ETV Bharat / entertainment

কথিত প্ৰেমিকৰ সৈতে তিৰুমালা ভ্ৰমণ জাহ্নৱী কাপুৰৰ, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 2:15 PM IST

Janhvi Kapoor : বছৰটোৰ আৰম্ভণিতে তিৰুমালা ভ্ৰমণ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ ৷

Janhvi Kapoor, beau Shikhar Phariya visit Tirupati: 'Now 2024 has begun' - watch
তিৰুমালা ভ্ৰমণ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ

চিটাৰা ডেস্ক, ৫ জানুৱাৰী : শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ দৰ্শন কৰিবলৈ অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাত উপস্থিত বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰ । অৱশ্যে শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ দৰ্শন এয়াই প্ৰথম নহয়, বিগত বছৰতো কেইবাবাৰো ইয়ালৈ আহিছিল জাহ্নৱী কাপুৰ । কিন্তু ২০২৪ চনত অভিনেত্ৰীগৰাকীৰ এয়া প্ৰথমটো ভ্ৰমণ ।

উল্লেখ্য যে, প্ৰত্যেকবাৰৰ দৰে এইবাৰো কথিত প্ৰেমিক শিখৰ পাহাৰিয়ানৰ সৈতে মন্দিৰ দৰ্শন কৰে জাহ্নৱী কাপুৰে । মন্দিৰ দৰ্শনৰ সময়ত প্ৰত্যেক বাৰে অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰে পৰম্পৰাগত সাজ-পোছাক ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়, এইবাৰো জাহ্নৱী কাপুৰে দক্ষিণ ভাৰতীয় সাজ পৰিধান কৰি মন্দিৰ দৰ্শন কৰে ।

এই সময়চোৱাত জাহ্নৱী কাপুৰে পৰিধান কৰিছিল ক্ৰীম ৰঙৰ ৰেচমৰ শাৰী আৰু ডিঙিত পৰিধান কৰিছিল দক্ষিণ ভাৰতীয় নেকপিছ । আনহাতে, শিখৰে পৰিধান কৰিছিল বগা ধূতি । শিখৰ পাহাৰিয়ানৰ সৈতে জাহ্নৱী কাপুৰৰ মন্দিৰ দৰ্শনৰ ভিডিঅ’টো ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

একে সময়তে জাহ্নৱী কাপুৰেও নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই সাজযোৰতেই কেইবাখনো ফটো শ্বেয়াৰ কৰিছে জাহ্নৱী কাপুৰে, য’ত অভিনেত্ৰীগৰাকীক ধুনীয়া শাৰী পৰিধান কৰা দেখা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি জাহ্নৱী কাপুৰে লিখিছে- আৰু এতিয়া ২০২৪ বৰ্ষটো ভালকৈ আৰম্ভ হৈছে ।

অভিনেত্ৰীগৰাকীয়ে এইবাৰ দক্ষিণ ছবিজগতত আত্মপ্ৰকাশ কৰিব

উল্লেখ্য যে, দক্ষিণ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰৰ ছবি ‘দেৱৰা’ৰ জৰিয়তে অতি শীঘ্ৰেই দক্ষিণ চিনেমাত আত্মপ্ৰকাশ কৰিব জাহ্নৱী কাপুৰে । বলীউডৰ তাৰকা ছৈফ আলী খানকো তেওঁৰ সৈতে এই ছবিখনত দেখা যাব । কেৱল, জাহ্নৱী কাপুৰেই নহয়, ছৈফ আলী খানেও এই ছবিখনৰ জৰিয়তে দক্ষিণত আত্মপ্ৰকাশ কৰিব ।

লগতে পঢ়ক: যেতিয়া ফোনযোগে পাইছিল মাতৃৰ মৃত্যুৰ খবৰ, কেনে অৱস্থা হৈছিল শ্ৰীদেৱীৰ দুই কন্যাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.