ETV Bharat / entertainment

একাধিক বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাইছিল হৃত্বিক ৰোশনে ?

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 11:25 AM IST

Hrithik Roshan Birthday Special: Know unknown facts of Hrithik
হৃত্বিক ৰোশনৰ জন্মদিন

Hrithik Roshan Birthday Special: হৃত্বিক ৰোশনে নিজৰ ভিন্ন শৈলীৰে কোটি কোটি অনুৰাগীক অনুপ্ৰাণিত কৰি আহিছে । তেওঁ সদায় নিজকে এজন উৎকৃষ্ট অভিনেতা আৰু নৃত্যশিল্পী হিচাপে প্ৰমাণ কৰি আহিছে । কিন্তু এই পৰ্যায়ত উপনীত হ’বলৈ তেওঁ জীৱনৰ এনে কিছুমান সমস্যা অতিক্ৰম কৰি আহিছে যিটো হয়তো কোনেও কল্পনাও কৰিব নোৱাৰিব ৷ আজি অভিনেতাগৰাকীৰ জন্মদিন ৷ গতিকে তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

চিটাৰা ডেস্ক, ১০ জানুৱাৰী: প্ৰায়ে কোৱা হয় যে চলচ্চিত্ৰ তাৰকাৰ জীৱন অতি সহজ হয় । কাৰণ তেওঁলোকৰ তাত থাকে বহু পৰিমাণে ধন, সেয়েহে যি বিচাৰে তাকে লাভ কৰে৷ কিন্তু কেতিয়াবা সকলো থকাৰ পিচতো তেওঁলোকে এনে কিছুমান সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে তেওঁলোকে নিজকে অসহায় যেৱ অনুভৱ কৰে ৷ ভাগ্যই তেওঁলোকৰ এনেকুৱা পৰীক্ষা লয় যে তেওঁলোকৰ সাহস ভাঙিবলৈ আৰম্ভ কৰে, কিন্তু ভাগ্যৰ প্ৰতিটো সমস্যা অতিক্ৰম কৰি সফলতাৰ শীৰ্ষত উপনীত হোৱাজনেই হৈছে প্ৰকৃত নায়ক ৷ এনে বহু উদাহৰণ বলীউডত নোহোৱা নহয়, তাৰেই এক জ্বলন্ত উদাহৰণ হৈছে বলীউডৰ সুদৰ্শন অভিনেতা হৃত্বিক ৰোশন । যিয়ে সৰুৰে পৰা বহু সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও নিজৰ মনোবলেৰে সকলো সমস্যাক অতিক্ৰম কৰি সফলতাৰ শীৰ্ষত উপনীত হৈছে ।

১৯৭৪ চনৰ ১০ জানুৱাৰীত বলীউডৰ এজন বিখ্যাত অভিনেতা, পৰিচালক আৰু প্ৰযোজক ৰাকেশ ৰোশনৰ ঘৰত জন্মগ্ৰহণ কৰিছিল হৃত্বিক ৰোশন ৷ সৰুৰে পৰাই চৌপাশত চিনেমাৰ পৰিৱেশ দেখিছিল । এনে পৰিস্থিতিত ছবিৰ প্ৰতি তেওঁৰ প্ৰৱণতা জাগি উঠিছিল । অৱশ্যে চলচ্চিত্ৰ পৰিয়ালত জন্ম লোৱাটোৱেই তেওঁৰ কেৰিয়াৰক ডেউকা দিবলৈ যথেষ্ট নাছিল । অভিনেতা হোৱাৰ পূৰ্বে বহু ৰোগত আক্ৰান্ত আছিল হৃত্বিক ৷ তাৰ ভিতৰত অভিনেতা হোৱাৰ পথত বাধাৰ সৃষ্টি কৰিব পৰা ডাঙৰ ৰোগটো আছিল ৰৈ ৰৈ কথা কোৱাৰ সমস্যা ৷ এই সমস্যাৰ লগতে তেওঁৰ জীৱনত উদ্ভৱ হোৱা আন আন সমস্যাবোৰ তেওঁ কেনেকৈ অতিক্ৰম কৰিলে জানো আহক তেওঁৰ ৫০ সংখ্যক জন্মদিনত ।

ৰৈ ৰৈ কথা কোৱাৰ সমস্যা

হৃত্বিক ৰোশনৰ বয়স যেতিয়া ৬ বছৰ আছিল, তেতিয়া তেওঁৰ কথা কোৱাত বহুত সমস্যা হৈছিল । সাধাৰণ ল’ৰা-ছোৱালীৰ দৰে কথা ক’ব পৰা নাছিল তেওঁ, বৰঞ্চ ৰৈ ৰৈ কথা ক’বলগীয়া হৈছিল । খোনা সমস্যাৰ সন্মুখীন হৈছিল । ইয়াৰ বাবেই স্কুলৰ ল’ৰা-ছোৱালীবোৰে প্ৰায়ে তেওঁক ঠাট্টা কৰিছিল । একে সময়তে হৃত্বিকো এই কথাত ইমানেই বিৰক্ত পাইছিল স্কুললৈ যাবলৈ অমান্তি হৈছিল ৷ ল’ৰা-ছোৱালীবোৰে ঠাট্টা কৰাৰ বাবেই স্কুল যোৱাৰ পৰা নিজকে বিৰত ৰাখিব খুজিছিল । অভিনেতাজনে এই কথা নিজেই এটা টক শ্ব’ত প্ৰকাশ কৰিছিল । অৱশ্যে কঠোৰ পৰিশ্ৰমৰ ফলত তেওঁ এই সমস্যাৰ পৰা মুক্তি পালে আৰু এতিয়া তেওঁ এই ৰোগৰ পৰা গোটেই জীৱনৰ বাবে পৰিত্ৰাণ লাভ কৰিছে ।

স্কোলিঅ’ছিছৰ বাবে হৃত্বিক বেড ৰেষ্টত আছিল

হৃত্বিক যেতিয়া ২১ বছৰীয়া হৈছিল, তেতিয়া তেওঁ স্কোলিঅ’ছিছ নামৰ ৰোগত আক্ৰান্ত হৈছিল । এই ৰোগত মেৰুদণ্ড S বা C আকৃতিলৈ বেঁকা হ’বলৈ আৰম্ভ কৰে । এই ৰোগৰ বাবে অভিনেতাজনে এবছৰ বিচনাত জিৰণি লৈ থাকিবলগীয়া হৈছিল । কোৱা হয় যে চিকিৎসাৰ সময়ত চিকিৎসকে আনকি হৃত্বিক আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিব বুলিও কৈছিল । অৱশ্যে এই ৰোগতো হাৰ মনা নাছিল অভিনেতাগৰাকীয়ে আৰু নিজৰ ইচ্ছাশক্তিৰ বলত তেওঁ এই ভয়াৱহ ৰোগকো পৰাজয় কৰিবলৈ সক্ষম হৈছিল ।

ক্ৰনিক চাবডুৰেল হেমাট’মাত আক্ৰান্ত হৈছিল

কেৱল ইমানেই নহয়, স্কোলিঅ’ছিছৰ পিচত ক্ৰনিক ছাবডুৰেল হেমাট’মা নামৰ ৰোগতো আক্ৰান্ত হৈছিল হৃত্বিক । ‘কৃষ ৩’ৰ শ্বুটিংৰ সময়ত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী । যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু ২০১৩ চনত অভিনেতাজনৰ অস্ত্ৰোপচাৰ কৰা হয় । ইয়াৰ পিচত পুনৰ তেওঁৰ এটা সৰু অস্ত্ৰোপচাৰ কৰা হয়, য’ত তেওঁৰ মূৰৰ পৰা তেজৰ গোট আঁতৰাই পেলোৱা হয় । এই ৰোগকো পৰাস্ত কৰি হৃত্বিক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে ।

আঁঠুৰ বিষতো আক্ৰান্ত আছিল অভিনেতাগৰাকী

‘যোধা আকবৰ’ ছবিখনৰ শ্বুটিঙৰ সময়ত হৃত্বিক আঁঠুৰ বিষত ভুগি আছিল । সেই সময়চোৱাত চিকিৎসকে কৈছিল যে হৃত্বিক আৰু কেতিয়াও ভালদৰে ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰিব । কিন্তু হৃত্বিকে এই ৰোগকো পৰাস্ত কৰিলে আৰু ভৰিৰ ওপৰত থিয় হৈ দেখুৱালে, আনকি চিনেমাত বহু একচন আৰু নৃত্যও কৰিও দেখুৱালে ।

হতাশাত ভুগিছিল হৃত্বিক

হৃত্বিকৰ বিষয়ে কোৱা হয় যে তেওঁৰ জীৱনত এটা মুহূৰ্ত এনেকুৱা আহিছিল যেতিয়া তেওঁ প্ৰায় ডিপ্ৰেছনত ভুগিছিল । সেই সময়চোৱাত অভিনেতাজনৰ ছবিবোৰ ইখনৰ পিচত সিখনকৈ ফ্লপ হ’বলৈ ধৰিছিল । একে সময়তে ব্যক্তিগত জীৱনতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । এফালে পত্নী চুছানে খানে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছিল, আনফালে কংগনা ৰনৌতৰ সৈতে বিবাদ চলি আছিল । এনে পৰিস্থিতিত হৃত্বিক হতাশ হৈ পৰিছিল ৷ অৱশ্যে এই সকলোবোৰ সমস্যাৰ মাজতো নিজকে পৰাজিত হ’বলৈ নিদিলে আৰু তাৰ পিচত সম্পূৰ্ণ সাহসেৰে পুনৰ জীৱনত আগবাঢি়লে ।

লগতে পঢ়ক: ৫০ বছৰীয়া হ’ল ফাৰহান আখতাৰ, শ্বাবানা আজমীয়ে ফটো শ্বেয়াৰ কৰি পুত্ৰৰ বাবে লিখিলে বিশেষ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.