ETV Bharat / entertainment

Kangana Ranaut: বলীউডৰ পৰা ৰাজনীতিলৈ ঢাপলি মেলিব কংগনা ৰনৌতে, লোকসভা নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:23 PM IST

Kangana Ranaut confirms entering politics during Dwarka visit, says 'If Lord Krishna blesses, I will contest Lok Sabha elections'
নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত এই ডাঙৰ বক্তব্য কংগনাৰ

আকৌ এবাৰ ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ পৰিছে কংগনা । ৰাজনীতিত প্ৰৱেশৰ সন্দৰ্ভত কংগনাই কৰিলে ডাঙৰ মন্তব্য ৷ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিছে অভিনেত্ৰীগৰাকীয়ে ।

চিটাৰা ডেস্ক, 3 নৱেম্বৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতে উৎকৃষ্ট অভিনয়ৰে চলচ্চিত্ৰ জগতত নিজৰ এক অনন্য নাম বনাবলৈ সক্ষম হৈছে । তেওঁৰ অভিনয় প্ৰতিভা তেওঁৰ যিকোনো ছবিতে স্পষ্টকৈ দেখা যায় । এতিয়া শেহতীয়াকৈ কংগনাৰ ছবি ‘তেজস’ ছবিগৃহত মুক্তি লাভ কৰিছে, কিন্তু ছবিখনে ছবিগৃহত দৰ্শকক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে ৷ যাৰ বাবে বক্স অফিচত ফ্লপ ৰূপে পৰিগণিত হৈছে তেজস ৷ ইয়াৰ মাজতে এতিয়া কংগনাৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে । দৰাচলতে ৰাজনীতিত প্ৰৱেশৰ সন্দৰ্ভত কংগনাই এটা ডাঙৰ মন্তব্য কৰিছে, আগন্তুক লোকসভা নিৰ্বাচনত অভিনেত্ৰীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইংগিত দিছে ।

বলীউডৰ পৰা ৰাজনীতিলৈ ঢাপলি মেলিব কংগনা !

‘তেজস’ ছবিখন ফ্লপ হোৱাৰ পিচতে শ্ৰীকৃষ্ণৰ দৰ্শন কৰিবলৈ দ্বাৰকাধীশ মন্দিৰলৈ গৈছে কংগনা । দ্বাৰকাধীশ মন্দিৰৰ পৰা অভিনেত্ৰীগৰাকীয়ে বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ কিন্তু এই ফটোসমূহ শ্বেয়াৰ কৰাৰ বাবেও ছ’চিয়েল মিডিয়াত কংগনাক ট্ৰ’ল কৰিছে একাংশই ৷ এই ফটোসমূহ শ্বেয়াৰ কৰাৰ পিচতে কংগনাই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি বহু ইউজাৰে জল্পনা-কল্পনা কৰি আছিল ।

নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত এই ডাঙৰ বক্তব্য কংগনাৰ

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নাগেশ্বৰ মহাদেৱ মন্দিৰ পৰিদৰ্শন কৰি ভগৱানৰ আশীৰ্বাদ লয় । ইয়াৰ পিচত সংবাদ মাধ্যমৰ সৈতে কথা পাতি অভিনেত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিয়ে । কংগনাই কয়, ‘‘ভগৱান শ্ৰী কৃষ্ণ যদি সন্তুষ্ট হয়, তেন্তে মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম ।’ কংগনাৰ এই বক্তব্যৰ পিচতে ছ’চিয়েল মিডিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এতিয়া প্ৰশ্ন হয় সঁচাকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে কংগনাই ৷ অৱশ্যে কংগনাই বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে সেয়া গম পোৱা যাব আগন্তুক নিৰ্বাচনৰ তালিকা ঘোষণাৰ পাছতহে ৷

লগতে পঢ়ক: Kangana ranaut visits Dwarkadhish: তেজসৰ ফ্লপৰ পিচত দ্বাৰকাধীশ মন্দিৰলৈ কংগনা, ক’লে - মোৰ হৃদয় বিচলিত হৈ পৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.