ETV Bharat / entertainment

69th National Film Awards ceremony: আলিয়া ভাটৰ পৰা আল্লু অৰ্জুনলৈকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপকৰ অনুভৱ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:54 PM IST

Updated : Oct 17, 2023, 5:24 PM IST

নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণৰ বাবে উপস্থিত আল্লু অৰ্জুন, আলিয়া ভাট, কৃতি সেননকে ধৰি বহু চলচ্চিত্ৰ চেলিব্ৰিটি ।

69th National Film Awards ceremony live updates
৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ লাইভ আপডেট

চিটাৰা ডেস্ক, 17 অক্টোবৰ: আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিছে বঁটা ৷ আগষ্ট মাহত ঘোষণা কৰা হৈছিল বঁটা বিজয়ী সকলৰ নাম । এই অনুষ্ঠানটো প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে নিজৰ ছ’চিয়েল মিডিয়া চেনেলত লাইভ ষ্ট্ৰীম কৰিছে ।

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ আপডেট

বগা শাৰী পৰিধান কৰি বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈছে কৃতি সেনন

মিমি ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে কৃতি সেননে । বগা ৰঙৰ শাৰী পৰিধান কৰি ৰাষ্ট্ৰীয় বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈছে কৃতি সেনন । লাইট মেকআপ আৰু বিন্দিৰে অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণ কৰিছিল নিজৰ লুক । এই উপলক্ষে সুখ প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘এই বঁটা লাভ কৰাটো মোৰ বাবে এক ডাঙৰ কথা । মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰো যে মই মিমিৰ দৰে এখন ছবিত কাম কৰাৰ সুযোগ পাইছো । ছবিখন নিৰ্মাণৰ সময়ত পৰিচালক লক্ষ্মণ উটেকাৰে কৈছিল যে এই ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিব ।’’

‘ৰকেট্ৰি: দ্য নাম্বি ইফেক্টক’ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিচত আনন্দত আত্মহাৰা হ’ল মাধৱন

ক’লা পোছাক পৰিধান কৰি ৰেড কাৰ্পেটত দেখা গ’ল আৰ মাধৱনক । তেওঁৰ পৰিচালনাত নিৰ্মিত ‘ৰকেট্ৰি: দ্য নাম্বি ইফেক্টক’ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বঁটা লাভ কৰিছে । এই বিষয়ে মাধৱনে কয় যে নাম্বি ছাৰক ইমান সুখী হোৱা দেখি আটাইতকৈ বেছি সুখ অনুভৱ কৰিছো ।

শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটোক দুগুণ কৃতিত্ব বুলি অভিহিত কৰিছে আল্লু অৰ্জুনে

‘পুষ্পা’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা অভিনেতা আল্লু অৰ্জুনে কয়,‘‘মই অতি সুখী ৷ কাৰণ মই এই বঁটা লাভ কৰিছো ৷ ব্যক্তিগতভাৱে মোৰ বাবে ই এক দুগুণ কৃতিত্ব ৷’’ অভিনেতাগৰাকীয়ে ৰেড কাৰ্পেটত তেওঁৰ ছবিখনৰ চিগনেচাৰ ষ্টেপটোও পৰিবেশন কৰি দেখুৱায় ।

কুচ কুচ হোতা হায়ৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ কথা ক’লে কৰণ জোহৰে

ৰেড কাৰ্পেটত খোজ দি কৰণ জোহৰৰ পৰিচালনাৰ প্ৰথমখন ছবি ‘কুচ কুচ হোতা হ্য়ে’ৰ ২৫ বছৰীয়া সম্পূৰ্ণ হোৱাৰ কথা কয় । ইয়াৰ পিচত এই ছবিখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । তেওঁ কয়, ‘২৫ বছৰৰ পাচত মই ইয়ালৈ উভতি আহিছো ৰাষ্ট্ৰীয় বঁটাৰ বাবে আৰু কি লাগে মোক ৷"

আলিয়া ভাটে পৰিধান কৰিলে বিবাহৰ শাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট । কিন্তু মনকৰিবলগীয়া কথাটো হ’ল আলিয়াই এই বিশেষ অনুষ্ঠানৰ বাবে এখন পুৰণি শাৰী বাছি লৈছিল । অৱশ্যে শাৰীখন পুৰণি হ’লেও আলিয়াৰ বাবে বিশেষ ৷ কিয়নো এইখন শাৰী আলিয়াই নিজৰ বিবাহত পৰিধান কৰিছিল ৷

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা ইয়াত চাওক

বিজয়ীৰ সম্পূৰ্ণ তালিকা

শ্ৰেষ্ঠ অভিনেতা: আল্লু অৰ্জুন (পুষ্পা দ্য ৰাইজ)

শ্ৰেষ্ঠ অভিনেত্ৰী: আলিয়া ভাট (গংগুবাই কাঠিয়াৱাড়ী), কৃতি সেনন (মিমি)

শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি: ৰকেট্ৰি: দ্য নাম্বি ইফেক্টক (আৰ মাধৱন লিড হিৰো)

শ্ৰেষ্ঠ পৰিচালক- নিখিল মহাজন (গোদাবৰী-পবিত্ৰ জল)

শ্ৰেষ্ঠ সহ অভিনেত্ৰী: পল্লৱী যোশী (The Kashmir Files)

শ্ৰেষ্ঠ সহ অভিনেতা: পংকজ ত্ৰিপাঠী (মিমি)

শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইনাৰ- চৰ্দাৰ উধম সিং

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইনাৰ- চৰ্দাৰ উধম সিং

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী- চৰ্দাৰ উধম সিং

শ্ৰেষ্ঠ সম্পাদনা- গংগুবাই কাঠিয়াৱাড়ী

শ্ৰেষ্ঠ মেকআপ আৰ্টিষ্ট- গংগুবাই কাঠিয়াৱাড়ী

শ্ৰেষ্ঠ হিন্দী ছবি- চৰ্দাৰ উধম সিং

শ্ৰেষ্ঠ গুজৰাটী ছবি-চেলো শ্ব'

শ্ৰেষ্ঠ মালয়ালম চিনেমা- হোম

শ্ৰেষ্ঠ তামিল ছবি- কদৈচি বিভাছায়ী

শ্ৰেষ্ঠ মৈথেলী ছবি - সমান্তৰ

শ্ৰেষ্ঠ তেলুগু ছবি- উপেনা

শ্ৰেষ্ঠ মাৰাঠী ছবি- একদা কায় জালা

শ্ৰেষ্ঠ শিশু শিল্পী- ভাৱিন ৰাবাৰী (চেলো শ্ব')

শ্ৰেষ্ঠ কানাড়া ছবি- ৭৭৭ চাৰ্লি

বিশেষ জুৰী বঁটা- শ্বেৰশ্বাহ

শ্ৰেষ্ঠ সংগীত পৰিচালনা- পুষ্পা/ আৰ আৰ আৰ

শ্ৰেষ্ঠ একচন পৰিচালনাৰ বঁটা- আৰ আৰ আৰ (ষ্টাণ্ট কোৰিঅ'গ্ৰাফাৰ- কিং ছলমন)

শ্ৰেষ্ঠ নৃত্য পৰিচালনা- আৰ আৰ আৰ (নৃত্য পৰিচালক- প্ৰেম ৰক্ষিত)

শ্ৰেষ্ঠ বিশেষ ইফ্টেছ- আৰ আৰ আৰ (বিশেষ প্ৰভাৱ সৃষ্টিকৰ্তা- ভি শ্ৰীনিবাস মোহন)

শ্ৰেষ্ঠ কথন কণ্ঠৰ ওপৰত শিল্পী- কুলদা কুমাৰ ভট্টাচাৰ্য্য

শ্ৰেষ্ঠ সংগীত পৰিচালক-ঈশান দিবেচা

শ্ৰেষ্ঠ সম্পাদনা- অভ্ৰ’ বেনাৰ্জী (If Memory Serves Me Right) নন ফিচাৰ ফিল্ম

লগতে পঢ়ক: 69th National Film Awards: ৰাষ্ট্ৰীয় বঁটা গ্ৰহণৰ বাবে আলিয়াই পৰিধান কৰিছে এখন বিশেষ শাৰী

Last Updated : Oct 17, 2023, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.