ETV Bharat / entertainment

অপেক্ষাৰ অন্ত ! তেজপুৰত শ্বুটিং কৰা ফাইটাৰৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 3:04 PM IST

Updated : Dec 7, 2023, 3:14 PM IST

Fighter Teaser: সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত একচন ছবি ফাইটাৰৰ বাবে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এতিয়া ছবিখনৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাই ।

Ready to drop: Sidharth Anand reveals teaser date of Hrithik Roshan, Deepika Padukone starrer
ফাইটাৰৰ টিজাৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ: হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ আগন্তুক একচন ছবি ‘ফাইটাৰ’ক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে । এই ছবিখনৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । অনুৰাগীৰ উত্তেজনা দুগুণ কৰিবলৈ নিৰ্মাতাই শেহতীয়াকৈ ছবিখনৰ পৰা মুকলি কৰিছিল হৃত্বিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ ।

কেতিয়া মুক্তি পাব হৃত্বিক ৰোশনৰ 'ফাইটাৰ'ৰ টিজাৰ ?

এতিয়া ঘোষণা কৰা হৈছে ছবিখনৰ টিজাৰ মুক্তিৰ তাৰিখ । এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে, য’ত কোৱা হৈছে যে ছবিখনৰ টিজাৰ ৮ ডিচেম্বৰত অৰ্থাৎ কাইলৈ ​​শুকুৰবাৰে পুৱা ১১ বজাত মুক্তি পাব । এই ঘোষণাৰ পিচতে অতিশয় উৎসাহিত হৈ পৰিছে অনুৰাগী । এই ছবিখনৰ জৰিয়তে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনক প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত একেলগে দেখা যাব ।

কেতিয়া মুক্তি পাব ফাইটাৰ ?

সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত এই একচন ছবিখনত অনিল কাপুৰকো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । এইখন হৃতিকৰ সৈতে সিদ্ধাৰ্থৰ তৃতীয়খন ছবি হ’ব । ইয়াৰ পূৰ্বে দুয়োগৰাকীয়ে একেলগে ‘ৱাৰ’, ‘বেং বেং’ত কাম কৰিছিল । উল্লেখ্য যে ফাইটাৰ হৈছে হৃত্বিক ৰোশনৰ প্ৰথমখন থ্ৰী ডি ছবি ৷ এই ছবিখন অহা বছৰৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ছবিখনৰ এটা অংশৰ দৃশ্যগ্ৰহণ কৰা হৈছিল অসমতো ৷ অসমৰ তেজপুৰত কিছুদিন পূৰ্বে ছবিখনৰ শ্বুটিং কৰা হৈছিল ৷ শ্বুটিঙৰ বাবে তেজপুৰলৈ আহিছিল অনিল কাপুৰ, হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন ৷ আনকি দীপিকাই শ্বুটিং চলি থকাৰ সময়ত তেজপুৰৰ পৰা এখন ফটোও শ্বেয়াৰ কৰিছিল ৷

লগতে পঢ়ক: তেজপুৰত শ্বুটিং কৰা ফাইটাৰৰ পৰা মুকলি ৬৬ বছৰীয়া অনিল কাপুৰৰ ফাৰ্ষ্ট লুক

Last Updated :Dec 7, 2023, 3:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.