ETV Bharat / entertainment

Kriti Sanon: কন্যাৰ সাফল্যত উৎফুল্লিত কৃতি সেননৰ পিতৃ-মাতৃ, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:21 PM IST

পিতৃ-মাতৃৰ সৈতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ মুহূৰ্ত উদযাপন কৰিলে কৃতি সেননে । অনুষ্ঠানৰ অন্তত মিমি অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত পিতৃ-মাতৃৰ সৈতে কিছু মৰমলগা ফটো শ্বেয়াৰ কৰে ।

Kriti Sanon celebrates 69th National Film Awards win with her parents, see pics
পিতৃ-মাতৃৰ সৈতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ মুহূৰ্ত উদযাপন কৰিলে কৃতি সেননে

চিটাৰা ডেস্ক, 18 অক্টোবৰ: সুখৰ সীমা নাই কৃতি সেননৰ । মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ‘মিমি’ ছবিখনত কৰা অসাধাৰণ অভিনয়ৰ বাবে কৃতি সেননক শ্ৰেষ্ঠ অভিনেতাৰ (মহিলা) বঁটাৰে সন্মানিত কৰা হয় । ছবিখনত অভিনেত্ৰীগৰাকীয়ে এগৰাকী চেৰ’গেট মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা এই বঁটা লাভ কৰাৰ পিচতে উৎফুল্লিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ ৷ এই সন্মানীয় অনুষ্ঠানত তেওঁৰ পিতৃ-মাতৃও উপস্থিত আছিল । ইফালে বঁটা লাভ কৰাৰ পাচত কৃতিয়ে ইনষ্টাগ্ৰামত কেইবাখনো ছবি শ্বেয়াৰ কৰিছে । মাক আৰু দেউতাকৰ সৈতে কৃতিয়ে শ্বেয়াৰ কৰিছে ছবি । এখন ছবিত পিতৃ-মাতৃৰ কোলাত বহি পদক আৰু চাৰ্টিফিকেট দেখুৱাই থকা দেখা গৈছে । লগতে কেপচনত লিখিছে, ‘‘এই অনুভৱক শব্দৰে প্ৰকাশ কৰাটো সহজ নহয় মোৰ বাবে । আজি মোৰ জীৱনৰ অন্যতম স্মৰণীয় দিন । নুপুৰ সেননক বহুত মিছ কৰিছো ।’’

পৰৱৰ্তী পোষ্টত কৃতিয়ে ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ মঞ্চত উঠা মুহূৰ্তৰ ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰে । এই পোষ্টটোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘বৃহৎ মুহূৰ্ত । বহুত মিছ কৰিলোঁ দিনু আৰু লক্ষ্মণ উট্টেকাৰ । বহুত বেছি ৷’’

মিমি ছবিখনৰ কাহিনী কি ?

মিমি’ ছবিখনত মিমি (কৃতি) নামৰ এগৰাকী যুৱতীৰ কাহিনী দেখুওৱা হয়, যিয়ে অভিনেত্ৰী হোৱাৰ সপোন দেখে ৷ কিন্তু এই সপোন পূৰণৰ বাবে প্ৰয়োজন হয় ধনৰ ৷ সেয়েহে, ধনৰ বাবে প্ৰয়োজনত বিদেশী দম্পতীৰ চেৰ’গেট মাতৃ হ’বলৈ সন্মত হয় । কিন্তু যেতিয়া এই দম্পতীয়ে গম পায় যে সন্তানটো জন্মতে ডাউন চিণ্ড্ৰম হ’ব, তেতিয়া তেওঁলোকে পিছুৱাই যায় । তাৰ পিচত মিমিয়ে নিজাববীয়াকৈ শিশুটিক ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত লয় আৰু এগৰাকী অকলশৰীয়া মাতৃ হিচাপে বহু প্ৰত্যাহ্বান আৰু সামাজিক চাপৰ সন্মুখীন হয় । মাতৃ হিচাপে তেওঁৰ যাত্ৰা আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো সন্তানক পোহপাল দিয়াৰ সংগ্ৰাম আছিল প্ৰেৰণাদায়ক ।

কৃতি সেননৰ ৱৰ্কফ্ৰন্ট

টাইগাৰ শ্ৰফৰ সৈতে একচন থ্ৰিলাৰ ছবি ‘গণপত: এ হিৰো ইজ বৰ্ণ’ত দেখা যাব কৃতিক । এই ছবিখন 20 অক্টোবৰত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: 69th National Film Awards ceremony: আলিয়া ভাটৰ পৰা আল্লু অৰ্জুনলৈকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপকৰ অনুভৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.