ETV Bharat / entertainment

Kangana Ranaut news: Emergency ত ৰূপালী পৰ্দাত জিলিকিব অসম

author img

By

Published : Nov 26, 2022, 5:15 PM IST

Emergency
Emergency ত ৰূপালী পৰ্দাত জিলিকিব অসম

কুইন কংগনাৰ আগন্তুক ছবি Emergency ত দৰ্শকে দেখিবলৈ পাব অসমৰ বিভিন্ন মনোমোহা দৃশ্য (Kangana Ranaut in Assam) ৷ বৰ্তমান অসমত শ্বুটিং কৰাত ব্যস্ত হৈ আছে কংগনা ৰাণাৱট ৷

চিটাৰা ডেস্ক, 26 নৱেম্বৰ : ‘ধাকড় গাৰ্ল’ৰ প্ৰডাকচন হাউচ মণিকৰ্ণিকা ফিল্মছৰ বেনাৰত নিৰ্মিত ‘Emergency’ ছবিখনৰ অভিনেত্ৰী হোৱাৰ সমান্তৰালকৈ কংগনা ৰাণাৱট ছবিখনৰ পৰিচালক ও প্ৰযোজকো ৷ কংগনাক এক শক্তিশালী ৰূপত দেখা যাব ছবিখনত ৷ অভিনেতা শ্ৰেয়াস তালপাড়েক কংগনা ৰাণাৱটে পৰিচালনা কৰা Emergency ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব (Shreyas Talpade new movie) ৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ watershed moment ৰ মূহুৰ্তৰ কাহিনী দেখুওৱাবলৈ লোৱা ছবিখনৰ লেখক তথা পৰিচালক খোদ ৰাণাৱট ।

Emergency ত ৰূপালী পৰ্দাত জিলিকিব অসম

কংগনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু প্ৰবীণ অভিনেতা অনুপম খেৰে বিপ্লৱী নেতা জে পি নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিব । Emergencyৰ নায়ক নায়িকাৰ তালিকাত তালপাড়েৰ দৰে বহুমুখী প্ৰতিভাৰ অভিনেতা এজনে যোগদান কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলিও ৰাণাৱটে অভিহিত কৰে । মণিকাৰ্ণিকা ফিল্মছৰ এই ছবিখনৰ প্ৰযোজনা কৰিছে ৰেণু পিট্টী আৰু কংগনা ৰাণাৱটে ।

Emergency ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী মহিমা চৌধুৰীক (Mahima Chaudhary latest news) ৷ ভাৰতৰ বিখ্যাত লেখিকা তথা সাংস্কৃতিক কৰ্মী পুপুল জয়কাৰৰ চৰিত্ৰ ৰূপায়ন কৰিব অভিনেত্ৰী গৰাকীয়ে ৷ ছবিখনত অভিনেতা মিলিন্দ সুমনে ভাৰতীয় সেনাৰ প্ৰাক্তন সেনাধ্যক্ষ ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰিব (Milind Soman latest updates) ৷

Emergency
Emergency ত ৰূপালী পৰ্দাত জিলিকিব অসম

কংগনাৰ এই নতুন চিনেমা Emergency ৰ শ্বুটিঙৰ বাবে প্ৰথমে এক বৃহৎ টীম লৈ বোকাখাত-কাৰ্বি আংলং সীমান্তৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে মোহময়ী অভিনেত্ৰী গৰাকীয়ে (Kangana Ranaut latest news) । কাৰ্বি আংলঙৰ দলামৰাৰ লগতে বোকাখাতৰ বিভিন্ন অঞ্চলত শ্বুটিং স্পট পৰিদৰ্শন কৰেহি কংগনাই । বোকাখাতৰ ৰাস্তাতো স্থানীয় লোকৰ সৈতে মত বিনিময় কৰা দেখা গৈছিল অভিনেত্ৰী গৰাকীক ৷

Emergency
Emergency ত ৰূপালী পৰ্দাত জিলিকিব অসম

শ্বুটিং স্থলী নিৰ্ণয় কৰাৰ পাছত এতিয়া পূৰাদমে শ্বুটিং চলিছে Emergency ৰ ৷ বোকাখাতৰ নিকৰিৰ পাছত বোকাখাতৰ আমটেঙাতো কৰিলে কিছু দৃশ্যগ্ৰহণ ৷ বিষয়বস্তু অনুসৰিয়েই বোকাখাতৰ আমটেঙাত নিৰ্মাণ কৰা হৈছে 1977 চনৰ বাংলাদেশৰ ছেট । আনহাতে গুৱাহাটীৰ পানীখাইতিত শনিবাৰে পুৱাই উপস্থিত হয় অভিনেত্ৰী গৰাকী । প্ৰাকৃতিক ভাবে মনোমোহা চন্দ্ৰপুৰৰ পানীখাইতিত অভিনেত্ৰীগৰাকীয়ে কৰিছে শ্বুটিং ।

লগতে পঢ়ক : Majuli music festival: মাজুলী মিউজিক ফেষ্টিভেল 2022ৰ তৃতীয় সংস্কৰণৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.