ETV Bharat / entertainment

Krishna Janmashtami 2023: কেতিয়াবা বন্ধু, কেতিয়াবা যোদ্ধাৰ ৰূপত ভগৱান কৃষ্ণ, এই ছবিসমূহেৰে উদযাপন কৰক জন্মাষ্টমী

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 12:28 PM IST

আজি কৃষ্ণ জন্মাষ্টমী ২০২৩ । এই উৎসৱ সমগ্ৰ বিশ্বতে ধুমধামেৰে পালন কৰা হয় । ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ খেলা-ধূলা দেখুওৱালৈকে ছবি নিৰ্মাতাসকলে তেওঁৰ ওপৰত বহু ছবি নিৰ্মাণ কৰিছে । কিছুমান এনিমেটেড ছবিও নিৰ্মাণ কৰা হৈছে । জন্মাষ্টমী উপলক্ষে চাওক এইসমূহ ছবি ।

Krishna Janmashtami 2023 Movies Depicting Lord Krishna's Life Are Must Watch
কৃষ্ণ জন্মাষ্টমী ২০২৩

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: আজি জন্মাষ্টমী ৷ প্ৰত্যেক বছৰে সমগ্ৰ ভাৰততে শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ উৎসৱ পালন কৰা হয় । ইফালে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰিয় বিষয় হৈ আহিছে আৰু এই চৰিত্ৰটো প্ৰায়ে বিভিন্ন কাহিনীৰ জৰিয়তে পৰ্দাত দেখুৱাই নিৰ্মাতাসকলে । শ্ৰী কৃষ্ণৰ খেলা-ধূলাক চিত্ৰিত কৰি বহু ছবি আৰু ধাৰাবাহিক নিৰ্মাণ কৰা হৈছে । জন্মৰ পৰা মহাভাৰতৰ যুদ্ধলৈকে কৃষ্ণৰ কাহিনীবোৰ অন্তৰ্ভুক্ত কৰা হয় ছবিসমূহত ৷ গতিকে আজি শ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে জানো আহক এনে কিছুমান ছবিৰ বিষয়ে যিসমূহ শ্ৰী কৃষ্ণৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।

কৃষ্ণ সুদামা

১৯৭৬ চনত মুক্তি পোৱা এই ছবিখনৰ কাহিনীত ভগৱান কৃষ্ণৰ শৈশৱৰ বন্ধু সুদামাৰ জীৱন দেখুওৱা হৈছে ৷ সুদামা আছিল এজন দৰিদ্ৰ আৰু বহু বাধা অতিক্ৰম কৰি বন্ধু কৃষ্ণক লগ পায় । এই ছবিখন পৰিচালনা কৰিছিল নিতাই পালিটে । শান্তি স্বৰূপ, গোবিন্দ তেজ, ত্ৰিপুৰা মিশ্ৰই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

শ্ৰী কৃষ্ণ লীলা

এই ছবিখনৰ কাহিনীত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ দুষ্ট মোমায়েক কংস পঠোৱা অসুৰৰ লগত যুঁজি নিজৰ গাঁৱৰ মানুহক ৰক্ষা কৰে । এই ছবিখন ১৯৭১ চনত মুক্তি পাইছিল । শ্ৰী কৃষ্ণ লীলা ছবিখন পৰিচালনা কৰিছিল হোমী ৱাডিয়াই ।

ভগৱান শ্ৰী কৃষ্ণ

এই ছবিখনৰ কাহিনীত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ মাতৃৰ অত্যাচাৰী মোমায়েকক হত্যা কৰা আৰু মহাভাৰত যুদ্ধত তেওঁৰ ভূমিকা দেখুওৱা হৈছে । ১৯৮৫ চনত মুক্তি লাভ কৰিছিল এই ছবিখন ৷ ইয়াৰ পৰিচালনা কৰিছিল ৰামকুমাৰ বহৰাই ।

শ্ৰী কৃষ্ণাৰ্জুন যুদ্ধ

এই ছবিখনৰ কাহিনীত হনুমান জী আৰু কুন্তীপুত্ৰ অৰ্জুনৰ মাজত হোৱা এক মাৰাত্মক যুদ্ধৰ চিত্ৰণ কৰা হৈছে । এই ছবিখন ১৯৭১ চনত মুক্তি পাইছিল । শ্ৰী কৃষ্ণৰ্জুন যুদ্ধ ছবিখন পৰিচালনা কৰিছিল বাবুভাই মিষ্ট্ৰীয়ে । ছবিখনত অভি ভট্টাচাৰ্য, জয়শ্ৰী গাডকাৰ, মহিপাল আৰু জীৱনে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।

কৃষ্ণ কংসক বধ

কৃষ্ণই মথুৰাত পৰিবেশন কৰা খেলৰ আধাৰত নিৰ্মিত এই ছবিখন । ইয়াত তেওঁক ভায়েক বলৰামৰ সৈতে মথুৰালৈ গৈ কংসক হত্যা কৰা দেখুওৱা হৈছে । ভগৱান বিষ্ণুৰ কৃষ্ণ অৱতাৰৰ কাৰণো ছবিখনত উল্লেখ কৰা হৈছে । এই এনিমেটেড ছবিখন ২০০৭ চনত মুক্তি পাইছিল ।

কৃষ্ণ দ্য বাৰ্থ

বাসুদেৱ আৰু দেৱকীৰ পুত্ৰ কৃষ্ণ ৰূপে ভগৱান বিষ্ণুৰ অলৌকিক জন্মৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন । এই ছবিখনত কেনেকৈ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু কংসই তেওঁক কেইবাবাৰো হত্যা কৰিবলৈ চেষ্টা কৰিছিল সকলো দেখুওৱা হয় । ‘কৃষ্ণ দ্য বাৰ্থ’ ছবিখন পৰিচালনা কৰিছে ৰাজীৱ চিলাকাৰে । এই এনিমেটেড ছবিখন ২০০৬ চনত মুক্তি লাভ কৰিছিল ৷

কৃষ্ণ ইন বৃন্দাবন

এই ছবিখনৰ কাহিনীত কৃষ্ণ আৰু তেওঁৰ পৰিয়াল বিপদৰ পৰা হাত সাৰিবলৈ গোকুলৰ পৰা বৃন্দাবনলৈ গুচি যায় । কৃষ্ণই ভাতৃ বলৰামৰ সৈতে কংসই পঠোৱা দুষ্ট অসুৰবোৰক হত্যা কৰে । লগতে কৃষ্ণ আৰু ৰাধাৰ প্ৰেমো ছবিখনত দেখুওৱা হৈছে । ২০০৭ চনত মুক্তি পোৱা এই এনিমেটেডখনৰ পৰিচালনা কৰিছে ৰাজীৱ চিলাকাই ।

কৃষ্ণ বলৰাম-কালবক্ৰ

এই ছবিখনত কংসৰ হত্যাৰ পিচৰ কাহিনী দেখুৱাইছে । ছবিখনত কৃষ্ণ আৰু বলৰামক নিউ এজ ছুপাৰহিৰো হিচাপে দেখুওৱা হৈছে । ছবিখনত দুয়োজন ভাতৃয়ে কলাবক্ৰ নামৰ অসুৰৰ কবলৰ পৰা পৃথিৱীখনক ৰক্ষা কৰা দেখা গৈছে । ২০০৯ চনত মুক্তি পোৱা এইখনো এখন এনিমেটেড ছবি ।

লগতে পঢ়ক: Chandrayaan 3: চন্দ্ৰযান ৩ অৱতৰণৰ পূৰ্বে উপভোগ কৰক তথ্যচিত্ৰ ‘চন্দ্ৰযান ২ - দ্য লেণ্ডিং; জানি লওক এই ছবিখন কোনটো অ’টিটিত চাব পাৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.