ETV Bharat / entertainment

Mahesh Bhatt Birthday: পিতৃ মহেশ ভাটৰ জন্মদিনত বিশেষ ধৰণে শুভেচ্ছা জনালে আলিয়াই, পিতৃৰ সৈতে শ্বেয়াৰ কৰিলে পুৰণি ফটো

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:11 PM IST

'love you papa', Alia Bhatt, pooja and Soni Razdan wish birthday to Mahesh Bhatt
মহেশ ভাটৰ বাবে আলিয়া জন্মদিনৰ শুভেচ্ছা

বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে পিতৃ মহেশ ভাটৰ ৭৫ সংখ্যক জন্মদিনৰ বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছে । অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে পুৰণি ছবি ৷

চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: ২০ ছেপ্টেম্বৰত অৰ্থাৎ বুধবাৰে বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে উদযাপন কৰে নিজৰ ৭৫ সংখ্যক জন্মদিন । স্পষ্টবাদী শৈলীৰ বাবে জনপ্ৰিয় মহেশ ভাটে হিন্দী চিনেমালৈ আগবঢ়াইছে বিপুল অৱদান । চাৰি দশক ধৰি এই উদ্যোগটোত শাসন কৰি অহা মহেশ ভাটে হিন্দী চিনেমাক বহু ছবি প্ৰদান কৰিছে ।

ইফালে নিৰ্মাতাগৰাকীৰ জন্মদিনৰ শুভ ক্ষণ উপলক্ষে তেওঁৰ মৰমৰ কন্যা তথা বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে তেওঁৰ পিতৃক এক বিশেষ ৰূপত জন্মদিনৰ শুভেচ্ছা জনাইছে । আলিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু আনচিন ছবি শ্বেয়াৰ কৰিছে ।

পিতৃক বিশেষ ধৰণেৰে জন্মদিনৰ শুভেচ্ছা জনাইছিল আলিয়াই

আলিয়াই ইনষ্টাগ্ৰামত দুখন ফটো শ্বেয়াৰ কৰিছে ৷ প্ৰথম ফটোখন আলিয়াৰ শৈশৱৰ, য’ত তেওঁক দেউতাকৰ কোলাত বহি থকা দেখা গৈছে । দ্বিতীয়খন ফটোত আলিয়াই দেউতাকৰ সৈতে চেলফি তুলি থকা দেখা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি আলিয়াই কেপচনত লিখিছে, "বেক টু দ্য মুন এগেইন, লাভ ইউ পাপা, আপোনাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ, আপুনি এজন অতি বুদ্ধিমান ব্যক্তি ।"

উল্লেখ্য যে, ২০২০ চনত মুক্তি পোৱা ‘ছড়ক ২’ ছবিখনত আলিয়া ভাটে প্ৰথমবাৰৰ বাবে পিতৃ মহেশ ভাটৰ সৈতে কাম কৰিছিল । অ’টিটি প্লেটফৰ্ম ডিজনী হটষ্টাৰত মুক্তি পোৱা এই ছবিখনত আলিয়াৰ উপৰিও সঞ্জয় দত্ত আৰু আদিত্য ৰায় কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল ।

ছোনী ৰাজদান আৰু পূজা ভাট

আলিয়াৰ উপৰিও মহেশ ভাটৰ দ্বিতীয় পত্নী ছোনী ৰাজদানেও স্বামীৰ আনচিন ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাইছে । এই ছবিসমূহ পূজা ভাটে তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি পিতৃক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

মহেশ ভাটে ছুপাৰহিট ছবি দিছে

মহেশ ভাটৰ চলচ্চিত্ৰ কেৰিয়াৰৰ কথা ক’বলৈ তেওঁ ‘আশিকী’, ‘অৰ্থ’, ‘সাৰাংশ’, ‘ডেডী’, ‘আৱাৰগী’ আদি ছবি পৰিচালনা কৰি উদ্যোগটোত নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে । চলচ্চিত্ৰৰ সমান্তৰালকৈ তেওঁ হিন্দী চিনেমালৈও বহু অভিনেতাক চিনাকি কৰাই দিছে । বিতৰ্কৰ সৈতেও মহেশ ভাটৰ গভীৰ সম্পৰ্ক আছে । তেওঁৰ বক্তব্যৰ বাবেই তেওঁ প্ৰায়ে বাতৰিৰ মাজত থাকে ।

লগতে পঢ়ক: Ambani Family Ganpati Celebration: বাপ্পাৰ পূজাত ব্যস্ত শ্বাহৰুখ খান, ফুল অৰ্পণ কৰি বাপ্পাৰ আশীৰ্বাদ ল’লে কিং খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.