ETV Bharat / entertainment

ফাইটাৰৰ টিজাৰত হৃতিক ৰোশন-দীপিকা পাডুকোনৰ যুটিয়ে হৃদয় জিনিলে দৰ্শকৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:36 PM IST

Fighter teaser out: মুক্তি পালে হৃতিক ৰোশন তথা দীপিকা পাডুকোন অভিনীত ছবি ফাইটাৰৰ প্ৰথম টিজাৰ । টিজাৰটো মুক্তিলাভ কৰাৰ পিছত ছ’চিয়েল মিডিয়াত দৰ্শকে কি ক’লে চাও আহক...

Hrithik Roshan and Deepika Padukone's Fighter teaser out
ফাইটাৰৰ টিজাৰত হৃতিক ৰোশন-দীপিকা পাডুকোনৰ যুটিয়ে হৃদয় জিনিলে দৰ্শকৰ

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ: মুক্তিলাভ কৰিলে বহু প্ৰত্যাশিত ছবি ফাইটাৰৰ টিজাৰ ৷ এই টিজাৰত দেখা গৈছে হৃতিক ৰোশন আৰু দীপিকা পাডুকোনৰ ছিজলিং কেমিষ্ট্ৰী । পোনপ্ৰথমবাৰৰ বাবে একেখন পৰ্দাত দুয়োগৰাকী তাৰকাক দেখা যাব ৷ এই টিজাৰত অভিনেতাসকলক ইউনিফৰ্ম পৰিধান কৰি যুদ্ধ বিমানত উঠি থকা দেখা গৈছে । অৱশ্যে টিজাৰত যুদ্ধ বিমানৰ বাহিৰেও অন্য কাহিনীও লুকাই আছে । টিজাৰটোতেই হৃতিক আৰু দীপিকাই কিছুমান অন্তৰংগ দৃশ্য শ্বেয়াৰ কৰা দেখা গৈছে । যিয়ে অনুৰাগীসকলক ছবিখন চাবলৈ আৰু অধিক আগ্ৰহী কৰি তুলিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

হৃতিক ৰোশন আৰু দীপিকা পাডুকোনৰ যুটিয়ে কৰিলে হৃদয় জয়

টিজাৰৰ দ্বিতীয় খণ্ডত পৰিচালক সিদ্ধাৰ্থ আনন্দে প্ৰকাশ কৰে যে, ছবিখনত এটা গীত থাকিব য’ত হৃতিক আৰু দীপিকাৰ কেমিষ্ট্ৰি প্ৰদৰ্শন কৰা হ’ব । টিজাৰত দেখুওৱা ধৰণে স্নেপশ্বটত হৃতিকে চাৰ্টবিহীনভাৱে মাটিত পৰি থকা দেখা গৈছে, আনহাতে মনোকিনি পৰিধান কৰা দীপিকাক হৃতিকৰ সৈতে খুবেই আকৰ্ষণীয় লাগিছে। এই মুহূৰ্তটোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও টিজাৰত এই কথাও প্ৰকাশ পাইছে যে ছবিখনত এটা ডান্সিং নাম্বাৰ আছে, এটা আৱেগিক অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য আৰু বহুতো ৰহস্য লুকাই আছে এই ছবিখনত । সেয়া যিকি নহওক কিয় এক কথাত ফাইটাৰৰ এই প্ৰথম টিজাৰতে ছবিখনকলৈ দৰ্শকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ৷

খবৰ অনুসৰি সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত এই ছবিখন 3D ৰূপত মুক্তিলাভ কৰিব । সূত্ৰই জনোৱা অনুসৰি, "ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত - ২৫ জানুৱাৰী, ২০২৪ তাৰিখে ফাইটাৰ 2D, 3D আৰু IMAX 3D ত মুক্তিলাভ কৰিব । "হৃতিক ৰোশন অভিনীত ছবিখনৰ একশ্যন দৃশ্যসমূহো এইদৰে ডিজাইন কৰা হৈছে। ছবিখনৰ নিৰ্মাতা জানিবলৈ দিয়ে যে, কেৱল ২ডিতে নহয় থ্ৰীডিতো এক বেলেগ ধৰণৰ আমেজ প্ৰদান কৰিব এই ছবিখনে।

উল্লেখ্য যে, এই ছবিখন ২০২৩ চনৰ অন্যতম ডাঙৰ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। জনাই দিও যে, এই ছবিখনৰ কিছু দৃশ্যৰ শ্বুটিং তেজপুৰতো কৰা হৈছে ৷

লগতে পঢ়ক: অপেক্ষাৰ অন্ত ! তেজপুৰত শ্বুটিং কৰা ফাইটাৰৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.