ETV Bharat / entertainment

Kamal Haasan In Project K: প্ৰজেক্ট কেত কমল হাছানৰ প্ৰৱেশ, বহু বছৰ পিচত পুনৰ এবাৰ অমিতাভ বচ্চনৰ সৈতে দেখা যাব কমলক

author img

By

Published : Jun 25, 2023, 1:52 PM IST

It can't get bigger than this! Kamal Haasan joins Project K, watch announcement video
প্ৰজেক্ট কেৰ অংশ হ’ব দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছান

প্ৰজেক্ট কেৰ অংশ হ’ব দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছান । এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হৈছে । এই ছবিখনত পুনৰ এবাৰ একেলগে দেখা পোৱা যাব অমিতাভ বচ্চন আৰু কমল হাছানক ৷

চিটাৰা ডেস্ক, 25 জুন: আদিপুৰুষে লাভ কৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে প্ৰভাসৰ আন এখন ছবি সন্দৰ্ভত পোহৰলৈ আহিছে তথ্য । ছুপাৰষ্টাৰগৰাকীৰ ছবি ‘প্ৰজেক্ট কে’ক লৈ বহুদিনৰে পৰা চৰ্চা চলি আছিল ৷ অৱশেষত ছবিখনৰ সন্দৰ্ভত পোহৰলৈ আহিছে অভিনেতা-অভিনেত্ৰীৰ নাম । নতুন খবৰ অনুসৰি কমল হাছানকো দেখা যাব ছবিখনত । বিগত সময়ত ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা হৈছিল যে ছবিখনত কমল হাছানকো দেখা পোৱা যাব ৷ কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক খবৰ অহা নাছিল ৷ এতিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে যে প্ৰভাসৰ এই বিশাল ছবিখনৰ অংশ হ’ব কমল হাছান ৷

শেহতীয়াকৈ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত কমল হাছানে অভিনয় কৰা চৰিত্ৰসমূহৰ ভিজুৱেল দেখা যায় । লগতে এটা চুটি ভিডিঅ’ৰ সৈতে পৰিচয় দিয়া হৈছে । ইয়াত লিখা আছে-ডাঙৰ খবৰ, অমিতাভ বচ্চন, প্ৰভাস, দীপিকা পাডুকন আৰু দিশা পাটানীৰ পিচত এতিয়া কমল হাছানেও এই ছবিখনত যোগ দিব । নাগ অশ্বিনে পৰিচালনা কৰিব আৰু ব্যজয়ন্তী মুভিজৰ বেনাৰত নিৰ্মাণ হ’ব ছবিখন ।

ইফালে প্ৰডাকচন হাউছ ব্যজয়ন্তী মুভিজে হাছানৰ বিষয়ে নিজৰ অফিচিয়েল টুইটাৰ পেজত ঘোষণা কৰিছে ৷ টুইট কৰি লিখিছে, "শ্ৰেষ্ঠ অভিনেতা উলাগানায়াগানক @ikamalhaasan ক আদৰণি জনাইছো । আমাৰ যাত্ৰা এতিয়া ইউনিভাৰ্চেল হৈ পৰিছে। #ProjectK।"

কিছুদিন পূৰ্বে তথ্য পোহৰলৈ আহিছিল যে ছবি প্ৰজেক্ট কেত কমল হাছানে মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব আৰু ইয়াৰ বাবে মেগাষ্টাৰজনক যথেষ্ট মাচুল দিয়া হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেতাগৰাকীক এই ছবিখনৰ বাবে ১৫০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু এই খবৰৰ কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই নিৰ্মাতাসকলে । বৰ্তমান সময়ত ছবিখনত কমল হাছানৰ ভূমিকা কেনেকুৱা হ’ব সেই সন্দৰ্ভত কোনো তথ্যও শ্বেয়াৰ কৰা হোৱা নাই।

বিগ বি-কমল হাছানক পূৰ্বেও একেলগে পৰ্দাত দেখা পোৱা গৈছে

কমল হাছানৰ কথা ক’বলৈ গ’লে তেওঁ অনুৰাগীৰ অন্যতম প্ৰিয় অভিনেতা আৰু তেওঁৰ প্ৰতিভাৰ প্ৰতি সকলো অৱগত । বলীউডৰ বহু ছবিতো কাম কৰিছে অভিনেতাগৰাকীয়ে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে এৰেষ্টেড আৰু খবৰদাৰৰ দৰে ছবিত অভিনয় কৰিছিল । এতিয়া আকৌ এবাৰ বহুদিনৰ মূৰত দুয়োজন অভিনেতাই একেলগে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব । মেগা বাজেটৰ এই ছবিখনে দৰ্শকৰ কেনে সঁহাৰি লাভ কৰে সেয়া মুক্তিৰ পিচত হে দেখা যাব ৷

লগতে পঢ়ক: Karishma Kapoor Birthday: ৯০ৰ দশকৰ পৰা বলীউডত শাসন কৰা অভিনেত্ৰী কৰিশ্মাৰ বিষয়ে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.