জগতত বিশেষকৈ ছবিৰ শ্বুটিঙত অভিনেতা-অভিনেত্ৰীসকলৰ মাজত সদায় মিল থকা পৰিলক্ষিত হয় ৷ একেলগে শ্বুটিং কৰি থকাৰ সময়ত কেতিয়াবা যদি সহ অভিনেতা-অভিনেত্ৰীসকলৰ মাজত গঢ়ি উঠে ভাল বন্ধুত্ব, আন কেতিয়াবা আকৌ অভিনেতা-অভিনেত্ৰীসকলৰ মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্কও, এইসকলৰ মাজতে আকৌ শ্বুটিঙৰ সময়ৰ কিছুমান অনাকাংক্ষিত অভিজ্ঞতাও জড়িত হৈ থাকে ৷ যি অভিজ্ঞতা বেয়া স্মৃতি হিচাপে ৰৈ যায় অভিনেতা-অভিনেত্ৰীসকলৰ মনত ৷ তেনে এক অভিজ্ঞতা পুনৰবাৰ সোঁৱৰণ কৰিলে এগৰাকী অভিনেত্ৰীয়ে ৷

অভিনেত্ৰীগৰাকী সকলোৰে পৰিচিত ৷ হয়, নৃত্যশিল্পীৰ পৰা অভিনেত্ৰীলৈ পৰিণত হোৱা নোৰা ফাতেহীৰ কথাই কৈছো ৷ এটা অতিকৈ বেয়া অভিজ্ঞতাৰ সন্মুখীন হৈছিল নোৰা ফাতেহীয়ে । অভিনেত্ৰীগৰাকীয়ে সেই অভিজ্ঞতা স্মৰণ কৰি কয় যে তেওঁৰ প্ৰথমখন ছবি ৰ’ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনৰ চেটত তেওঁৰ লগত এগৰাকীসহ অভিনেতাই দুৰ্ব্যৱহাৰ কৰিছিল (Nora recalls ugly fight with co star) ৷

সহ অভিনেতাজনৰ নাম নোলোৱাকৈ নোৰাই কয় যে অভিনেতাজনে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰাৰ বাবে নোৰাই পূৰ্ণহতীয়া চৰ শোধাইছিল অভিনেতাজনক ৷ চৰ খোৱাৰ পিচতে নোৰাকো উভতি ধৰে অভিনেতাজনে ৷ কিন্তু এই ক্ষেত্ৰত নোৰাই সাহসিকতাৰ পৰিচয় দি প্ৰতিশোধ লয় আৰু নোৰাই আকৌ আক্ৰমণ কৰে অভিনেতাজনক ৷ ইয়াৰ পিচত আকৌ অভিনেতাজনে নোৰাক আক্ৰমণ কৰে, এইবাৰ নোৰাৰ চুলিত টানি ধৰে অভিনেতাজনে (Nora Fatehi slapped her co star) ৷

সেই কাজিয়াখনৰ কথা মনত পেলাই অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াৰ পিচতে শ্বুটিঙৰ স্থানত উপস্থিত থকা লোকসকলে তেওঁক সহায় কৰিবলৈ আগুৱাই আহে ৷ যাৰ ফলত ৰক্ষা পৰে নোৰা ফাতেহী (Nora slapped co actor for misbehaving) ৷ উল্লেখ্য যে বাংলাদেশত ছবিখনৰ শ্বুটিং কৰাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰ পিচত ২০১৪ চনত মুক্তি লাভ কৰে ছবিখনে ।

যোৱা বছৰৰ নৱেম্বৰ মাহত আয়ুষ্মান খুৰানাৰ সৈতে নিজৰ এখন ছবিৰ প্ৰচাৰৰ সময়ত কপিল শৰ্মা শ্ব’ত নিজৰ এই অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছিল নোৰাই ৷ নোৰাই এই অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰাৰ পিচতে শ্ব’টোত উপস্থিত থকা কপিলৰ পৰা আদি কৰি অৰ্চনা পুৰাণ সিং সকলো স্তম্ভিত হৈ পৰে ।

লগতে পঢ়ক: Sidharth Malhotra : নাম নোলোৱাকৈয়ে কিয়াৰৰ বিষয়ে কি ক’লে সিদ্ধাৰ্থে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.