ETV Bharat / entertainment

লতা দিদিৰ পৰা এটা ফোনৰ অপেক্ষাত আশা ভোঁচলে

author img

By

Published : Jun 10, 2022, 2:21 PM IST

Asha Bhosle
লতা মংগেশকাৰ আশা ভোঁচলে

'নাম ৰেহ জায়েগা'ৰ আগন্তুক খণ্ডত লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনাব আশা ভোঁচলেই ৷ খণ্ডটিত কিছু ভাল লগা স্মৃতিও ৰোমন্থণ কৰিব আশাই (Lata Mangeshkar sister) ৷ চলিত বছৰৰ 6 ফেব্ৰুৱাৰীত সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় মাগিছিল লতা মংগেশকাৰে ৷

চিটাৰা ডেস্ক, 10 জুন: কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুৱে অনা শূন্যতা কেতিয়াও আন কোনোৱে পূৰ কৰিব নোৱাৰে ৷ তেওঁৰ ভগ্নী আশা ভোঁচলেৰ জীৱনতো আজি এক বিশাল শূন্যতা (Lata Mangeshkar sister)। 'নাম ৰেহ জায়েগা'ৰ আগন্তুক খণ্ডত আশা ভোঁচলেক লতা দিদিক শ্ৰদ্ধাঞ্জলি জনোৱা দেখা যাব ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ পিছৰ সমস্যাৰ বাবে একাধিক অংগ বিকল হৈ পৰাত 6 ফেব্ৰুৱাৰীত মৃত্যুবৰণ কৰিছিল লতা মংগেশকাৰে ।

অনুষ্ঠানটোত আশা ভোঁচলেই তেওঁৰ মৰমৰ ভগ্নীৰ সৈতে থকা কিছুমান সুন্দৰ স্মৃতি শ্বেয়াৰ কৰিছে ( Asha Bhosle tribute to Lata Mangeshkar) ৷ "লতা দিদিয়ে এবাৰ ক’ৰবাত পঢ়িছিল যে যদি আপুনি আপোনাৰ পিতৃ-মাতৃৰ ভৰি ধুই সেই পানী খায়, আপুনি জীৱনত যথেষ্ট সফল হ'ব । সেয়ে এদিন তেওঁ মোক পানী আনিবলৈ কৈছিল, প্লেট এখন তেওঁ নিজেই আনিছিল আৰু মা-দেউতাৰ ভৰি ধুই সেই পানী আমাক সকলোকে চৰণঅমৃতৰ দৰে খাবলৈ কৈছিল । তেওঁ অনুভৱ কৰিছিল যে সেই পানীয়ৰ সেৱনে আমাক সকলোকে সফল কৰি তুলিব আৰু মই ভাবো ই সঁচাকৈয়ে আমাৰ বাবে কাম কৰিলে," আশা ভোঁচলে কয় ।

আশা ভোঁচলেই জানিবলৈ দিয়ে যে লতা মংগেশকাৰৰ জীৱনত বহুতো উত্থান-পতন ঘটিছিল । তেওঁ প্ৰকাশ কৰিছে যে লতা দিদিয়ে কেতিয়াও একো বিচৰা নাছিল, কেৱল এটা সাধাৰণ জীৱন যাপন কৰিব বিচাৰিছিল । "দিদিয়ে ৮০/- উপাৰ্জন কৰিছিল আৰু সেই টকাৰে আমি আমাৰ ঘৰ চলাইছিলো । আমি ৫ জন লোক আছিলোঁ আৰু আমাৰ বহুতো আত্মীয় প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল । দিদিয়ে কেতিয়াও কাকো না কোৱা নাছিল, তেওঁ ভাগ বতৰাত বিশ্বাস কৰিছিল । আমাৰ কোনো অভিযোগ নাছিল, এইবোৰ কেৱল সুখৰ মুহূৰ্ত আছিল," তেওঁ লগতে কয় যে তেওঁ বিশ্বাস কৰিব পৰা নাই লতা দিদি একেবাৰৰ বাবে গুচি গৈছে । মই এতিয়াও ভাবো মোলৈ লতা দিদিৰ পৰা এটা ফোন আহিব আশা তুমি কেনে আছা এইবুলি" ৷

৮ টা খণ্ডৰ অনুষ্ঠান 'নাম ৰেহ জায়েগা'ত চনু নিগম, অৰিজিত সিং, শংকৰ মহাদেৱন, নীতিন মুকেশ, নীতি মোহন, অলকা য়াগনিক, সাধনা সৰ্গম, উদিত নাৰায়ণ, শ্বান, কুমাৰ চানু, যতীন পণ্ডিত, জাভেদ আলী, ঐশ্বৰ্য মজুমদাৰ, স্নেহা পন্ত, প্যাৰেলাল জী, পলক মুচ্ছল, অন্বেষা আৰু অমিত কুমাৰকে ধৰি ১৮ জন ভাৰতীয় গায়ক গায়িকাই হাত মিলাই একেলগে কিংবদন্তি সংগীত শিল্পী লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটো গজেন্দ্ৰ সিং, চাইবাবা ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালনা কৰা হৈছে ।

লগতে পঢ়ক: শীঘ্ৰে অ'টিটি প্লেটফৰ্মত আত্মপ্ৰকাশ কৰিব 'ভাইৰাছ' খ্যাত বোমান ইৰাণীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.