ETV Bharat / entertainment

Jodhaa Akbar movie: জনপ্ৰিয় ছবি যোধা-আকবৰৰ সফলতাৰ পোন্ধৰটা বছৰ

author img

By

Published : Feb 16, 2023, 4:01 PM IST

হৃত্বিক ৰোশন-ঐশ্বৰ্য ৰায় অভিনীত ছবি ‘যোধা আকবৰ’ এ ছবিগৃহত মুক্তি লাভ কৰাৰ 15 টা বছৰ সম্পূৰ্ণ হ’ল (Jodhaa Akbar release date) । ছবিখনৰ মুক্তিৰ ডেৰ দশক সম্পূৰ্ণ হোৱাৰ লগে লগে আৱেগিক হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল । সবিশেষ আগলৈ-

Jodhaa Akbar movie
যোধা-আকবৰ

চিটাৰা ডেস্ক, 16 ফেব্ৰুৱাৰী : ভাৰতৰ ইতিহাসত যোধা-আকবৰৰ প্ৰেম কাহিনী সোণালী আখৰেৰে খোদিত হৈ আছে (Jodhaa Akbar movie) ৷ কিন্তু অনন্য প্ৰেম কাহিনীৰ নিদৰ্শন দিবলৈ সততে লোৱা নাযায় যোধা-আকবৰৰ নাম ৷ সেয়েহে চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰে এই কাহিনীটো দৰ্শকৰ মাজলৈ লৈ যোৱাটো দৰকাৰী বুলি অনুভৱ কৰি যোধা-আকবৰ শীৰ্ষক এখন ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু বহু কষ্ট, ঘাট-প্ৰতিঘাটৰ মাজেৰে 2008 চনৰ 15 ফেব্ৰুৱাৰীত এই ছবিখন দৰ্শকৰ মাজলৈ এৰি দিছিল (Jodhaa Akbar release date) ৷

যোধা-আকবৰ ছবিখনত মুখ্য চৰিত্ৰৰ বাবে হৃত্বিক ৰোশন আৰু ঐশ্বৰ্য ৰায় বচ্চন আশুতোষ গোৱাৰিকাৰৰ প্ৰথম পছন্দ আছিল (Jodhaa Akbar cast) ৷ হৃত্বিক ৰোশন আৰু ঐশ্বৰ্য ৰায় বচ্চন অভিনীত এই ঐতিহাসিক ছবিখনৰ মুক্তিৰ আজি 15 টা বছৰ সম্পূৰ্ণ হ'ল । সফলতাৰে 15 টা বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দত এই ঐতিহাসিক ছবিখনৰ কিছুমান বিশেষ অংশৰ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে । পৰিচালক আশুতোষ গোৱাৰিকাৰকে ধৰি ছবিখনৰ সৈতে জড়িত তাৰকাসকলে ছবিখনৰ কিছু কিছু ভিডিঅ’ তথা ফটো শ্বেয়াৰ কৰিছে ।

আশুতোষ গোৱাৰিকাৰৰ পৰিচালনাত নিৰ্মিত ‘যোধা আকবৰ’ ছবিখন ৰাজপুত ৰাজকুমাৰী এগৰাকীয়ে নিজৰ ৰাজ্যৰ উন্নতিৰ বাবে মোগল সম্ৰাটৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কাহিনীক কেন্দ্ৰ কৰিয়েই আগবাঢ়ে (Jodhaa Akbar movie plot) । ৰাজকুমাৰীগৰাকী নিজৰ চৰ্ত অনুসৰি বিয়া হৈ যায় । পিচলৈ মোগল সম্ৰাটেও নিজৰ মৰম আৰু যত্নৰে ৰাজকুমাৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় । দৰ্শকে এই ছবিখন খুব পছন্দ কৰিছিল যদিও একাংশই অৱশ্যে সমালোচনাও কৰিছিল ৷

ছবিখনৰ 15 বছৰীয়া জয়ন্তী উপলক্ষে আশুতোষে ইনষ্টাগ্ৰামত লিখিছে, "যুগ যুগ যুগ ধৰি যোধা আৰু আকবৰৰ প্ৰেম জিলিকি আহিছে, এজন পুৰুষ আৰু এগৰাকী মহিলা, স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক সন্মান, সহনশীলতা আৰু মুকলি মনৰ প্ৰতীক হিচাপে ৷ আজি আমি গৌৰৱান্বিত যে আমাৰ ছবিখনে নিজৰ যাত্ৰাৰ 15 টা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে (Jodhaa Akbar Completes 15 years) । আমি আনন্দিত হৈ এই দিনটো উদযাপন কৰিছো" ।

‘যোধা আকবৰ’ ৰ পূৰ্বে 2006 চনত ছবিগৃহত মুক্তি পোৱা ‘ধূম 2’ ছবিখনত হৃত্বিক আৰু ঐশ্বৰ্যই একেলগে কাম কৰিছিল । আগন্তুক মাহবোৰত ঐশ্বৰ্য আৰু হৃত্বিকক একেলগে বহু প্ৰজেক্টত দেখিবলৈ পোৱা যাব । হৃত্বিকৰ হাতত দীপিকা পাডুকনৰ বিপৰীতে ‘ফাইটাৰ’ আছে । সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘ফাইটাৰ’ত অক্ষয় ওবেৰয়, কৰণ সিং গ্ৰ’ভাৰ আৰু অনিল কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে আৰু 2024 চনৰ 25 জানুৱাৰীত ছবিগৃহত মুক্তি পাব ।

ছবিখনত প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখা যাব দীপিকা আৰু হৃত্বিকক (hrithik roshan upcoming films) । শেহতীয়াকৈ ছৈফ আলী খান আৰু ৰাধিকা আপ্তেৰ সৈতে ক্ৰাইম থ্ৰিলাৰ ছবি ‘বিক্ৰম ভেধা’ত হৃত্বিকৰ অভিনয়ে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰে । একে সময়তে ‘পি এছ 2’ ত দেখা যাব ঐশ্বৰ্য ৰায়ক (aishwarya rai bachchan news) । ‘পনিয়িন চেলভান’ নামৰ ঐতিহাসিক নাটকখনত জয়ম ৰবি আৰু চিয়ান বিক্ৰম, কীৰ্তি সুৰেশ আদিয়েও অভিনয় কৰিছে । 2022 চনৰ 30 ছেপ্টেম্বৰত মুক্তি পোৱা এই ছবিখন সেই বছৰটোৰ অন্যতম ডাঙৰ হিট গীত হিচাপে পৰিগণিত হয় । (এ এন আই)

লগতে পঢ়ক : Rishab Shetty latest news:কান্তাৰা খ্যাত ঋষভ শেট্টীলৈ ম’ষ্ট প্ৰমিচিং এক্টৰৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.