ETV Bharat / entertainment

Janmashtami 2023 Song: জন্মাষ্টমীক অধিক বিশেষ কৰি তোলক বলীউডৰ এই গীতসমূহেৰে

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 12:46 PM IST

আজি জন্মাষ্টমী ৷ দেশজুৰি উদযাপন কৰা হৈছে কৃষ্ণৰ জন্মাষ্টমী ৷ এই উপলক্ষে জানো আহক কিছু বলীউড গীতৰ বিষয়ে যিবোৰ জন্মাষ্টমীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৷

Janmashtami 2023 Janmashtami Songs To Celebrate Lord Krishnas Birthday
জন্মাষ্টমীৰ গীত

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: হোলী হওক, দীপাৱলী হওক বা ঈদ হওক, প্ৰতিটো উৎসৱেই ধুমধামেৰে পালন কৰা দেখা বলীউডৰ তাৰকাসকলক ৷ তাৰকাসকলে কেৱল এনে বিশেষ দিন উদযাপন কৰাই নহয়, ইয়াৰ লগতে এই উৎসৱবোৰৰ উদযাপন তেওঁলোকৰ ছবিবোৰতো দেখা যায় । আজি জন্মাষ্টমী ৷ শ্ৰীকৃষ্ণৰ জন্মৰ আনন্দত প্ৰত্যেক বছৰে পালন কৰা হয় কৃষ্ণ জন্মাষ্টমী । দধিৰ ভাণ্ড ভাঙি ৰাইজে অতি উৎসাহেৰে এই বিশেষ দিনটো উদযাপন কৰে ।

কৃষ্ণ জন্মাষ্টমীক বলীউডৰ বহু ছবিতো উদযাপন কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ এনে বহু গীতো ৰচনা কৰা হৈছে যিবোৰ ৰাইজৰ মাজত অতি জনপ্ৰিয় আৰু প্ৰতি বছৰে কৃষ্ণ জন্মাষ্টমী উপলক্ষে দধিৰ ভাণ্ড ভঙাৰ সময়ত সেই গীতবোৰৰ বজোৱা হয় । আজি জন্মাষ্টমী উপলক্ষে আমি আপোনালোকক এনে কিছুমান গীতৰ কথা ক’ম, যাৰ জৰিয়তে আপোনালোকক এই বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তুলিব পাৰিব ৷

গ’ গ’ গ’ গোবিন্দা

গ’ গ’ গ’ গোবিন্দ গীতটি কৃষ্ণ জন্মাষ্টমীৰ আধাৰত নিৰ্মিত গীতৰ ভিতৰত অতি জনপ্ৰিয় । এই গীতটো ২০১২ চনত মুকলি হৈছিল, এই গীতটিত কণ্ঠদান কৰিছিল মিকা সিং আৰু শ্ৰেয়া ঘোষালে ।

চান্দী কি ডাল পে সোনে কা মৌৰ

পৰৱৰ্তী গীতটো হৈছে ছলমান খানৰ ছবি হেলো ব্ৰাদাৰ্ছৰ । গীতটিৰ শিৰোনাম চান্দী কি ডাল পাৰ সোনে কা মৌৰ । যদিও এই গীতটো মুক্তি পোৱা ২৪ বছৰ হ’ল, তথাপিও আজিও উৎসৱ পাৰ্বনত এই গীতটি বজোৱা দেখা যায় ৷

গোবিন্দ আলা ৰে

ইয়াৰ পিচৰ গীতটো হ’ল গোবিন্দ আলা ৰে, যিটো বহু পুৰণি গীত । এইখন ১৯৬৩ চনত মুক্তি পোৱা শ্বামী কাপুৰৰ ছবি ব্লাফমাষ্টাৰৰ । দধিৰ ভাণ্ডৰ আধাৰত নিৰ্মিত এই গীতটি সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । আজিও উপভোগ কৰিব পাৰিব আপুনি এই গীতটি ।

মচ গয়া সুৰ চাৰী নগৰী ৰে

১৯৯২ চনত মুক্তি পোৱা অমিতাভ বচ্চনৰ ছবি খুদ্দাৰৰ মচ গয়া সুৰ চাৰী নগৰী গীতটিতো কৃষ্ণ জন্মাষ্টমীৰ উৎসাহ দেখা পোৱা যায় ।

ৱহ কৃষ্ণা হ্যে

ৱহ কৃষ্ণা হ্যে গীতটি অতি জনপ্ৰিয় ৷ এই হিন্দী ভাষাৰ গীতটিত কণ্ঠদান নিগৰাইছে সুখৱিন্দৰ সিং, এছ শৈলাজা আৰু আয়েশা দৰবাৰে ।

লগতে পঢ়ক: Krishna Janmashtami 2023: কেতিয়াবা বন্ধু, কেতিয়াবা যোদ্ধাৰ ৰূপত ভগৱান কৃষ্ণ, এই ছবিসমূহেৰে উদযাপন কৰক জন্মাষ্টমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.