ETV Bharat / entertainment

Kangana Ranaut: এক নতুন অৱতাৰত অভিনেত্ৰী কংগনা ৰানাৱট; চাওক ভিডিঅ’

author img

By

Published : Jun 13, 2023, 5:39 PM IST

বলীউড জগতৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী কংগনা ৰানাৱটে সম্প্ৰতি ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে । কাৰণ তেওঁৰ ছবি নহয় ফিটনেছৰ প্ৰতি সমৰ্পণ । দুবছৰৰ অন্তত ফিটনেছ ট্ৰেকলৈ ঘূৰি আহিছে অভিনেত্ৰী চাওক ভিডিঅ’

Kangana Ranaut returned to the fitness track after two years amazing dedication shown in the video
এক নতুন অৱতাৰত অভিনেত্ৰী কংগনা ৰানাৱট; চাওক ভিডিঅ’

চিটাৰা ডেস্ক, 13 জুন: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে তেওঁৰ বাক্যবাণৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰি থাকে যদিও বৰ্তমান তেওঁৰ এটা ৱৰ্কআউট ভিডিঅ’ অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে ।

আজিকালি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ প’ষ্ট প্ৰডাকচনত ব্যস্ত, কিন্তু ইয়াৰ লগে লগে তেওঁ আন এখন আগন্তুক একচন ছবিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । এই মুহূৰ্তত ছ’চিয়েল মিডিয়াত তেওঁৰ ৱৰ্কআউট ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে, যাৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ আকৌ এবাৰ ফৰ্মত আছে আৰু অতি সোনকালে নিখুঁত ফিগাৰ লাভ কৰিব ।

মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা মুকলি কৰে তেওঁৰ হাৰ্ডকোৰ ৱৰ্কআউট চেচনৰ ভিডিঅ’। ক্লিপটোত কংগনাক জাম্পিং জেক, মাউণ্টেন ক্লাইম্বিং, ৰছী স্কিপিং আৰু স্পট জগিঙৰ দৰে ফৰ্মৰ সৈতে ফাংচনেল ট্ৰেইনিং কৰা দেখা গৈছে ।

কংগনা ৰানাৱটে ভিডিঅ'টোৰ কেপচনত লিখিছে, " শ্ৰীমতী গান্ধীৰ চৰিত্ৰত অভিনয় কৰিবলৈমোৰ ব্যায়ামৰ ৰুটিনৰ পৰা দুবছৰৰ বিৰতিৰ পিছত এতিয়া মই মোৰ ফিটনেছ ৰুটিনলৈ ঘূৰি আহিছো আৰু আগন্তুক একচন ছবিখনৰ বাবে এক আচৰিত পৰিৱৰ্তনৰ বাবে আগ্ৰহী ।"

Kangana Ranaut ৱৰ্কআউট ভিডিঅ'

ইয়াৰ পূৰ্বেও কংগনা ৰানাৱটে নিজৰ ফিটনেছ যাত্ৰাৰ জৰিয়তে মানুহক আচৰিত কৰি তুলিছিল । তেওঁ নিজৰ ছবি ‘থালাইভি’ৰ বাবে ২০ কিলো ওজন বঢ়াইছিল আৰু তাৰ পিছত শ্বুটিং সম্পূৰ্ণ কৰাৰ পিছত ধাকড়ৰ বাবেও তেওঁ দ্ৰুতগতিত ওজন হ্ৰাস কৰিছিল । এতিয়া তেওঁৰ আগন্তুক চৰিত্ৰৰ বাবে আকৌ এবাৰ নিজৰ শৰীৰৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছে । উল্লেখ্য যে, কংগনাই এই সকলোবোৰ পেছাদাৰী প্ৰশিক্ষকৰ তত্বাৱধানত আৰু পৰামৰ্শতহে কৰে । সেইবাবেই বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে শৰীৰৰ কোনো পৰীক্ষা-নিৰীক্ষা কৰা উচিত নহয় ।

অতি শীঘ্ৰেই কংগনাক দেখা যাব ‘ইমাৰ্জেন্সি’ ছবিখনত, যিখন ছবি পৰিচালক হিচাপে তেওঁৰ দ্বিতীয়খন ছবি । ইয়াত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ ভূমিকা পালন কৰিব । ইয়াৰ উপৰিও ‘তেজস’, ‘চন্দ্ৰমুখী ২’, ‘মণিকৰ্ণিকা ৰিটাৰ্ণছ: দ্য লিজেণ্ড অৱ ডিড্ডা’ আৰু ‘দ্য অৱতাৰ: সীতা’ আদি বহু ছবিও শাৰীত আছে ।

লগতে পঢ়ক: Karan deol wedding: লাইটেৰে সজাই তুলিছে ছানী দেওলৰ বাসগৃহ; বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে ছানীৰ পুত্ৰ কৰণ, চাওক ছবি. .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.