ETV Bharat / entertainment

Kamal Haasan on The Kerala Story: দ্য কেৰালা ষ্ট’ৰী ছবিখনকলৈ কমল হাছানৰ ডাঙৰ মন্তব্য

author img

By

Published : May 28, 2023, 1:48 PM IST

Kamal Haasan on The Kerala Story: Claims of 'based on true story is not enough, it has to really be true'
দ্য কেৰালা ষ্ট’ৰীক কমল হাছানৰ মন্তব্য

শেহতীয়াকৈ বলীউডৰ শ্ৰেষ্ঠ অভিনেতা কমল হাছানে ‘দ্য কেৰালা ষ্ট’ৰী’ক অপপ্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। অভিনেতাগৰাকীয়ে কয় যে দেশৰ জনসাধাৰণক ভাঙি পেলোৱা এনে ছবিৰ মই বিৰোধী (The Kerala Story controversy)।

চিটাৰা ডেস্ক, 28 মে’: আদা শৰ্মাৰ অভিনীত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’য়ে শেহতীয়াকৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে (The Kerala Story controversy)। অভিনেতাই হওক বা ৰাজনীতিবিদেই হওক, ছবিখনক লৈ সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শেহতীয়াকৈ প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা কমল হাছানেও এই ছবিখনৰ সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে (Kamal Haasan reacts to The Kerala Story)। অভিনেতাগৰাকীয়ে কয় যে এখন ছবি কেৱল টেগলাইন লগালেই ‘সঁচা কাহিনী’ নহয় (Kamal Haasan On The Kerala Story)।

মই অপপ্ৰচাৰ কৰা ছবিৰ বিৰোধী - কমল হাছান

আইফা এৱাৰ্ডত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা কমল হাছানে ‘দ্য কেৰালা ষ্ট’ৰী’ক অপপ্ৰচাৰমূলক ছবি বুলি অভিহিত কৰি কয় যে, “মই অপপ্ৰচাৰমূলক ছবিৰ বিৰোধী ৷ এখন ছবি কেৱল টেগলাইন লগালেই ‘সঁচা কাহিনী’ নহয়, ই হ’ব লাগে বাস্তৱত সত্য আৰু মই সেইবোৰ ছবি ভাল নাপাওঁ যিবোৰ ছবিয়ে দেশৰ জনসাধাৰণক বিভাজিত কৰাৰ কাম কৰে।’’

ছবিখনৰ মূল কাহিনী কি জানি লওক

উল্লেখ্য যে সুদীপ্ত সেনৰ পৰিচালনা আৰু বিপুল শ্বাহৰ প্ৰযোজনাত নিৰ্মিত কৰা হৈছে ‘দ্য কেৰালা ষ্ট’ৰী’ ৷ ছবিখনৰ ট্ৰেইলাৰত কেৰালাৰ বহু মহিলাক প্ৰৱঞ্চনাৰে ধৰ্মান্তৰিত কৰি আইএছআইএছত যোগদান কৰিবলৈ প্ৰেৰণ কৰা বুলি দাবী কৰা হৈছিল । কিন্তু ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিচতে ছবিখন সোমাই পৰে বিতৰ্কৰ আৱৰ্তত ৷ ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই নিৰ্মাতাসকলে পৰবৰ্তী সময়ত ছবিখনত 32 হাজাৰ মহিলাৰ পৰিবৰ্তে কেৱল মাত্ৰ তিনিগৰাকী যুৱতীৰ সঁচা কাহিনী বুলি মন্তব্য কৰে ৷ ইয়াৰ পিচতো ছবিখনক লৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক বিতৰ্কৰ ৷

ইফালে ছবিখনত আদা শৰ্মাৰ অভিনয়ে আপ্লুত কৰিছে দৰ্শকক । ছবিখনত অভিনেত্ৰীগৰাকীয়ে এনে এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে কেৰালাৰ পৰা নিৰুদ্দেশ হোৱাৰ পিচত আইএছআইএছত যোগদান কৰে । ৫ মে’ত ছবিগৃহত মুক্তি লাভ কৰিছিল ছবিখন । আদাৰ উপৰিও ছোনিয়া বালানী, যোগিতা বিহানী আৰু সিদ্ধি ইদনানীয়েও ছবিখনত অভিনয় কৰিছে।

আনহাতে, মুক্তিৰ ২৩ দিনৰ পাচতো আদা শৰ্মা অভিনীত ছবিখনে ছবিগৃহত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে । ছবিখনে বৰ্তমানলৈকে বক্স অফিচত সংগ্ৰহ কৰিছে ২২০.০৭ কোটি টকা (The Kerala Story total BOC) ।

লগতে পঢ়ক: New Parliament: শ্বাহৰুখৰ পৰা ৰজনীকান্তলৈ, সকলোৱে নতুন সংসদ ভৱনৰ বাবে প্ৰধানমন্ত্ৰীক বিশেষভাৱে জনালে অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.