ETV Bharat / entertainment

Shahrukh Khan: সুহানা খানৰ প্ৰথমটো গীত চাই আৱেগিক হৈ পৰিল কিং খান

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 6:45 PM IST

King khan commented after seeing Daughter Suhana khan's first song
সুহানা খানৰ প্ৰথমটো গীত চাই আৱেগিক হৈ পৰিল কি খান

জয়া আখতাৰৰ দ্য আৰ্চিজ ছবিৰে বলীউডত আত্মপ্ৰকাশৰ বাবে সাজু হৈছে সুহানা খান । শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ প্ৰথমটো গীত । যাৰ ওপৰত শ্বাহৰুখ খানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, 20 অক্টোবৰ: শ্বাহৰুখ খানৰ কন্যা সুহানা খানে জোয়া আখতাৰৰ পৰিচালনাত নিৰ্মিত মিউজিকেল কমেডী ‘দ্য আৰ্চিজ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব । ছবিখনত অভিনয় কৰিছে খুশী কাপুৰ, বেদাং ৰাইনা, অগস্ত্য নন্দ, মিহিৰ আহুজা, যুৱৰাজ মেণ্ডা আৰু অদিতি ‘ডট’ ছেহগলে । শেহতীয়াকৈ ছবিখনৰ পৰা মুক্তি পোৱা প্ৰথমটো গীত হৈছে ‘সুনোহ’, য’ত সুহানাক স্কেটিং কৰা দেখা গৈছে । কন্যা সুহানাক দেখি তেওঁৰ ছুপাৰষ্টাৰ পিতৃয়েও গীতটোৰ ওপৰত মন্তব্য কৰি নিজৰ মনোভাৱ প্ৰকাশ কৰিছে ।

কন্যাৰ গীত চাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শ্বাহৰুখ খানে

চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ সাজু হোৱা কন্যা সুহানা খানৰ বাবে ইনষ্টাগ্ৰামত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে শ্বাহৰুখ খানে । শেহতীয়াকৈ মুক্তি পোৱা ‘সুনোহ’ গীতটোৰ আভাস পোষ্ট কৰি শ্বাহৰুখে লিখিছে, এইটো The Archies জগতৰ এক অতি অনন্য আৰু সুন্দৰ গীত । লগতে আজিৰ বাবে মোৰ প্ৰেৰণা লাইনটো আগবঢ়ালোঁ ।’’

সুহানাক ভিনটেজ লুকত স্কেট কৰা দেখা গৈছে

গীতটোত সুহানা খানক এটা অট্টালিকাত প্ৰৱেশ কৰা দেখা গৈছে, ভিনটেজ লুকত স্কেটত ঘূৰি ফুৰিছে । শ্বাহৰুখেও ইনষ্টাগ্ৰামত পোষ্ট দিওঁতে এটা ধেমেলীয়া মন্তব্য কৰি গীতটি আৰু সুহানাৰ অভিনয়ক প্ৰশংসা কৰে । তেওঁ লিখিছে- এই গীতটো আৰু লুক দুয়োটা মোৰ বৰ ভাল লাগিল বেবী । আপুনি জানেনে যে মোৰ বাহিৰে পৰিয়ালৰ সকলোৱে ৰোলাৰ স্কেটিং কৰিব জানে ?

উল্লেখ্য যে, মুম্বাইত দ্য আৰ্চিজৰ তাৰকা অভিনেতাৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । উদীয়মান তাৰকা সুহানা খানে তেওঁৰ আচৰিত ধৰণৰ ড্ৰেছ চয়নেৰে সকলোকে আপ্লুত কৰিছিল । ক’লা ৰঙৰ অফ শ্বোল্ডাৰ ক্ৰছ কাট টপ আৰু মেচিং পেণ্ট পৰিধান কৰিছিল সুহানাই । এই লুকটো ন মেকআপ লুকেৰে সম্পূৰ্ণ কৰিছিল শ্বাহৰুখৰ মৰমৰ কন্যাই ।

লগতে পঢ়ক: Tiger Shroff: ডিঙিত গণেশ বাবাৰ চাদৰ, কপালত তিলক, সিদ্ধিবিনায়ক মন্দিৰত টাইগাৰ শ্ৰফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.