ETV Bharat / entertainment

69th National Film Awards: ৰাষ্ট্ৰীয় বঁটা গ্ৰহণৰ বাবে আলিয়াই পৰিধান কৰিছে এখন বিশেষ শাৰী

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:10 PM IST

গংগুবাই কাঠিয়াৱাড়ী ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে আলিয়া ভাটে । ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিজ্ঞান ভৱনত উপস্থিত হৈছে আলিয়া ভাট ।

Alia Bhatt attends 69th National Award donning her wedding saree, Ranbir Kapoor looks dapper in black
ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হৈছে আলিয়া ভাট

চিটাৰা ডেস্ক, 17 অক্টোবৰ: অভিনেত্ৰী আলিয়া ভাটৰ বাবে আজি এক অতি বিশেষ দিন । দৰাচলতে আলিয়াক আজি ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৱে । গংগুবাই কাঠিয়াৱাড়ী ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে আলিয়া ভাটে । আজি দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে আলিয়া ভাট । এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা সাজযোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ এই বিশেষ অনুষ্ঠানৰ বাবে আলিয়াই বাছি লৈছে বিশেষ সাজ-পোছাক । হয়, বিয়াৰ সাজ পৰিধান কৰি ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিবলৈ আহিছে আলিয়াই ।

আলিয়াৰ লুকৰ কথা ক’বলৈ গ’লে আলিয়াই পৰিধান কৰিছে অফ হোৱাইট ৰঙৰ শাৰী । এই সাজ এই কাৰণেই আলিয়াৰ বাবে বিশেষ, কিয়নো আলিয়াই বিয়াত পৰিধান কৰিছিল এই শাৰীখন ৷ এই শাৰীখন ডিজাইন কৰিছিল সব্যাসাচীয়ে । আলিয়াই এই লুকটো সম্পূৰ্ণ কৰিছে চকাৰ নেকেলেচ আৰু ষ্টড ইয়াৰৰিঙৰ সৈতে । লগতে ৰঙা বিন্দীৰে নিজৰ লুকটো আৰু অধিক পৰিপূৰক কৰিছিল আলিয়াই । কেৱল ইমানেই নহয়, চুলিত বগা গোলাপ ফুলো লগাইছে অভিনেত্ৰীগৰাকীয়ে ৷ এই লুকটোত আলিয়াক অতি সুন্দৰ দেখা গৈছে ৷

উল্লেখ্য যে, স্বামী ৰণবীৰ কাপুৰৰ সৈতে এই অনুষ্ঠানত উপস্থিত হৈছে আলিয়া । এই ইভেণ্টত দেখা গ’ল ৰণবীৰ কাপুৰক ক’লা ৰঙৰ সাজ-পোছাকত ।

গংগুবাই কাঠিয়াৱাড়ী ছবিখনৰ বিষয়ে

গংগুবাই কাঠিয়াৱাড়ী ছবিখন সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰিছে । দৰ্শকেও ছবিখনত ইতিবাচক সঁহাৰি প্ৰদান কৰিছে । আলিয়া ভাটৰ উপৰিও শান্তনু মহেশ্বৰী, বিজয় ৰাজ, অজয় ​​দেৱগন, জিম সৰভৰ দৰে তাৰকাকো এই ছবিখনত দেখা গৈছিল ।

উল্লেখ্য যে আলিয়া ভাটৰ উপৰিও অভিনেত্ৰী কৃতি সেননে মিমি ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে । অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছিল কৃতি সেননৰ এই ছবিখন ।

লগতে পঢ়ক: 69th National Film Awards: আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কোনে কি শাখাত পাব বঁটা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.