ETV Bharat / entertainment

Allu Arjun: যি কাম কোনেও কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে আল্লু অৰ্জুনে

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:37 AM IST

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে এনে এক কৃতিত্ব লাভ কৰিছে যিটো আজিলৈকে কোনেও লাভ কৰিব নোৱাৰিলে দক্ষিণৰ ছবিজগতত । আল্লু অৰ্জুন তেলুগু চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন অভিনেতা হিচাপে পৰিগণিত হৈছে ।

National Award winning Allu Arjun created history became the first tollywood actor to do so
আল্লু অৰ্জুন তেলুগু চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন অভিনেতা

চিটাৰা ডেস্ক, ২৫ আগষ্ট: দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বাবে পুষ্পা ছবিখন কোনো বৰদানতকৈ কম নহয় ৷ প্ৰথমতে এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছিল আলোড়নৰ ৷ এতিয়া এই ছবিখনে যি ইতিহাস ৰচনা কৰিছে সেয়া যোৱা ৭ দশকলৈকে তেলুগু ছবিজগতত কোনেও কৰিব পৰা নাছিল ৷ বহু তেলুগু ছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে । কিন্তু এতিয়ালৈকে এজনো তেলেগু অভিনেতাই এই বঁটা লাভ কৰিব পৰা নাই । বৃহস্পতিবাৰে ঘোষণা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আল্লু অৰ্জুনক পুষ্পা ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় । এই খবৰৰ পিচতে অভিনেতাগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশে ৷

ছ’চিয়েল মিডিয়াত ইতিমধ্যে এই উদযাপনৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে আল্লু অৰ্জুনক অভিনন্দন জনাবলৈ তেওঁৰ বাসগৃহত বহু লোক উপস্থিত হৈছে । এই বিশেষ মুহূৰ্তত ৰাইজে তেওঁক সাৱটি ধৰি অভিনন্দন জনোৱা পৰিলক্ষিত হয় । কেৱল ইমানেই নহয়, আল্লু অৰ্জুনৰ ঘৰৰ বাহিৰত বহু অনুৰাগীৰ সমাগম ঘটিছে । তেওঁৰ ঘনিষ্ঠ বন্ধুসকলে তেওঁক অভিনন্দন জনাবলৈ উপস্থিত হৈছে তেওঁৰ বাসগৃহত ৷

একে সময়তে দেখা পোৱা গ’ল আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দক । এই বিশেষ ক্ষণত আল্লু অৰবিন্দে পুত্ৰক সাৱটি ধৰি অভিনন্দন জ্ঞাপন কৰে । দুয়োৰে যেন সুখৰ সীমা নাইকিয়া হৈ যায় ৷ ইয়াৰ উপৰিও ছবিখনৰ পৰিচালক সুকুমাৰকো দেখা পোৱা আল্লু অৰ্জুনৰ বাসগৃহত ৷ সুকুমাৰেও আল্লু অৰ্জুনক সাৱটি ধৰি অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ উপৰিও আন বহু লোকে আল্লু অৰ্জুনক অভিনন্দন জনায় । ভিডিঅ’সমূহত আল্লুৰ মুখত সুখ স্পষ্টকৈ দেখা পোৱা গৈছে, কাৰণ এয়া টলীউডৰ ইতিহাসত প্ৰথমবাৰ হৈছে ৷

বক্স অফিচতো ছবিখনে দেখুৱাইছিল ভাল ফলাফল

ছবিখনৰ কথা ক’বলৈ গ’লে পুষ্পা দা ৰাইজে সমগ্ৰ বিশ্বতে ৪০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে । ছবিখন হিন্দী ভাষাতো সকলোৱে পছন্দ কৰিছিল ৷ ছবিখনৰ সফলতা দেখি ইয়াৰ দ্বিতীয় খণ্ডৰ বাবেও নিৰ্মাতাসকলে কঠোৰ পৰিশ্ৰম কৰা পৰিলক্ষিত । খবৰ অনুসৰি আল্লু অৰ্জুনে ছবিখনৰ প্ৰথম খণ্ডৰ বাবে ৪৫ কোটি টকা লয় আৰু এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে প্ৰায় ৮৫ কোটি টকা লৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: 69th National Film Awards 2023 : ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; 'অনুৰ'-এ আঁজুৰিলে ৰাষ্ট্ৰীয় সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.