ETV Bharat / entertainment

Nora Fatehi Birthday: 5 হাজাৰ টকা লৈ ভাৰতলৈ অহা নোৰাই আজিৰ দিনত লয় এই মূল্য

author img

By

Published : Feb 6, 2023, 5:24 PM IST

Nora Fatehi
নোৰাই আজিৰ দিনত লয় এই মূল্য

Nora Fatehi Birthday: নোৰা ফাতেহীৰ উদ্দাম নৃত্যত মতলীয়া কোটি কোটি লোক । নোৰা এসময়ত কোনো পৰিচয় নাছিল আৰু হাতত মাত্ৰ কেইটামান টকা লৈ হতাশ হৈ ভাৰতলৈ আহিছিল । কিন্তু এইগৰাকী নোৰাৰ বৰ্তমানৰ ষ্টেটাছ জানি আচৰিত হ’ব আপুনি ।

চিটাৰা ডেস্ক, 6 ফেব্ৰুৱাৰী : নিজৰ অকল্পনীয় নৃত্যৰ ভংগীমাৰে অনুৰাগীৰ হৃদয়ত জোঁৱাৰ তোলা বিখ্যাত নৃত্যশিল্পী তথা ‘দিলবাৰ গাৰ্ল’ নোৰা ফাতেহীৰ বাবে 6 ফেব্ৰুৱাৰীৰ দিনটো এটা বিশেষ দিন । আজি নোৰাই উদযাপন কৰিছে তেওঁৰ জন্মদিন (Nora Fatehi Birthday) । জীৱনৰ 31 টা বছৰ সম্পূৰ্ণ কৰিলে নোৰাই (Nora Fatehi age) । নোৰা এগৰাকী বিদেশী ব্যক্তিত্ব, যিয়ে কানাডাৰ পৰা কামৰ সন্ধানত বহু আশাৰে ভাৰতলৈ আহিছিল হাতত মাত্ৰ কেইটামান টকা লৈ আৰু ইয়াতেই মুকলি হৈছিল তেওঁৰ ভাগ্যৰ দুৱাৰ । আজি ভাৰতৰ পৰা নোৰাই যি স্বীকৃতি পাইছে, তাৰ ফলস্বৰূপে সমগ্ৰ বিশ্বতে নোৰা জনাজাত হৈ পৰিছে । বলীউডত নোৰা ইমানেই হিট যে ইয়াৰ বাবেই তেওঁ ‘ফিফা ফুটবল বিশ্বকাপ 2022’ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে । নোৰাৰ এই বিশেষ দিনটোত আমি আপোনালোকক জনাম তেওঁৰ কিছুমান বিশেষ কথা ।

Nora Fatehi
নোৰাই আজিৰ দিনত লয় এই মূল্য

কানাডাৰ অভিনেত্ৰী হোৱাৰ উপৰিও নোৰা এগৰাকী মডেল, উৎকৃষ্ট নৃত্যশিল্পী তথা প্ৰযোজকো ৷ জানি আচৰিত হ’ব যে, তেওঁ এগৰাকী গায়িকাও । ভাৰতীয় টেলিভিছনৰ আগন্তুক ডান্স ৰিয়েলিটী শ্ব’ত বিচাৰক হিচাপে নোৰা প্ৰথম পছন্দ হৈয়ে আছে । 2016 চনত তেওঁক ‘ঝলক দিখলা জা-9’ নৃত্য অনুষ্ঠানটোত প্ৰতিযোগী হিচাপে দেখা গৈছিল । কিন্তু বৰ্তমান তেওঁ ‘ঝলক দিখলা জা-10’ৰ বিচাৰক । ইয়াৰ লগতে তেওঁ ‘ডান্স দীৱানে জুনিয়ৰছ চিজন-1’ ৰো বিচাৰক ।

1992 চনৰ 6 ফেব্ৰুৱাৰীত কানাডাৰ টৰন্টোত নোৰাৰ জন্ম হৈছিল । নোৰা নাই ভাৰতীয় নাগৰিকত্ব । নোৰাই নিজৰ দেশত সৰু সৰু কাম কৰি ডাঙৰ কামৰ সন্ধানত ভাৰতলৈ উৰা মাৰিছিল আৰু কাম বিচাৰিবলৈ আৰম্ভ কৰিছিল । এক সাক্ষাৎকাৰত, নোৰাই কৈছিল যে তেওঁ 5 হাজাৰ টকা লৈ ভাৰতলৈ আহিছিল আৰু ইয়ালৈ আহি এটা সংস্থাৰ সৈতে কাম কৰা আৰম্ভ কৰিছিল । তেওঁ ইয়াৰ পৰা 3 হাজাৰ টকাকৈ পাইছিল আৰু তাৰ পৰাই জীৱন নিৰ্বাহ কৰিছিল ।

16 বছৰ বয়সতে কৰিবলগীয়া হৈছিল কাম

বলীউডত ভৰি দিয়াৰ পূৰ্বে নোৰাই চেলছ এক্সিকিউটিভ আৰু ওৱেট্ৰেছ হিচাপে কাম কৰিছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নোৰাই 16 ৰ পৰা 18 বছৰ বয়সৰ পৰাই ওৱেট্ৰেছ হিচাপে কাম কৰা আৰম্ভ কৰিছিল । আৰ্থিক সংকটৰ সৈতে যুঁজিবলৈ কম বয়সতে কাম আৰম্ভ কৰিছিল তেওঁ । কেৱল এয়াই নহয়, নোৰাই কফি শ্বপতো কাম কৰিছিল । ইয়াৰ উপৰিও নোৰাই কল চেণ্টাৰত টেলিকলাৰ আৰু লটাৰী বিক্ৰীৰ কামো কৰি আহিছে অতীতত ।

বলীউডত প্ৰথম বিৰতি কেতিয়া পাইছিল ?

ভাৰতলৈ অহাৰ পাছত নোৰা ফাতেহীয়ে সংস্থাৰ সৈতে কাম কৰিছিল আৰু এই সময়ছোৱাত হিন্দী চিনেমাতো কামৰ সুযোগ বিচাৰি আছিল । 2014 চনত, নোৰাই হিন্দী ছবি 'ৰোৰ - টাইগাৰ্ছ অফ দ্য সুন্দৰবন'ৰ পৰা প্ৰথম ডাঙৰ বিৰতি লাভ কৰিছিল, যদিও বিশেষ স্বীকৃতি নাপালে । কিন্তু তেওঁৰ সৌন্দৰ্য্যৰ যাদুৱে বহুতো চলচ্চিত্ৰ নিৰ্মাতাৰ ওপৰত কাম কৰিছিল আৰু একে বছৰতে, প্ৰতিযোগী হিচাপে 'বিগ বছ 9'ত যোগদান কৰাৰ লগতে, তেওঁ 8 খন চলচ্চিত্ৰ লাভ কৰিছিল, য'ত তেওঁ জুনিয়ৰ এনটিআৰ অভিনীত ছবি 'টেম্পাৰ'ৰ সৈতে টলিউডত আত্মপ্ৰকাশ ঘটায় ।

2015 চনত দক্ষিণৰ ব্লকবাষ্টাৰ ছবি ‘বাহুবলী - দ্য বিগিনিং’ৰ আইটেম গানটোত দেখা গৈছিল নোৰাক । 2015 চনতেই নোৰাই হিন্দীৰ লগতে তেলুগু, তামিল আৰু মালয়ালম ছবিও কৰিছিল । 8 বছৰীয়া চলচ্চিত্ৰ জীৱনত 20 খনতকৈও অধিক ছবিত অভিনয় কৰিছে নোৰাই ।

নোৰা ফাতেহীৰ উপাৰ্জন ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নোৰা ফাতেহী আজি কোটি টকাৰ মালিক । নোৰাই আজি এটা প্ৰদৰ্শনৰ বাবে 40 ৰ পৰা 50 লাখ টকাকৈ লয় । একে সময়তে ছ’চিয়েল মিডিয়াত বিজ্ঞাপন শ্বেয়াৰ কৰাৰ বাবে 5 ৰ পৰা 7 লাখ টকা লয় । প্ৰাপ্ত তথ্য মতে নোৰাৰ সম্পত্তি 30 কোটি টকা ।

লগতে পঢ়ক : প্ৰথম মৃত্যু বাৰ্ষিকীত আপোনালোকলৈ আগবঢ়াইছো লতাজীৰ কেইখনমান মনোমোহা ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.