ETV Bharat / entertainment

69th National Film Awards: আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কোনে কি শাখাত পাব বঁটা ?

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 1:02 PM IST

President Murmu to confer 69th National Film Awards today; ahead of the event, have a look at winners from major categories
আজি নতুন দিল্লীত প্ৰদান কৰিব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । অনুষ্ঠানৰ পূৰ্বে জানি লওক বঁটা বিজয়ীসকলৰ নাম ৷

চিটাৰা ডেস্ক, 17 অক্টোবৰ: আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৷ এই বঁটা প্ৰদান অনুষ্ঠানটি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ । আৰু মাত্ৰ কেইঘণ্টামানৰ পিচতে আৰম্ভ হ’ব এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানটি ৷ অনুষ্ঠানটি আৰম্ভ হোৱাৰ পূৰ্বে জানি লওক ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সময়সূচী আৰু এই সন্মান লাভ কৰিবলগীয়া ডাঙৰ ডাঙৰ শাখাৰ বিজয়ীসকলৰ নাম ।

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সময়সূচী:

স্থানঃ বিজ্ঞান ভৱন

তাৰিখ: ১৭ অক্টোবৰ, ২০২৩

সময়: ৩.০০ বজাৰ পৰা আৰম্ভ হ’ব

উল্লেখযোগ্য যে, বিজয়ীসকলৰ ভিতৰত প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক ২০২১ বৰ্ষৰ বাবে দাদাছাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হ’ব ৷ ইয়াৰ বিপৰীতে আৰ মাধৱনৰ পৰিচালনাত নিৰ্মিত ‘ৰকেট্ৰি: দ্য নাম্বি ইফেক্টক’ ২০২১ চনৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে সন্মানিত কৰা হ’ব ৷ আনহাতে ‘পুষ্পা: দ্য ৰাইজ’ত উৎকৃষ্ট অভিনয়ৰ বাবে আল্লু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, আলিয়া ভাটক ‘গংগুবাই কাঠিয়াৱাড়ী’ আৰু কৃতি সেননক ‘মিমি’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হ’ব ।

ইফালে কাশ্মীৰ ফাইলছত অভিনয় কৰা পল্লৱী যোশীক শ্ৰেষ্ঠ সহ-অভিনেত্ৰী আৰু মিমি ছবিখনত অভিনয় কৰা পংকজ ত্ৰিপাঠীক শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা প্ৰদান কৰা হ’ব । শ্ৰেষ্ঠ জনপ্ৰিয় ছবি হিচাপে স্বীকৃতি লাভ কৰিছে ‘আৰআৰআৰ’ ছবিখনে আৰু বিবেক অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মিত দ্য কাশ্মীৰ ফাইলছে ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ ছবিৰ নাৰ্গিছ দত্ত বঁটা প্ৰদান কৰা হ’ব ।

নন-ফিচাৰ ফিল্ম শাখাত সৃষ্টি লখেৰাৰ পৰিচালিত ‘এক থা গাওঁ’ বছৰৰ শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম হিচাপে নিৰ্বাচিত কৰা হৈছে । নিখিল মহাজনক তেওঁৰ মাৰাঠী ছবি ‘গোদাবৰী’ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হ’ব । শ্ৰেয়া ঘোষল আৰু কালা ভৈৰৱক নিজ নিজ গীতৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা আৰু শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কৰ বঁটাৰে সন্মানিত কৰা হ’ব । ইয়াৰ উপৰিও আৰ আৰ আৰে শ্ৰেষ্ঠ কোৰিঅ’গ্ৰাফীৰ বঁটা লাভ কৰিছে । পুষ্পা: দ্য ৰাইজ আৰু আৰ আৰ আৰ ছবি দুখনক অসাধাৰণ সংগীত পৰিচালনাৰ বাবে স্বীকৃতি দিয়া হ’ব, য’ত দেৱী শ্ৰীপ্ৰসাদ আৰু এম.এম. কিৰাভানীক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা আগবঢ়োৱা হ’ব ।

শ্বুজিত ছিৰকাৰৰ পৰিচালিত জীৱনীমূলক ঐতিহাসিক নাটক ‘চৰ্দাৰ উধম সিং’ ছবিখনে শ্ৰেষ্ঠ হিন্দী ছবিৰ খিতাপ দখল কৰাৰ লগতে শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী, শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন আৰু শ্ৰেষ্ঠ সাজ-পোছাকৰ ডিজাইনৰ বঁটাৰে সন্মানিত কৰা হ’ব । ইয়াৰ উপৰিও ভবীন ৰাবাৰীক গুজৰাটী ছবি ছেল’ শ্ব’ৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা প্ৰদান কৰা হ’ব আৰু বকুল মাটিয়ানীক নন-ফিচাৰ ফিল্ম শাখাত শ্ৰেষ্ঠ পৰিচালনাৰ বঁটাৰে স্বীকৃতি দিয়া হ’ব ।

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ নাম ২৪ আগষ্টত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে ৷ আনহাতে আজি ৩ বজাৰ পৰা বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা ৷

লগতে পঢ়ক: Allu Arjun: যি কাম কোনেও কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে আল্লু অৰ্জুনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.